ETV Bharat / bharat

22মহীয়া শিশুয়ে অনলাইনত অৰ্ডাৰ কৰিলে ডেৰ লাখ টকাৰ সামগ্ৰী

আপোনাৰ শিশুটিক মোবাইল ব্যৱহাৰৰ ক্ষেত্ৰত অতিমাত্ৰা স্বাধীনতা দিছে নেকি ? কিন্তু এতিয়াৰ পৰা সাৱধান ৷ কিন্তু কিয় ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

toddler-orders-furniture-worth-over-one-lakh-online-by-his-mothers-phone
সাৱধান ! মোবাইলৰ বাবেই আপুনি হেৰুৱাব পাৰে লক্ষাধিক টকা
author img

By

Published : Jan 24, 2022, 12:42 PM IST

নেশ্যনেল ডেস্ক,24 জানুৱাৰী : ‘মোবাইল আৰু শিশু’ এই বিষয়টো সম্প্ৰতি প্ৰায়ে চৰ্চাত থাকে ৷ বৰ্তমান অধিক সংখ্যক শিশুৱেই জন্ম পিছৰ পৰাই হাতত মোবাইল লোৱা দেখা যায় ৷ মোবাইলটো দেখা মাত্ৰেই প্ৰতিটো শিশুৱে মোবাইলটো ধৰিবলৈ হেঁপাহেৰে হাতখন আগবঢ়াই দিয়ে ৷ বৰ্তমানৰ ল'ৰা-ছোৱালীয়ে অন্যান্য যিকোনো খেলৰ সামগ্ৰীতকৈ মোবাইলটোৰ প্ৰতিহে বেছি আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত হয় ৷ পিছে এতিয়াৰ পৰা সাৱধান হওক পিতৃ-মাতৃসকল ! এনেকৈ শিশুৰ হাতত মোবাইল তুলি দিয়াটো আপোনাৰ বাবে কেতিয়াবা হৈ উঠিব পাৰে অধিক হানিকাৰক ৷

শিশুৰ হাতত মোবাইল ফোনটো এৰি দিয়াৰ পৰিনাম স্বৰূপে অলপতে সংঘটিত হৈছে এটি আমোদজনক তথা চিন্তনীয় ঘটনা ৷ এক দম্পতীৰ 22 মহীয়া এটি কণমানি সন্তানে মাকৰ ফোনৰ পৰা অনলাইনযোগে অৰ্ডাৰ কৰিলে 1.5 লাখ টকাৰ আচবাব (Toddler orders furniture from mother’s phone) ।

ইয়াৰ পিছতেই অৰ্ডাৰ অনুসৰি যেতিয়া আচবাবসমূহ তেওঁলোকৰ ঘৰ আহি পাইছিল তেতিয়াহে শিশুটোৰ পিতৃ-মাতৃয়ে গোটেই বিষয়টোৰ সন্দৰ্ভত অৱগত হয় ৷ দৰাচলতে শিশুটোৰ মাতৃ মধুৱে অনলাইন শ্বপিং চাইটটোত এখন কাৰ্ট (সামগ্ৰীৰ তালিকা) তৈয়াৰ কৰিছিল ৷ য’ত 1.4 লাখ টকাৰ বিভিন্ন আচবাবৰ এখন তালিকা আছিল ৷ মধু আৰু প্ৰমোদ কুমাৰ নামৰ দম্পতীটোৰ দুবছৰীয়া পুত্ৰ ঐয়ঙ্কই মবাইলত খেলি থাকোতে ভুলতে তেওঁলোকৰ ঘৰৰ ঠিকনাৰ বিপৰীতে থকা এই কাৰ্টৰ পৰা সকলো আচবাব অৰ্ডাৰ কৰিলে ৷

সেই অনুযায়ী অৰ্ডাৰসমূহ ঘৰ আহি পোৱাৰ পাছতেই মধুৱে অনলাইন শ্বপিং চাইটত থকা কাৰ্টখন চোৱাৰ পিছতহে "উৰহী গছৰ, ওৰ'' ওলাই পৰে ৷ জানিব পৰা মতে, আমেৰিকাবাসী মধু আৰু প্ৰমোদ কুমাৰ নামৰ ভাৰতীয় দম্পতীৰ দুবছৰীয়া পুত্ৰ ঐয়ঙ্কই বিদ্যালয়ত ভৰিয়েই দিয়া নাই ৷

লগতে পঢ়ক : Tripura police destroy cannabis plants: ত্ৰিপুৰাত কেইবালাখ টকাৰ গাঞ্জা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.