ETV Bharat / bharat

Manipur Update : ৰাইফলউমেন অৱ আছামৰ নিৰীক্ষণত মণিপুৰ

author img

By

Published : May 15, 2023, 8:17 PM IST

অশান্তজৰ্জৰ মণিপুৰত নিয়োজিত কৰা হৈছে ৰাইফলউমেন অৱ আছাম ৷ যাৰ সহায়ত মণিপুৰৰ স্পৰ্শকাতৰ অঞ্চলসমূহত থকা স্থানীয় লোক, মহিলাসকলক সেৱা আগবঢ়াই আহিছে ৷ আনকি প্ৰয়োজন সাপেক্ষে চিকিৎসাৰ ব্যৱস্থাও কৰিছে বুলি জানিব পৰা গৈছে (Tracker dogs and UAVs use in Manipur)৷

Indo Myanmar Border in Manipur
মণিপুৰত শক্তিশালী ইণ্ট গ্ৰীড স্থাপন
Indo Myanmar Border in Manipur
ৰাইফলউমেন অৱ আছামৰ নিৰিক্ষণত মণিপুৰ

তেজপুৰ, 15 মে’ : ‘‘মণিপুৰত শান্তিৰ বাবে একেলগে’’ (Together for Peace in Manipur) ৰাজ্য চৰকাৰ আৰু সকলো অংশীদাৰৰ সৈতে আলোচনা কৰি সেনাই সকলো সম্প্ৰদায়ৰ সদস্যৰ আশংকা দূৰ কৰিবলৈ নতুন আৰু বিশদ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে (Indo Myanmar Border in Manipur)৷ বিশেষকৈ ইম্ফলৰ বাহিৰৰ সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলসমূহত দখলদাৰীসকলৰ আশংকা দূৰ কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Tracker dogs and UAVs use in Manipur)।

প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে কয় যে মণিপুৰত ‘কষ্টোপাৰ্জিত’ শান্তিৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Hard earned peace in Manipur)৷ অন্যান্য বিষয়ৰ লগতে এক শক্তিশালী ইণ্ট গ্ৰীড স্থাপন কৰা হৈছে বুলি জানিবলৈ দিয়ে কৰ্ণেল ৰাৱটে (Multi agency int grid) ।

128 টাতকৈও অধিক সেনা আৰু অসম ৰাইফলছ গোট (Army and Assam Rifles Columns), মানৱবিহীন বিমান, আৰ পি এ অবিৰতভাৱে এৰিয়া ডমিনেচনত নিয়োজিত হৈ আছে ৷ যাতে সম্পূৰ্ণৰূপে মণিপুৰত স্বাভাৱিক অৱস্থা ঘূৰি আহে । বিগত ৭২ ঘন্টাত ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি চিনাক্ত কৰা সীমান্ত স্পৰ্শকাতৰ অঞ্চলসমূহত উপযুক্তভাৱে সজ্জিত আৰু ৰাইফলউমেন অৱ আছাম ৰাইফলছৰ সৈতে গোট খোৱা দীৰ্ঘদিনীয়া টহলদাৰী এটা বাহিনী প্ৰেৰণ কৰা হৈছে ৷

আছাম ৰাইফলছৰ মহিলা টহলদাৰী দলসমূহে ইতিমধ্যে বিভিন্ন গাঁওসমূহ ভ্ৰমণ কৰি স্থানীয় লোক, মহিলা আৰু ভুক্তভোগী লোকসকলৰ সৈতেও মত বিনিময় কৰে ৷ কেৱল তেওঁলোকৰ সুৰক্ষা দিয়াই নহয় যথাযত প্ৰয়োজনীয় সকলো সহায় আগবঢ়াবলৈ সাজু হৈছে । এই টহলদাৰী দলসমূহে গ্ৰহণ কৰা বহু কাৰ্যকলাপৰ ভিতৰত পেৰামেডিকেলৰ দ্বাৰা ‘ইন চিটু’ চিকিৎসা সাহায্য প্ৰদান কৰা ।

ৰাৱটে জনোৱা মতে, জনগোষ্ঠীসমূহৰ স্থানীয় জনসাধাৰণে স্থায়ী শান্তিৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে ৷ ভাৰত-ম্যানমাৰ সীমান্তত আধিপত্যৰ বাবে ব্যৱহাৰ কৰা কোৱাডকপ্টাৰ, ট্ৰেকাৰ ডগ আৰু ইউএভিও বিদ্ৰোহী গোটসমূহৰ কোনো ধৰণৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ চেষ্টা চলাই থকা হৈছে । তেওঁ লগতে কয় যে 24 ঘণ্টাই টহল দি বিভিন্ন বিদ্ৰোহী গোটসমূহক বাধা দিয়াৰ লগতে সামগ্ৰিক পৰিস্থিতি বুজ ল’বলৈ ইউএভি, কোৱাডকপ্টাৰ আৰু ট্ৰেকাৰ ডগ নিয়োগ কৰা হৈছে ।

আনহাতে, 4 মে’ পৰা মণিপুৰত আৱদ্ধ হৈ থকা 96 জন সাধাৰণ নাগৰিকক 15 মে’ দিনা আছাম ৰাইফলছৰ উদ্যোগত উদ্ধাৰ কৰা হয় বুলি তথ্য লাভ কৰা হৈছে ৷

লগতে পঢ়ক : Violence in Manipur: পৰিস্থিতি বৰ্তমানেও সম্পূৰ্ণৰূপে শান্ত হোৱা নাই মণিপুৰত; প্ৰায় 456 টা কাঢ়ি লোৱা অস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.