ETV Bharat / bharat

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ ভাইৰেল ভিডিঅ’ত ন্যায়পালিকাক উপলুঙা কৰাৰ অভিযোগ - তৃণমূল কংগ্ৰেছ

এটা বিশেষ ভিডিঅ’ই তোলপাৰ লগাইছে ত্ৰিপুৰাত ৷ উক্ত ভিডিঅ’টো প্ৰত্যক্ষ কৰাৰ পিছত তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ বিৰুদ্ধে আদালতক অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰে ৷

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ ভাইৰেল ভিডিঅ’ত ন্যায়পালিকাক উপলুঙা কৰাৰ অভিযোগ

author img

By

Published : Sep 27, 2021, 8:38 AM IST

Updated : Sep 27, 2021, 8:54 AM IST

আগৰতলা, 27 ছেপ্তেম্বৰ : তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীয়ে দেওবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ বিৰুদ্ধে ন্যায়পালিকাক উপহাস কৰাৰ অভিযোগ তুলি তীক্ষ্ণ বাক্যবাণ প্ৰয়োগ কৰে ৷ বেনাৰ্জীয়ে বিপ্লৱ দেৱৰ এটা সম্পাদিত ভিডিঅ' পোষ্ট কৰিছিল, য'ত তেওঁ অসামৰিক কৰ্মচাৰীসকলক "আদালতৰ অৱমাননা"ক ভয় নকৰিবলৈ নিৰ্দেশ দিয়া শুনা গৈছিল ৷

"@BjpBiplab সমগ্ৰ দেশৰ বাবে এক অপমানজনক নাম ! তেওঁ নিৰ্লজ্জভাৱে গণতন্ত্ৰক উপহাস কৰে, সন্মানীয় ন্যায়পালিকাক উপহাস কৰাৰ লগতে ইয়াত গুৰুত্ব প্ৰদান নকৰে ৷ উচ্চতম ন্যায়ালয়ে তেওঁৰ মন্তব্যত গুৰুত্ব দিব নেকি, যিয়ে এনেধৰণৰ অসন্মান প্ৰদৰ্শন কৰে বুলিও বেনাৰ্জীয়ে টুইটাৰত প্ৰকাশ কৰে ৷

  • .@BjpBiplab is a DISGRACE to the entire nation!

    He shamelessly mocks Democracy, MOCKS the Hon'ble JUDICIARY and seemingly gets away with it!

    Will the SUPREME COURT take cognizance of his comments that reflect such grave disrespect? pic.twitter.com/0qEAdBQ54r

    — Abhishek Banerjee (@abhishekaitc) September 26, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, ভিডিঅ'টোত দেৱক বিষয়াসকলক কোনো ভয় নোহোৱাকৈ চৰকাৰী আদেশ কাৰ্যকৰী নকৰিবলৈ নিৰ্দেশ দিয়া দেখা গৈছিল ৷

এই ভিডিঅ’ প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰী দেৱে স্পষ্টীকৰণ দিয়ে ৷ তেওঁ কয় যে, বছৰ বছৰ ধৰি বিচাৰাধীন আদালতৰ গোচৰৰ বাবে চৰকাৰী কৰ্মচাৰীসকলৰ পদোন্নতিত বাধা প্ৰদান কৰাটো তেওঁলোকৰ সৈতে কৰা অন্যায়ৰ সমান হ'ব পাৰে ৷

"অচলাৱস্থা সমাধানৰ বাবে কেবিনেটৰ সিদ্ধান্ত ল'ব পাৰি ৷ চৰকাৰে কৰ্মচাৰীসকলক কিমান দিন অপেক্ষা কৰিবলৈ বাধ্য কৰিব ৷ যদি তেওঁলোকে পদোন্নতি অবিহনে অৱসৰ লয়, তেন্তে তেওঁলোক উপযুক্ত পেকেজ গ্ৰহণৰ পৰা বঞ্চিত হ'ব ৷ এই প্ৰণালী মানিলে আদালতৰ অৱমাননা হ'ব পাৰে ৷ এনেকুৱা লাগিছে যেন আদালতৰ অৱমাননা তাত বহি থকা বাঘৰ দৰে ৷ মই ইয়াত বাঘ" বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷

কিন্তু অভিষেক বেনাৰ্জীয়ে পোষ্ট কৰা ভিডিঅ'টোত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ প্ৰকৃত ভাষণৰ কিছু অংশ এডিট কৰা গৈছিল ৷

যদিও তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ বিৰুদ্ধে দেৱৰ কাৰ্যালয়ৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি অহা নাছিল, কিন্তু তেওঁৰ OSD (বিশেষ কৰ্তব্য/মিডিয়া উপদেষ্টাৰ বিষয়া) সঞ্জয় মিশ্ৰই ইয়াৰ বিৰোধিতা কৰিছিল ৷ মিশ্ৰই মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে একপ্ৰকাৰ প্ৰতিবাদ কৰি কৈছিল যে, "আপুনি ভুৱা প্ৰচাৰ প্ৰচাৰ কৰাৰ আগতে সম্পূৰ্ণ ভাষণ শুনিব লাগিব ৷ যিটো আপুনি আপোনাৰ ৰাজনৈতিক গুৰু চিপিএমৰ পৰা শিকিছে ৷ আমি সকলোৱে জানো চৰকাৰী প্ৰতিষ্ঠানবোৰৰ প্ৰতি আপোনাৰ কিমান সন্মান আছে"!

লগতে চাওক: গৰুখুটিৰ ঘটনাৰ আঁৰত জড়িত থকা তৃতীয় পক্ষ কোন ?

Last Updated : Sep 27, 2021, 8:54 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.