ETV Bharat / bharat

তৃণমূল কংগ্ৰেছৰ নেতাক দিন দুপৰতে গুলীয়াই হত্যা

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 8:29 PM IST

TMC Leader killed: তৃণমূল কংগ্ৰেছৰ নেতা সত্যেন চৌধুৰীক দেওবাৰে বিয়লি বেৰহামপুৰত অজ্ঞাত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে ৷ এসময়ত কংগ্ৰেছৰ প্ৰবীণ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ ঘনিষ্ঠ আছিল তেওঁ ৷

TMC Leader killed
তৃণমূল কংগ্ৰেছৰ নেতাক দিন দুপৰতে গুলীয়াই হত্যা

নিউজ ডেস্ক, 7 জানুৱাৰী: মুৰ্ছিদাবাদৰ দলৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা তৃণমূল কংগ্ৰেছৰ নেতা সত্যন চৌধুৰী (65)ক দেওবাৰে বিয়লি প্ৰায় 2 বজাত বেৰহামপুৰত পইণ্ট ব্লেংক ৰেঞ্জৰ পৰা অজ্ঞাত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে ৷ অভিযোগ অনুসৰি আক্ৰমণকাৰীয়ে একেৰাহে তিনিজাঁই গুলীচালনা কৰাৰ পিছত নেতাজন থিতাতে ঢলি পৰে ৷ গুলীচালনাৰ পিছত চৌধুৰীক ততাতৈয়াকৈ মুৰ্ছিদাবাদ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷

যদিও বেৰহামপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, তথাপিও এতিয়ালৈকে ঘটনা সন্দৰ্ভত কোনো অভিযোগ দাখিল কৰা হোৱা নাই ৷ সূত্ৰ অনুসৰি চৌধুৰী এসময়ত কংগ্ৰেছৰ প্ৰবীণ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ ঘনিষ্ঠ আছিল ৷ কিন্তু পিছত তৃণমূল কংগ্ৰেছৰ নেতা মুকুল ৰয়ৰ পক্ষ লৈ টিএমচিত যোগদান কৰি অঞ্চলটোৰ এজন বিশিষ্ট নেতা হিচাপে পৰিচিত হ’বলৈ ধৰে তেওঁ ৷ ৰাজনীতিত থকাৰ উপৰিও তেওঁ এজন প্ৰচাৰকো আছিল ৷ তেওঁৰ কন্যাই লণ্ডনত অধ্যয়ন কৰি থকা বুলি জানিব পৰা গৈছে ৷

প্ৰত্যক্ষদৰ্শীৰ মতে, ভৰতপুৰৰ এটা নিৰ্মীয়মান অট্টালিকাত ঘনিষ্ঠ সহযোগীসকলৰ সৈতে বহি থকা অৱস্থাত তিনিজন অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে মটৰ চাইকেলত আহি তেওঁক গুলীয়াই হত্যা কৰে ৷ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজনৈতিক চাঞ্চল্যৰ সৃষ্টি হয় ৷ বেৰহামপুৰ পৌৰসভাৰ অধ্যক্ষ নৰুগুপাল মুখোপাধ্যায়ে কয় যে চি পি আই (এম) আৰু কংগ্ৰেছ দুয়োটা দলৰ সমৰ্থন লাভ কৰা স্থানীয় অপৰাধীয়ে দিন দুপৰতে চৌধুৰীক হত্যা কৰে ৷

চিপিআই (এম)ৰ মুৰ্ছিদাবাদ জিলা সম্পাদক জমিৰ মোল্লাই হত্যাকাণ্ডৰ বাবে উত্থাপিত অভিযোগ খণ্ডন কৰে ৷ তেওঁ লগতে কয় যে ৰিয়েল এষ্টেট ব্যৱসায়ৰ অংশীদাৰিত্ব সম্পৰ্কীয় এটা বিষয়ৰ বাবেই চৌধুৰীক হত্যা কৰা হৈছে ৷ হত্যাৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই ৷ জিলা আৰক্ষী অধীক্ষক সূৰ্য প্ৰতাপ যাদৱে কয় যে তদন্ত আৰম্ভ কৰা হৈছে আৰু চিচিটিভি ফুটেজৰ সহায়ত আৰক্ষীয়ে দুষ্কৃতিকাৰীৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাইছে ৷

লগতে পঢ়ক: এমএছপি গ্যেৰাণ্টি আইন প্ৰণয়নৰ দাবী ৰাকেশ টিকাইতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.