ETV Bharat / bharat

Manipur News: 14 জুলাইত মণিপুৰ ভ্ৰমণ কৰিব তৃণমূল কংগ্ৰেছৰ পাঁচজনীয়া প্ৰতিনিধিৰ দলে - পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচন

14 জুলাইত মণিপুৰ পৰিদৰ্শন কৰিব তৃণমূল কংগ্ৰেছে । সোমবাৰে তৃণমূল কংগ্ৰেছে জানিবলৈ দিয়ে এই কথা ৷

TMC to send 5 member fact finding team to Manipur on July 14
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
author img

By

Published : Jul 11, 2023, 9:18 AM IST

নেশ্যনেল ডেস্ক, 11 জুলাই : 14 জুলাইত সংঘাতজৰ্জৰ মণিপুৰ পৰিদৰ্শন কৰিব তৃণমূল কংগ্ৰেছৰ পাঁচজনীয়া দলীয় প্ৰতিনিধি দলে । সোমবাৰে তৃণমূল কংগ্ৰেছে জানিবলৈ দিয়ে এই কথা ৷

উল্লেখ্য যে, 3 মে’ত ৰাজ্যখনত জাতিগত হিংসা সংঘটিত হোৱাৰ পাছতে 120 জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু কেইবাজনো আহত হৈছে । টিএমচিৰ প্ৰতিনিধি দলটোত ৰাজ্যসভাৰ নেতা ডেৰেক অ’ব্ৰাইন, ৰাজ্যসভাৰ সাংসদ ডোলা সেন আৰু সুস্মিতা দেৱ আৰু লোকসভাৰ সাংসদ কাকোলি ঘোষ দস্তিদাৰ আৰু কল্যাণ বেনাৰ্জী থাকিব বুলি জানিবলৈ পৰা গৈছে ।

দলটোৱে এক টুইটযোগে এই কথা জনোৱাৰ লগতে কেন্দ্ৰৰ বিজেপি চৰকাৰকো চোকা ভাষাৰে সমালোচনা কৰে ৷ তৃণমূল কংগ্ৰেছে কেন্দ্ৰ আৰু মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰসমূহৰ "বিভাজনকাৰী" নীতিৰ ফলত জাতিগত সংঘাতৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে । মণিপুৰৰ জনসংখ্যাৰ প্ৰায় 53 শতাংশ মেইটেইসকলে ইম্ফল উপত্যকাত বেছিভাগেই বাস কৰে, আনহাতে নগা আৰু কুকিকে ধৰি জনজাতীয় লোকসকলে অৰ্থাৎ 40 শতাংশ বা ততোধিক লোকে পাহাৰীয়া জিলাখনত বাস কৰে ।

শেহতীয়াকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচি শীৰ্ষ মমতা বেনাৰ্জীয়ে মণিপুৰত বিজেপিয়ে “বিভাজনকাৰী” ৰাজনীতি ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি উত্তৰ-পূবৰ ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ “ব্যৰ্থ” হোৱা বুলি দলটোক সমালোচনা কৰে । বেনাৰ্জীয়ে তেওঁক মণিপুৰ ভ্ৰমণৰ অনুমতি দিবলৈ কেন্দ্ৰলৈ আবেদন জনাইছিল যদিও কোনো উত্তৰ নাপালে বুলি উল্লেখ কৰে ।

আনহাতে, তৃণমূল কংগ্ৰেছে মণিপুৰলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ সিদ্ধান্তৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বংগ বিজেপিয়ে 8 জুলাইত পঞ্চায়ত নিৰ্বাচনৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হোৱা জিলাসমূহলৈ টিএমচিয়ে প্ৰথমে তথ্য অনুসন্ধানকাৰী দল প্ৰেৰণ কৰিব লাগে বুলি কয় ৷ উল্লেখ্য যে, পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত কেইবাটাও হিংসাত্মক ঘটনাই জোকাৰি গৈছিল ৰাজ্যখন ৷ 15 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বেলট বাকচ ভাঙি পেলোৱা, বেলট পেপাৰ জ্বলাই দিয়া কাণ্ডৰ সমান্তৰালভাৱে কেইবাঠাইতো প্ৰতিদ্বন্দ্বী দলৰ ওপৰত বোমা নিক্ষেপ কৰা পৰিলক্ষিত হৈছিল ।

8 জুনত পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাচৰে পৰা ৰাজ্যখনত মৃত্যুৰ সংখ্যাই 30 জন অতিক্ৰম কৰিছে ।

লগতে পঢ়ক : WB Panchayat poll results: 6 শতাধিক বুথত পুনৰ ভোটগ্ৰহণৰ পাচত আজি পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.