ETV Bharat / bharat

টিটিএডিচিৰ উন্নয়নৰ বাবে এবছৰৰ দৰমহা প্ৰদান টিপ্ৰাৰ অধ্যক্ষৰ

author img

By

Published : May 9, 2021, 9:31 AM IST

ত্ৰিপুৰা জনজাতীয় স্বায়ত্ব শাসিত জিলা পৰিষদৰ উন্নয়নৰ বাবে এটা বছৰৰ সম্পূৰ্ণ দৰমহা দান কৰিছে টিপ্ৰা(TIPRA)ৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে ৷

TIPRA chairman donates whole year's salary for TTAADC development
টিটিএডিচিৰ উন্নয়নৰ বাবে নিজৰ এবছৰৰ দৰমহা আগবঢ়ালে টিপ্ৰাৰ অধ্যক্ষই

আগৰতলা,9 মে’: ক’ভিড 19 ৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে ত্ৰিপুৰাৰ জনজাতীয় স্বায়ত্ব শাসিত জিলা পৰিষদৰ উন্নয়নৰ বাবে এটা বছৰৰ সম্পূৰ্ণ দৰমহা দান কৰিছে টিপ্ৰা(TIPRA) ৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে ৷ দেৱবৰ্মনে শনিবাৰে এই কথা ঘোষণা কৰাৰ পিছতে সামাজিক মাধ্যমত তেওঁক যথেষ্ট প্ৰশংসা কৰা হয় ৷

সামাজিক মাধ্যমত এটি ভিডিঅ’ শ্বেয়াৰ কৰি দেৱবৰ্মনে কয়, "এনে এক জটিল সন্ধিক্ষণত যেতিয়া সমগ্ৰ ৰাজ্যৰে পৰা লোকসকলে মোক সহায়ৰ বাবে যোগাযোগ কৰিছে, মই মোৰ দৰমহা উপভোগ কৰাটো উচিত নহ’ব ৷ ত্ৰিপুৰা চৰকাৰে কৰ্মচাৰীসকলৰ দৰমহাৰ ধনৰাশি মোকোলাই দিছে যদিও উন্নয়নমূলক কাম-কাজৰ বাবে প্ৰয়োজনীয় পুঁজি এতিয়াও আমাৰ কাষলৈ অহা নাই ৷ মই মোৰ সম্পূৰ্ণ এটা বছৰৰ দৰমহা ত্ৰিপুৰা জনজাতীয় স্বায়ত্ব শাসিত জিলা পৰিষদৰ উন্নয়নৰ উচৰ্গা কৰিলো" ৷

ইয়াৰ উপৰিও তেওঁ আৰু কয় যে, ত্ৰিপুৰা জনজাতীয় স্বায়ত্ব শাসিত জিলা পৰিষদৰ জনসাধাৰণৰ উন্নয়নৰ বাবে চৰকাৰে এই পৰ্যন্ত কোনো সাহায্য আগবঢ়োৱা নাই ৷ সেয়েহে তেওঁ নিজে এই পদক্ষেপৰ দ্বাৰা লোকসকলক কিছু পৰিমাণে হ’লেও সহায় আগবঢ়াব বিচাৰিছে ৷

লগতে পঢ়ক- কভিড-19ৰ সাহাৰ্যৰ কামত 42 খন বিমান নিয়োগ ভাৰতীয় বায়ু সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.