নিউজ ডেস্ক, ১২ নৱেম্বৰ : তেলেংগানাৰ শাসনাধিষ্ঠিত টিআৰএছ চৰকাৰক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Prime Minister Narendra Modi) । ৰাজ্যখনৰ উন্নয়ন তথা অন্যান্য প্ৰসংগত তেলেংগান চৰকাৰক কটাক্ষ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে তেলেংগানাক সমৃদ্ধি লাভ কৰাবৰ বাবে যিসকলে ক্ষমতালৈ আগবাঢ়ি আহিছে তেওঁলোকেই ৰাজ্যখনক পিছুৱাই লৈ গৈছে (PM Modi lashes out at TRS) ।
তেলেংগানাৰ জনসাধাৰণে আটাইতকৈ বেছি বিশ্বাস কৰা ৰাজনৈতিক দলটোৱেই হৈছে তেলেংগানাৰ প্ৰতি আটাইতকৈ ডাঙৰ বিশ্বাসঘাতকতা কৰা দল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনাধিষ্ঠিত টিআৰএছ চৰকাৰক সমালোচনা কৰি এনেদৰে তীব্ৰ আক্ৰমণ কৰে (Modi attacked TRS government)।
"দুখৰ বিষয় যে তেলেংগানাক সমৃদ্ধি প্ৰদানৰ নামত যিসকলে ক্ষমতালৈ আগবাঢ়ি আহিছিল এতিয়া তেওঁলোকেই ৰাজ্যখনক পিছুৱাই লৈ গৈছে (Telangana KCR govt criticized by Modi)। তেলেংগানাৰ চৰকাৰ আৰু নেতাসকলে সদায় ৰাজ্যখনৰ সামৰ্থ্য আৰু ইয়াৰ জনসাধাৰণৰ প্ৰতিভাৰ প্ৰতি অন্যায় কৰি আহিছে ।" শনিবাৰে তেলেংগানাৰ বেগমপেটত তেলেংগানা চৰকাৰক সমালোচনা কৰি মোদীয়ে এনেদৰে কয় (TRS Government of Telangana) ।
ইয়াৰ বিপৰীতে বিজেপিয়ে তেলেংগানাবাসীৰ যত্ন লয় বুলি দাবী কৰে মোদীয়ে । মোদীৰ দাবী, তেলেংগানাবাসীৰ আশা-আকাংক্ষা বিজেপিয়ে পূৰণ কৰিব আৰু অনাগত দিনত ৰাজ্যখনৰ প্ৰগতিৰ বাবে কাম কৰিব (BJP promises to develop Telangana) । "যেতিয়া অন্ধকাৰ বাঢ়ি যায়, তেনে পৰিস্থিতিতে পদুম ফুলিবলৈ আৰম্ভ কৰে । পুৱা হোৱাৰ ঠিক আগতে তেলেংগানাত পদুম ফুলি থকা দেখা পাব পাৰে ।" প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।