নেশ্যনেল ডেস্ক,৫ এপ্ৰিল : মধ্য প্ৰদেশৰ জবলপুৰৰ এগৰাকী শিক্ষকৰ আদৰণীয় পদক্ষেপ । সমগ্ৰ গাঁওখনকে বিদ্যালয়ৰ কোঠালৈ ৰূপান্তৰ কৰিলে শিক্ষকগৰাকীয়ে । গাঁওখনৰ পকী দেৱালবোৰত ছবি অংকন কৰি ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন জ্ঞান দিয়াৰ চেষ্টা শিক্ষকগৰাকীৰ । এনে আদৰণীয় প্ৰচেষ্টাৰ বাবে সমগ্ৰ দেশতে প্ৰশংসাৰ পাত্ৰ হৈছে শিক্ষকগৰাকী (Madhya Pradesh teacher praised across the state)।
শিক্ষকগৰাকীৰ নাম দীনেশ মিশ্ৰা । তেওঁ বিশ্বাস কৰে যে ছবিৰ জৰিয়তে শিক্ষা প্ৰদান কৰিলে কোনো এটা বিষয় শিক্ষাৰ্থীয়ে সোনকালে আয়ত্ব কৰি ল'ব পাৰে । সেয়ে ধৰ্মপুৰা নামৰ গাঁওখনত থকা প্ৰতিখন পকী দেৱালক তেওঁ বিদ্যালয়ৰ ব্লেক বৰ্ডলৈ ৰূপান্তৰিত কৰিছে (Dinesh Mishra turned village walls into black boards)।
পকী দেৱালবোৰত তাত পাঠ্যক্ৰমৰ লগত জড়িত বিভিন্ন ছবি অংকন কৰা হৈছে । যাতে গাঁওখনৰ শিক্ষাৰ্থীসকলে সেইবোৰ চাই সোনকালে শিক্ষা গ্ৰহণ কৰিব পাৰে । গাঁৱৰ যিটো পথলৈ যায় তাতে আপুনি কেৱল ছবিয়ে দেখিব, যিবোৰ কেৱল শিক্ষাৰ্থীৰ পাঠ্যক্ৰমৰ অন্তৰ্গত ।
সাধাৰণতে কোৱা হয় যে চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা অতি দুৰ্বল । অভিযোগ অনুসৰি বিদ্যালয়বোৰত অনুশাসনৰ অভাৱ দেখা যায় আৰু শিক্ষকসকলে শিক্ষাৰ্থীসকলৰ প্ৰতি সম্পূৰ্ণ মনোযোগ নিদিয়ে । কিন্তু, মানুহৰ এই ধাৰণা সলনি কৰিলে ধৰ্মপুৰাৰ দীনেশ মিশ্ৰাই । যিয়ে ধৰ্মপুৰা গাওঁখনৰ দৃশ্যপট সলনি কৰিছে । তেওঁ গাওঁখনৰ প্ৰতিখন দেৱালক শিক্ষাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে । শিক্ষকগৰাকীৰ এনে পদক্ষেপক সকলোৱে প্ৰশংসা কৰাৰ উপৰিও কণ কণ ল'ৰা-ছোৱালীসকলো শিক্ষকজনৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে ।
ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত শিক্ষকগৰাকীয়ে কয় যে কৰ'ণা মহামাৰীৰ সময়ত শিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে গাঁৱৰ বিভিন্ন প্ৰান্তত অস্থায়ী শ্ৰেণীৰ আয়োজন কৰা হৈছিল । কিন্তু সেই শ্ৰেণীবোৰত শিক্ষাৰ্থীসকলৰ সংখ্যা তেনেই কম আছিল । ইয়াৰ মুখ্য কাৰণ আছিল গাঁৱৰ বহুতে পুৱাই কামৰ বাবে ওলাই যায় । তেওঁলোকে নিজৰ সন্তানকো কামৰ বাবে লৈ যায় কিয়নো মহামাৰীয়ে আৰ্থিকভাৱে জুৰুলা কৰিছিল লোকসকলক । এনে পৰিস্থিতিত গাওঁখনৰ শিশুসকল শিক্ষাৰ পৰা বঞ্চিত হোৱাটো বিচৰা নাছিল শিক্ষক দীনেশ মিশ্ৰাই । যাৰ বাবে তেওঁ দেৱালত পাঠ্যক্ৰমৰ অংশ অংকন কৰি গাওঁখনৰ প্ৰতিখন দেৱালক পাঠ্যপুথিলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছিল (Unique step of teacher Dinesh Mishra)।
দীনেশ মিশ্ৰাৰ এনে পদক্ষেপে গৌৰৱান্বিত কৰিছে গাঁওবাসীক । শিক্ষকগৰাকীক লৈ আনন্দিত গাঁওবাসী । ৰাইজৰ মতে যদি দেশৰ সকলো চৰকাৰী বিদ্যালয়ত দীনেশ মিশ্ৰাৰ দৰে শিক্ষক থাকে তেনেহ'লে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা আৰু বেছি উন্নত হ'ব ।
লগতে পঢ়ক :আজিও ৰহস্য, পৰম্পৰা আৰু লোক বিশ্বাসৰ মাজত আৱদ্ধ হিমাচলৰ মালানা গাঁও