নেশ্যনেল ডেস্ক,১৯ মাৰ্চ : অ-বিজেপি চৰকাৰসমূহক তীব্ৰ সমালোচনা বিজেপি সাংসদ সাক্ষী মহাৰাজৰ (MP Sakshi Maharaj)। মহাৰাজে অৰবিন্দ কেজৰিৱাল, অখিলেশ যাদৱ আৰু হেমন্ত চোৰেণক বিভিন্ন প্ৰশ্ন কৰে । ঝাৰখণ্ডৰ গিৰিডিহত উপস্থিত হৈ সাংসদগৰাকীয়ে শাসকীয়া হেমন্ত চোৰেণ চৰকাৰক দুৰ্নীতিগ্ৰস্ত বুলি অভিযোগ কৰে । একে সময়তে, উত্তৰ প্ৰদেশত চলি থকা বুলড'জাৰ অভিযান সঠিক বুলিও তেওঁ দাবী কৰে (Bulldozers in UP)।
উল্লেখ্য যে উন্নাওৰ সাংসদ সাক্ষী মহাৰাজে ঝাৰখণ্ডৰ গিৰিডিহৰ শান্তি ভৱনত অনুষ্ঠিত শ্ৰীমদ্ভাগৱত কথাত অংশগ্ৰহণ কৰে (MP Sakshi Maharaj at Giridih)। অনুষ্ঠানৰ পাচতে তেওঁ সাংবাদিকসকলক সম্বোধন কৰে । য'ত তেওঁ কংগ্ৰেছ, আম আদমি পাৰ্টি, সমাজবাদী পাৰ্টিৰ লগতে ঝাৰখণ্ড চৰকাৰক তীব্ৰ সমালোচনা কৰে । সাক্ষী মহাৰাজে কয় যে, কেন্দ্ৰত নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰে অধিক ভাল কাম কৰি আছে (Sakshi Maharaj praises UP govt)।
তেওঁ কোৱা মতে অপৰাধীসকলক দমনৰ চিকিৎসা হৈছে আৰক্ষীৰ গুলী আৰু লাঠি । তেওঁৰ মতে উত্তৰ প্ৰদেশতো একেই চিকিৎসা কৰা হৈছে । তেওঁ সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱক "কাপুৰুষ" আখ্যা দিয়ে (MP Sakshi Maharaj slams Akhilesh Yadav)। তেওঁ কয় যে বাবাৰ বুলড'জাৰৰ ভয়ত এছপি গুণ্ডা বাহিনী অখিলেশৰ কোলাত লুকাইছে ।
সাক্ষী মহাৰাজে কংগ্ৰেছক সমালোচনা কৰি কয় যে, দেশখন ভাঙি পেলোৱা কংগ্ৰেছে দেশক একত্ৰিত কৰিবলৈ যাত্ৰা আৰম্ভ কৰে । কংগ্ৰেছ নেতা ৰাহুল গান্ধী বিদেশলৈ যায় আৰু দেশৰ বিৰুদ্ধে কথা কয় । তেওঁলোকৰ এই মনোভাৱ সম্পূৰ্ণৰূপে দেশদ্ৰোহী বুলি উল্লেখ কৰে নেতাগৰাকীয়ে । তেওঁ কয় যে, বিৰোধীয়ে সংসদত বিতৰ্ক কৰিব নিবিচাৰে, কেৱল হুলস্থূল হে কৰে (MP Sakshi Maharaj slams oppositions)।
সাক্ষী মহাৰাজে ঝাৰখণ্ডৰ হেমন্ত চৰকাৰকো প্ৰশ্ন কৰে । দিল্লীৰ কেজৰিৱালৰ ধৰণেই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ দুৰ্নীতিৰ বিষয়েও সমগ্ৰ দেশতে আলোচনা কৰা হৈছে বুলি তেওঁ দাবী কৰে । আনকি ৰাজ্যখনৰ সাধাৰণ লোকে স্বীকাৰ কৰিছে যে, হেমন্তৰ চৰকাৰ কেৱল লুণ্ঠনৰ বাবে গঠন হৈছে ।
সাক্ষী মহাৰাজে দাবী কৰা মতে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি পুনৰ জয়ী হ'ব । বিজেপিয়ে দেশৰ ৩৫০ খনতকৈও অধিক আসন লাভ কৰিব । ঝাৰখণ্ডৰ সকলো আসনে বিজেপিয়ে দখল কৰিব বুলিও তেওঁ দাবী কৰে (Sakshi Maharaj prediction over Lok Sabha election)।
বিজেপি সাংসদ সাক্ষী মহাৰাজে বাগেশ্বৰধাম সৰকাৰৰ হিন্দু ৰাষ্ট্ৰৰ দাবী খাৰিজ কৰি কয় যে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ । সেয়ে ইয়াৰ দাবী কৰাৰ প্ৰয়োজন নাই । তেওঁ কয় যে, দেশৰ স্বাধীনতাৰ যুঁজ হিন্দু আৰু মুছলমানসকলে একেলগে দিছিল । স্বাধীনতাৰ পাচত, জিন্না আৰু তেওঁৰ আদৰ্শই তেওঁলোকৰ ধৰ্ম অনুসৰি এখন পৃথক দেশ লৈছিল । সেই সময়ৰ পৰা ভাৰত এখন হিন্দু ৰাষ্ট্ৰ হৈ পৰিছিল । তেওঁ কয় যে, ইয়াত ৰাম ৰাজ্য আছে, সেয়েহে সকলোৱে মুক্তভাৱে তেওঁলোকৰ ধৰ্ম গ্ৰহণ কৰিছে ।
লগতে পঢ়ক :Foreign education fraud: কানাডাৰ পৰা বিতাৰণ ভুৱা নথি ব্যৱহাৰ কৰা ভাৰতৰ 700 শিক্ষাৰ্থী