ETV Bharat / bharat

ত্ৰিপুৰাত পথ দুৰ্ঘটনা: মুখমন্ত্ৰীৰ ৰেলীৰ পৰা উভতাৰ পথত নিহত 4, আহত 17 - বিপ্লৱ কুমাৰ দেৱ

ত্ৰিপুৰাৰ অমৰপুৰ মহকুমাৰ অন্তৰ্গত লাৰ্কীৰ দোকানত শুকুৰবাৰে দুপৰীয়াৰ ভাগত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ৰেলীৰ পৰা উভতাৰ পথত 4 গৰাকী নিহত হোৱাৰ বিপৰীতে আহত হয় 17 গৰাকী ব্যক্তি ৷

tripura accident
ত্ৰিপুৰাত পথ দুৰ্ঘটনা
author img

By

Published : Mar 26, 2021, 9:35 PM IST

আগৰতলা,26 মাৰ্চ : শুকুৰবাৰে দুপৰীয়াৰ ভাগত ত্ৰিপুৰাৰ অমৰপুৰ মহকুমাৰ অন্তৰ্গত লাৰ্কীৰ দোকানত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত 4 গৰাকী ব্যক্তি নিহত হোৱাৰ বিপৰীতে 17 গৰাকী ব্যক্তি আহত হোৱা বুলি আৰক্ষীয়ে সদৰি কৰে ।

প্ৰাপ্ত তথ্য অনুসৰি, নিহত আৰু আহত কেইগৰাকী বিজেপি দলৰ সমৰ্থক আৰু তেওঁলোকে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে অংশগ্ৰহণ কৰা বিজেপিৰ নিৰ্বাচনী ৰেলীৰ পৰা উভতি আহিছিল ৷ তেওঁলোকে গৈ থকা বাহনখনে অমৰপুৰ-নুতান বজাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে ।

আহতসকলক লগে লগে অমৰপুৰ উপ-বিভাগীয় চিকিৎসালয়লৈ নিয়া হয় । কেইগৰাকীমানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আনহাতে ঘটনাস্থলীতে 4 গৰাকী ব্যক্তি নিহত হয় ৷ আহত 17 গৰাকীৰ ভিতৰত 7 গৰাকীক গোমতী জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু বাকী কেইগৰাকীক অমৰপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেৱে ব্যক্তি 4 গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি গভীৰ সহানুভূতি প্ৰকাশ কৰিছে । আনহাতে আহতসকলৰ দ্ৰুত আৰোগ্যৰ কামনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক : ৰিগিং কৰা ভোট: নিৰ্বাচনী আয়োগক দোষাৰোপ চিপিআইৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.