ETV Bharat / bharat

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী ৩ সন্ত্ৰাসবাদী - নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ চিম্মাৰ অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ । বুধবাৰে এই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হয় ৩টা সন্ত্ৰাসবাদী । এটা সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰে ।

Three militants were killed during an encounter in Kulgam
কুলগামত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী হ'ল ৩ সন্ত্ৰাসবাদী
author img

By

Published : Jul 1, 2021, 6:08 PM IST

নেশ্যনেল ডেস্ক, ১ জুলাই : জম্মু-কাশ্মীৰত অশান্ত পৰিস্থিতি অব্যাহত থকাৰ মাজতে বুধবাৰে কুলগাম জিলাৰ চিম্মাৰ অঞ্চলত 3 টা সন্ত্ৰাসবাদী নিহত হয় । বুধবাৰে আৰক্ষী আৰু সেনাই অঞ্চলটোত যুটীয়াভাৱে অভিযান চলায় । এই অভিযানৰ সময়তে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয় । এই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰ গুলীত ৩ টা সন্ত্ৰাসবাদী ধৰাশায়ী হয় ।

সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ বিষয়ে খবৰ লাভ কৰাৰ পাছতে আৰক্ষী আৰু সেনাই অঞ্চলটোত অভিযান আৰম্ভ কৰে । আৰক্ষীয়ে সন্ত্ৰাসবাদী নিহত হোৱাৰ কথা নিশ্চিত কৰিছে আৰু বৰ্তমানেও অভিযান অব্যাহত আছে ৷ বুধবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীয়াগুলীত এজন সেনা আহত হৈছিল ।

মাজনিশা দাদাল গাঁৱত তালাচী অভিযানৰ সময়ত এই ঘটনা সংঘটিত হয় । আৰক্ষীয়ে জনোৱা মতে, সশস্ত্ৰ সন্দেহজনক লোক থকাৰ তথ্য লাভ কৰাৰ পিছত মঙলবাৰে সন্ধিয়া নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ গাঁও আৰু কাষৰীয়া অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান চলাইছিল । নিৰাপত্তা বাহিনীয়ে অভিযান চলোৱাৰ উমান পোৱাৰ পাছতে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে ।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে যোৱা ২৯ মে'ত কুলগাম জিলাৰ ফ্ৰিচাল অঞ্চলৰ পৰা সন্ত্ৰাসবাদী সংগঠন হিজব-উল-মুজাহিদীন(HM)ৰ এটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছিল । জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰা এক চৰকাৰী বিবৃতি অনুসৰি, যোৱা ২৭ মে'ৰ মাজনিশা কুলগামৰ ফ্ৰিচাল অঞ্চলত সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পাছত কুলগাম আৰক্ষী, ৱান আৰ আৰ (ৰাষ্ট্ৰীয় ৰাইফলছ) আৰু চিআৰপিএফে যুটীয়াভাৱে তালাচী অভিযান চলায় । অভিযানকাৰী দলটোৱে জাকিৰ ভাট নামৰ হিজাব-উল-মুজাহিদীন(HM)ৰ এটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে ।

জানিব পৰা মতে, জাকিৰ ভাটৰ ঘৰ প্ৰকৃততে কুলগামত যদিও যোৱা ৬ বছৰ ধৰি শ্ব'পিয়ান জিলাত বাস কৰি আছে । ধৃত জাকিৰ ভাটৰ পৰা অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদকে ধৰি বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে ৷

লগতে পঢ়ক: বেলাগাভিৰ সেৱা ফাউণ্ডেশ্যন ৱেলফেয়াৰ ট্ৰাষ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.