নেশ্যনেল ডেস্ক,২৩ জুন: নিয়ন্ত্ৰণ ৰেখা তথা LOC(Line of Control) ৰে অনুপ্ৰৱেশৰ ওপৰত নিৰীক্ষণ কৰিবলৈ সেনাই বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰিছে । বিগত ১৫ মাহ ধৰি এই ক্ষেত্ৰত সুক্ষ্ম নিৰীক্ষণৰ বাবে সেনাই যুদ্ধবিৰতি অব্যাহত ৰাখিছে । পাকিস্তানৰ পৰা অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ ১৯৯৯ চনত জম্মু আৰু কাশ্মীৰত LOC ৰ সম্পূৰ্ণ এলেকাত ফ্ৰেন্সিং দিয়া আৰম্ভ কৰিছিল ।
যদিও ফ্ৰেন্সিঙে অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰাত সহায় কৰিছে তথাপিও ফ্ৰেন্সিঙে কাষত স্থাপন কৰা চিচিটিভি কেমেৰা আৰু থাৰ্মেল চেন্সৰৰ দৰে উন্নত প্ৰযুক্তিয়ে কাশ্মীৰলৈ উগ্ৰপন্থীৰ অনুপ্ৰৱেশ ৰোধ কৰাত আৰু অধিক সহায় কৰিছে(Army has installed upgraded technology in LOC) । জানিব পৰা মতে, কুপুৱাৰা জিলাৰ কাৰ্ণা চেক্টৰত সেনাই চামচবাৰী ৰেঞ্জৰ LOC ত কাঁইটীয়া তাঁৰৰ সৈতে চিচিটিভি আৰু থাৰ্মেল চেন্সৰ স্থাপন কৰিছে ।
কেৰান গাঁৱৰ পৰা ৪০ কিঃমিঃ নিলগৰ প্ৰায় ৫৫ কিঃমিঃ দৈৰ্ঘ্যৰ এই অঞ্চলটোৰ নাম 268 Infantry Brigade হিচাপে ৰখা হৈছে । ইয়াৰ উপৰিও মুখ্য কাৰ্যালয়ত সেনাই এটা আধুনিক নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে য'ত চিচিটিভি আৰু চেন্সৰৰ ফুটেজ ডাঙৰ পৰ্দাত নিৰীক্ষণ কৰাৰ সুবিধা আছে । নিয়ন্ত্ৰণ কক্ষৰ নিৰীক্ষণ দলৰ মুৰব্বী তথা মেজৰ ৰেংকৰ বিষয়া দীপক’ৰ কুমাৰ সিঙে জনোৱা মতে উন্নত প্ৰযুক্তিবিদ্যাৰে প্ৰশিক্ষণপ্ৰাপ্ত সেনাৰ জোৱানৰ দ্বাৰা উক্ত নিৰীক্ষণ কক্ষটো পৰিচালনা কৰা হৈছে ।
কেৰান চেক্টৰত পহৰাৰ ব্যৱস্থা উন্নত কৰিবলৈ নিয়ন্ত্ৰণ কক্ষত কম্পিউটাৰ, হটলাইন টেলিফোনৰ সংযোগ স্থাপন কৰা হৈছে । যদিও ভাৰত আৰু পাকিস্তান সেনাৰ মাজত বিদ্যমান যুদ্ধবিৰতিয়ে অনুপ্ৰৱেশ নিয়ন্ত্ৰণত সহায় কৰিছে তথাপিও প্ৰযুক্তিৰ হস্তক্ষেপে অনুপ্ৰৱেশ নিয়ন্ত্ৰণত আৰু অধিক সহায় কৰিব । খণ্ডটোত ব্ৰিগেডৰ নেতৃত্ব দি থকা ব্ৰিগেডিয়াৰ তাপস কুমাৰ মিশ্ৰাই ইটিভি ভাৰতক জনাই যে যদিও উন্নত প্ৰযুক্তি ব্য়ৱস্থাই অনুপ্ৰৱেশ নিয়ন্ত্ৰণত সহায় কৰিছে তথাপিও বৰ্তমানেও LOC ত সৈন্য মোতায়েন অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: 2nd Kamakhya Temple of Assam : অসমৰ ক'ত আছে দ্বিতীয়টো কামাখ্যা মন্দিৰ ?