ETV Bharat / bharat

Bihar Train Accident: অসম অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত, নিহত-৪, আহত অৰ্ধ শতাধিক

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 11:06 PM IST

Updated : Oct 12, 2023, 9:15 AM IST

বিহাৰৰ বক্সাৰত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা । নৰ্থ-ইষ্ট চুপাৰফাষ্ট এক্সপ্ৰেছৰ ২১টাকৈ দবা লাইনচ্যুত ৷ দুৰ্ঘটনাত বৰ্তমানলৈ চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে প্ৰায় ৫০ জন লোক ৷

Bihar Train Accident
অসম অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ বিহাৰত দুৰ্ঘটনাগ্ৰস্ত

নিউজ ডেস্ক, ১১ অক্টোবৰ : বিহাৰৰ বক্সাৰ জিলাৰ ৰঘুনাথপুৰ ষ্টেচনৰ সমীপত বুধবাৰে নিশা নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লৰ ২১টা ডবা ৰেলপথৰ পৰা ওলাই যোৱাৰ ফলত প্ৰায় চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৫০ জন লোক আহত হয় ৷ ১২৫০৬ নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লখন দিল্লীৰ আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা অসমৰ কামাখ্যালৈ গৈ থকা সময়তে নিশা প্ৰায় ২১.৩৫ বজাত ইষ্ট চেণ্ট্ৰেল ৰে’লৱেৰ দনাপুৰ সংমণ্ডলৰ ৰঘুনাথপুৰ ষ্টেচনৰ ওচৰত দুৰ্ঘটনাত পতিত হয় ৷

এই দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পাচতেই ঘটনাস্থলীলৈ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হয় ৷ ৰেলৱেৰ বিষয়াসকলো ঘটনাস্থলীত উপস্থিত হয় ৷ "৪ জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে আৰু উদ্ধাৰ অভিযান চলি আছে । ২১টা ডবা ৰেলপথৰ পৰা ওলাই গৈছে ।" এএনআইক জনায় ইষ্ট চেণ্ট্ৰেল ৰে’লৱেৰ জেনেৰেল মেনেজাৰ তৰুণ প্ৰকাশে । তেওঁ আৰু কয় যে উদ্ধাৰ অভিযান শেষ হোৱাৰ পিছত এই দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত কৰা হ’ব ।

স্থানীয় লোকৰ সহযোগত জিলা প্ৰশাসনে যাত্ৰীসকলক উদ্ধাৰ কৰি আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ গুৰুতৰভাৱে আহতসকলক এইমছ পাটনালৈ প্ৰেৰণ কৰা হৈছে । ইফালে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে X ৰ জৰিয়তে ডবাসমূহ খালী কৰা আৰু উদ্ধাৰ অভিযান সম্পূৰ্ণ হোৱাৰ কথা জানিবলৈ দিয়ে । তেওঁ সকলো ডবা ভালকৈ পৰীক্ষা কৰাৰ আশ্বাস দিয়ে ৷ ইয়াৰ লগতে যাত্ৰীসকলক তেওঁলোকৰ আগন্তুক যাত্ৰাৰ বাবে অতি সোনকালে বিশেষ ৰে'ললৈ স্থানান্তৰ কৰা কথা জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Marriage still pious, spiritual life net: অশীতিপৰ দম্পতীৰ বিবাহ বিচ্ছেদ অস্বীকাৰ সৰ্বোচ্চ ন্য়ায়ালয়ৰ

Last Updated : Oct 12, 2023, 9:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.