ETV Bharat / bharat

গেহলটৰ বাবেই ৰাজস্থানত কংগ্ৰেছৰ পৰাজয়; আছুতীয়া সাক্ষাৎকাৰত কংগ্ৰেছ নেতা তীকা ৰাম মীনা

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 1:58 PM IST

'ৰাজস্থানত পৰাজয় গেহলটৰ বাবে হৈছে । তেওঁ হাইকমাণ্ডক অন্ধকাৰত ৰাখিছিল ।" ইটিভি ভাৰতৰ কেৰালা ব্যুৰো চীফৰ সৈতে টেলিফোনিক বাৰ্তালাপত এই কথা কয় কংগ্ৰেছ নেতা তীকা ৰাম মীনাই ।

Teeka Ram Meena on Rajasthan elections 2023
গেহলটৰ বাবেই ৰাজস্থানত কংগ্ৰেছৰ পৰাজয়

নিউজ ডেস্ক, ৫ ডিচেম্বৰ : ৰাজস্থানৰ শেহতীয়া নিৰ্বাচনী ফলাফলক লৈ সোচ্চাৰ হৈছে কংগ্ৰেছ নেতা তীকা ৰাম মীনা । তেওঁ ৰাজস্থান কংগ্ৰেছৰ নেতাসকলৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰে । ৰাজস্থান কংগ্ৰেছৰ ইস্তাহাৰ সমিতিৰ সহ-আহ্বায়ক তথা কেৰালাৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী বিষয়া আৰু কেৰালা কেডাৰৰ প্ৰাক্তন আইএএছ বিষয়া তীকা ৰাম মীনাই কংগ্ৰেছ নেতাসকলক সমালোচনা কৰি কয় যে কংগ্ৰেছে ৰাজস্থানত ক্ষমতাত বৰ্তী থকাৰ এক সোণালী সুযোগ হেৰুৱাইছে । ৰাজস্থানত কংগ্ৰেছৰ পৰাজয়ৰ পৰিপ্ৰেক্ষিতত ইটিভি ভাৰতৰ কেৰালা ব্যুৰো চীফক দিয়া এটা টেলিফোনিক সাক্ষাৎকাৰত তীকা ৰাম মীনাই নিজৰ মনৰ কথা মুকলিকৈ প্ৰকাশ কৰে ।

ৰাজস্থানত কংগ্ৰেছ দল, মুখ্যমন্ত্ৰী অশোক গেহলট বা কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণৰ কোনো বিৰূপ ভাব নাছিল । কংগ্ৰেছে ৰাজ্যখনত ক্ষমতা হেৰুওৱাৰ কাৰণ আছিল গেহলটে দিয়া অগ্ৰাধিকাৰ । তেওঁ কয় । আনহাতে, কংগ্ৰেছৰ বিফলতাৰ কাৰণবোৰ কেনেদৰে মূল্যায়ন কৰিব বুলি সোধাত তেওঁ কয় যে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত কিছু পৰীক্ষা কৰিবলগা আছিল । নতুন লোকসকলক এটা সুযোগ দিব পাৰিলেহেঁতেন ।

নিৰ্বাচনৰ পূৰ্বে এআইচিচিয়ে প্ৰস্তুত কৰা জৰীপ প্ৰতিবেদন অনুসৰি, কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে নহয়, কেইগৰাকীমান মন্ত্ৰী আৰু বিধায়কৰ বিৰুদ্ধেহে জনসাধাৰণৰ বিৰূপ ভাব শক্তিশালী আছিল । হাইকমাণ্ডে প্ৰায় ১৩০ টা সমষ্টি চিনাক্ত কৰিছিল । সেই অনুসৰি তেনে ঠাইবোৰত টিকট বিতৰণ অতি সাৱধানে কৰিবলগা আছিল । যেতিয়া দলৰ নেতৃত্বই বিষয়টো বিতংভাৱে আলোচনা কৰিছিল, গেহলটে হাইকমাণ্ডৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল ।

আনহাতে, হাইকমাণ্ডে শক্তিশালীভাৱে হেঁচা প্ৰয়োগ কৰিছিল আৰু তেওঁক বুজাবলৈ চেষ্টা কৰিছিল যে ক্ষমতা পুনৰ হস্তগত কৰাৰ বাবে এইটো প্ৰয়োজনীয় । কিন্তু গেহলটে সেয়া শুনিবলৈ সাজু নাছিল । অৱশেষত গেহলটে উল্লেখ কৰা মতেই হাইকমাণ্ডে সকলো বিধায়ক আৰু মন্ত্ৰীক আসন প্ৰদান কৰিছিল । হাইকমাণ্ডে গেহলটৰ আশ্বাসক বিশ্বাস কৰিছিল যে তেওঁ সকলোবোৰৰ মোকাবিলা কৰিব । কিন্তু তেওঁ হাইকমাণ্ডক বিপথে পৰিচালিত কৰিছিল । কিয়নো যেতিয়া গেহলটে এই কথাত জোৰ দিছিল, তেতিয়া তাত হাইকমাণ্ডে একো কৰিব পৰা নাছিল ।

কিন্তু তথাপিও হাইকমাণ্ডৰ তেওঁক প্ৰভাৱিত কৰাৰ বাবে কোনো ক্ষমতা নাছিল নেকি ? ইয়াৰ উত্তৰত তেওঁ কয় যে হাইকমাণ্ডেও এইটোক লৈ বিতৰ্ক সৃষ্টি নকৰাৰ সিদ্ধান্ত লৈছিল । কিয়নো এইটো নিৰ্বাচনৰ সময় আছিল । যাৰ বাবে কোনো পৰিৱৰ্তন নকৰাকৈ হাইকমাণ্ডেও অনুমতি দিছিল । জনসাধাৰণৰ তীব্ৰ বিৰূপ ভাব থকা ১৩০ গৰাকী লোকৰ ভিতৰত হাইকমাণ্ডে ৫০ গৰাকীক বাদ দিবলৈ দৃঢ়ভাৱে অনুৰোধ কৰিছিল ।

কিয়নো তেওঁলোক সফল হোৱাৰ কোনো সম্ভাৱনা নাছিল । কিন্তু তেওঁ তাৰ বাবেও সাজু নাছিল । যদি তেওঁ ইয়াৰ বাবে প্ৰস্তুত হ'লহেঁতেন, তেন্তে এই বিফলতা এৰাই চলিব পাৰিলেহেঁতেন । আনহাতে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, শচীন পাইলট আৰু কে চি বেণুগোপাল সকলোৱে ক্ষমতা বৰ্তাই ৰখাৰ আকাংক্ষাৰে গেহলটক সহায় কৰিবলৈ আন্তৰিকতাৰে চেষ্টা কৰিছিল । কিন্তু মূৰকত সেয়া সফল নহ'ল ।

লগতে পঢ়ক :পুনৰ বসুন্ধৰা ৰাজেই হ'ব নেকি ৰাজস্থানৰ মুখ্যমন্ত্ৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.