নেচনেল ডেস্ক, 31ডিচেম্বৰ: জম্মু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে জনোৱা অনুসৰি বিগত বৰ্ষৰ তুলনাত এই বছৰ জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদমূলক কাম কাজ যথেষ্ট হ্ৰাস পাইছে ৷ সিঙে জানিবলৈ দিছে যে 2018 আৰু 2019 বৰ্ষৰ তুলনাত এই বছৰ সন্ত্ৰাসবাদ মূলক কাম কাজ উল্লেখনীয়ভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷
জম্মু আৰু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে 2020 বৰ্ষত এতিয়ালৈকে 15 গৰাকী আৰক্ষী বিষয়াই ক'ভিড-19 ত আক্ৰান্ত হৈ কৰ্তব্যৰ মাজতে প্ৰাণ হেৰুৱাব লগীয়া হৈছে ৷ 3,500 গৰাকী আৰক্ষী বিষয়া বৰ্তমানলৈকে ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে অধিক সংখ্যকে বৰ্তমান আৰোগ্য লাভ কৰিছে ৷
তেওঁ লগতে কয় যে বিগত তিনি চাৰি বছৰৰ তুলনাত পাকিস্তানৰ অশেষ প্ৰচেষ্টাক প্ৰতিহত কৰি এই বৰ্ষত অনুপ্ৰৱেশৰ ঘটনাও তুলনামূলকভাৱে কম ৷ যাৰ পৰিপ্ৰেক্ষিতত অস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী সৰহবৰাহৰ বাবে তেওঁলোকে স্থানীয় লোকৰ লগতে ড্ৰন ৰ ওপৰত নিৰ্ভৰশীল হ'ব লগীয়া হৈছিল আৰু ইয়াৰ অধিকাংশ প্ৰচেষ্টাই বিফল হৈছিল ৷
সিঙে জানিবলৈ দিয়ে 2019 বৰ্ষৰ তুলনাত তুলনামূলক ভাৱে এই বৰ্ষত সন্ত্ৰাসবাদত যোগদান কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷ অৱশ্যে তেওঁ লগতে এই কথাও উল্লেখ কৰে যে তেওঁলোকৰ 70 শতাংশক গ্ৰেপ্তাৰ নতুবা প্ৰত্যাহাৰ কৰা হৈছে ৷
লগতে পঢ়ক:উত্তৰ প্ৰদেশত চাঞ্চল্য়কৰ হত্য়াকাণ্ড