নেশ্যনেল ডেস্ক, 7 আগষ্ট : গণশিল্পী গুম্মাদি ভিট্টাল ৰাওৰ শেষ নিশ্বাস ত্যাগ ৷ হায়দৰাবাদৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন অৱস্থাতে দেওবাৰে দেহাৱসান ঘটে গণশিল্পী গড্ডৰৰ ৷ 80 দশকৰ সময়ছোৱাৰ লগতে পৰৱৰ্তী সময়ত জনমুখী গীত-কবিতাৰে গড্ডৰে জনতাৰ কাষ চপা পৰিলক্ষিত হৈছিল ৷
কিছুদিন পূৰ্বে হাৰ্ট এটেকৰ বাবে আমিৰপেটৰ এপ’ল’ স্পেকট্ৰা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গড্ডৰক । গড্ডৰৰ মৃত্যুৰ পিছতে ছেকেন্দ্ৰাবাদৰ ভূদেৱী নগৰত থকা তেওঁৰ বাসগৃহত ভিৰ কৰিছে তেওঁৰ আত্মীয়-স্বজনৰ লগতে সহস্ৰ অনুৰাগীয়ে । তেলেংগানা ৰাজ্য গঠনৰ সময়চোৱাত গড্ডৰে ৰচিত গীত-কবিতাবোৰে আন্দোলনটোত গ্ৰহণ কৰিছিল বিশেষ ভূমিকা ৷
জনতাৰ শিল্পীগৰাকীৰ 'Podustunna Poddu Meeda Nadustunna Kaalama Pooru Telanganama' শীৰ্ষক গীতটি আন্দোলনৰ পৰৱৰ্তী সময়ত তেলেংগানাৰ সফল আন্দোলনৰ গীত হিচাপে বিবেচিত হৈছিল । নক্সালবাদী আন্দোলনৰ সৈতে জীৱনৰ অধিক সময় জড়িত হৈ পৰা জনতাৰ শিল্পীগৰাকী 2010 চনলৈকে এই আন্দোলনত গ্ৰহণ কৰিছিল সক্ৰিয় ভূমিকা ৷ এই আন্দোলনৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত হৈ পৰাৰ সময়তে এটা গুলীয়ে গণশিল্পীগৰাকীৰ মেৰুদণ্ডত আঘাত কৰাত গুৰুতৰভাৱে আহত হৈ পৰে ৷
1987 চনত কাৰাচেন্দুৰ দলিত হত্যাকাণ্ডৰ বিৰুদ্ধে গড্ডৰে অক্লান্তভাৱে যুঁজিছিল লগতে ভুৱা এনকাউণ্টাৰৰ তীব্ৰ বিৰোধিতা কৰিছিল প্ৰয়াত জনতাৰ শিল্পীগৰাকীয়ে । উক্ত সময়চোৱাত অৰ্থাৎ 1997 চনৰ 6 এপ্ৰিলত শিল্পীগৰাকীক হত্যাৰ চেষ্টাও চলোৱা হৈছিল গড্ডাৰক ।
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰকৃত নাম গুম্মাদি ভিট্টাল ৰাও হ’লেও জনমানসত গণশিল্পীগৰাকী পৰিচিত গড্ডৰ হিচাপেহে ৷ 1911 বৰ্ষত পঞ্জাবত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰোধ কৰা গডৰ দলৰ প্ৰতি সন্মান জনায় গণশিল্পীগৰাকীয়ে এই নাম গ্ৰহণ কৰে বুলি জানিব পৰা যায় ৷ যুৱ নেতা ৰাহুল গান্দীৰ লগতে তেলেংগানা বিজেপিৰ সভাপতি জি কিষাণ ৰেজ্জী, টিডিপি প্ৰধান এন চন্দ্ৰবাবু নাইডুকে ধৰি কেইবাগৰাকীও ৰাজনৈতিক নেতাই গণশিল্পীগৰাকীৰ প্ৰয়াণত শোক প্ৰকাশ কৰে ৷
দেওবাৰে মৃত্যুৰ পিচতে গড্ডৰৰ মৃতদেহ তেলেংগানাৰ এল বি ষ্টেডিয়ামলৈ লৈ যোৱা হয় যাতে প্ৰতিজন লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে গণশিল্পীগৰাকীলৈ । 7 আগষ্ট সোমবাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব গণশিল্পী গড্ডৰৰ ।