ETV Bharat / bharat

Oral hygiene for kids: আপোনাৰ শিশুটিৰ মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ কৰাওক এইসমূহ অভ্যাস

author img

By

Published : Feb 21, 2023, 5:34 PM IST

যি সময়ত বয়সস্থ লোকে নিজৰ দাঁতৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰে, তেনে সময়ত শিশুৰ বাবে মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো পিতৃ-মাতৃৰ বাবে এক ডাঙৰ দায়িত্ব । সেইবাবেই তেওঁলোকক মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে আৰম্ভণিৰে শিকোৱাটো অতি প্ৰয়োজনীয় । এই সন্দৰ্ভত অভিভাৱকৰ বাবে কিছুমান টিপছ আগবঢ়োৱা হ'ল ৷

Teach children the habit of oral hygiene from the beginning these tips will help you
আপোনাৰ শিশুটিৰ মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ কৰাওক এইসমূহ অভ্যাস

অভিভাৱক হোৱাটো সহজ কাম নহয় । শিশুৰ সামগ্ৰিক বিকাশৰ বাবে মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰাটো অভিভাৱৰক বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কাম কিয়নো ই সামগ্ৰিক স্বাস্থ্য আৰু সুস্থতাৰ এক অপৰিহাৰ্য অংশ (dental care for 5 year old)। মুখৰ গহ্বৰ, দাঁতৰ গুৰি, আৰু অন্যান্য দাঁতৰ সমস্যা প্ৰতিৰোধ কৰাটোৱেই হৈছে মুখৰ ভাল পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ প্ৰথম পদক্ষেপ (Kids Dental Care)।

বৰ্তমান সময়ত বয়সস্থ লোকে দাঁতৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰে, সেই সময়ত শিশুৰ বাবে মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো এক ডাঙৰ দায়িত্ব (Oral hygiene for kids)। সেইবাবেই তেওঁলোকক মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে আৰম্ভণিৰে পৰা সজাগ কৰাটো প্ৰয়োজনীয় (child dental care tips)।

শিশুৰ বাবে মৌখিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গাইড

১/ আগতীয়াকৈ আৰম্ভ কৰক

শিশুৰ মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস সৰুৰে পৰাই আৰম্ভ কৰিব লাগে (How do you take care of kids teeth?)। পিতৃ-মাতৃয়ে শিশুক খুৱাই দিয়াৰ পিছত পৰিষ্কাৰ ভিজা কাপোৰেৰে শিশুৰ দাঁতকেইটা মচি এই অভ্যাসৰ আৰম্ভ কৰিব পাৰে । যেতিয়া প্ৰথম দাঁতটো ওলায় তেতিয়া কোমল ব্ৰিচল্ডযুক্ত ব্ৰাছ আৰু ফ্ল’ৰাইডযুক্ত টুথপেষ্টেৰে শিশুৰ দাঁত ব্ৰাছ কৰিবলৈ আৰম্ভ কৰিব লাগে । তিনি বছৰৰ তলৰ শিশুৱে সামান্য পৰিমাণৰ টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে, আনহাতে তিনি বছৰৰ ওপৰৰ শিশুৱে মটৰৰ আকাৰৰ পৰিমাণৰ টুথপেষ্ট ব্যৱহাৰ কৰিব দিব লাগে ।

২/ ব্ৰাছ কৰা আৰু ফ্লাছ কৰা

দাঁতৰ প্লেক আঁতৰাবলৈ আৰু ক্ষয় ৰোধ কৰিবলৈ দিনটোত দুবাৰ ব্ৰাছ কৰাটো উচিত । আপোনাৰ শিশুটিক এটা মজাৰ টুথব্ৰাছ আৰু টুথপেষ্ট দি ব্ৰাছ কৰাটো এটা আকৰ্ষণীয় অভ্যাস হিচাপে গঢ়ি তোলক । বৃত্তাকাৰ গতি(Circular Motion) আৰু মৃদু চাপ ব্যৱহাৰ কৰি শিশুটিক দুমিনিটৰ বাবে দাঁত ব্ৰাছ কৰিবলৈ উৎসাহিত কৰক । ফ্লাছিং কৰাটোও মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ এক অপৰিহাৰ্য অংশ, আৰু ইয়াক দুটা দাঁতৰ মাজত কৰিব লাগে । অভিভাৱকে নিজৰ সন্তানক ফ্লাছ কৰাত সহায় কৰিব পাৰে যেতিয়ালৈকে তেওঁলোকে নিজেই কৰিব পৰা হৈ নাযায় (What is the importance of child dental care?)।

৩/ স্বাস্থ্যকৰ খাদ্য

মুখৰ পৰিষ্কাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে স্বাস্থ্যসন্মত খাদ্য খোৱাটো অতি গুৰুত্বপূৰ্ণ । চেনিযুক্ত আৰু ষ্টাৰচযুক্ত খাদ্য পৰিহাৰ কৰক, যিয়ে দাঁতৰ ক্ষয় বৃদ্ধি কৰে । ইয়াৰ পৰিৱৰ্তে শিশুটিক ফল-মূল, শাক-পাচলি আৰু গোটা শস্যৰে সমৃদ্ধ খাদ্য দিব লাগে । প্ৰচুৰ পৰিমাণে পানী খোৱাটোৱেও মুখৰ পৰা খাদ্যৰ কণা আৰু বেক্টেৰিয়া পৰিষ্কাৰ কৰাত সহায় কৰিব পাৰে ।

৪/ নিয়মীয়াকৈ দন্ত চিকিৎসালয় যাওক

মুখৰ স্বাস্থ্য বজাই ৰখাৰ অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ল নিয়মীয়াকৈ দন্ত চিকিৎসকৰ ওচৰলৈ যোৱা । দন্ত চিকিৎসকে দাঁতৰ সমস্যা আগতীয়াকৈ ধৰা পেলাব পাৰে আৰু ইয়াৰ অধিক বেয়া হোৱাৰ পৰা ৰক্ষা কৰিবলৈ চিকিৎসা ব্যৱস্থা কৰিব পাৰে । শিশুসকলক প্ৰতি ছমাহৰ মূৰে মূৰে দন্ত চিকিৎসকৰ ওচৰলৈ লৈ গৈ দন্ত পৰীক্ষা আৰু চাফাই কৰিব লাগে ।

৫/ মাউথগাৰ্ড

ক্ৰীড়া গতিবিধিৰ সময়ত শিশুৰ দাঁত আৰু মুখ সুৰক্ষাৰ বাবে মাউথগাৰ্ড অতি প্ৰয়োজনীয় । ই দাঁতৰ ক্ষয় ৰোধ কৰাত সহায় কৰাৰ লগতে আঘাতৰ সম্ভাৱনাও কম কৰিব পাৰে (How do I take care of my 3 year old teeth)। অভিভাৱকসকলে এইটো নিশ্চিত কৰাটো উচিত যে, তেওঁলোকৰ সন্তানে যিকোনো খেলৰ সময়ত সঠিকভাৱে ফিট কৰা মাউথগাৰ্ডহে যাতে পৰিধান কৰে ।

৬/ বুঢ়া আঙুলি চুহি খোৱাৰ অভ্যাস সীমিত কৰক

দীৰ্ঘদিন ধৰি বুঢ়া আঙুলি চুহিলে মুখ আৰু দাঁতৰ বিকাশত সমস্যা হ’ব পাৰে । দাঁতৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ শিশুৱে তিনি বছৰ বয়সৰ ভিতৰতে এই অভ্যাস ত্যাগ কৰিবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে ।

৭/ উদাহৰণৰ দ্বাৰা শিকাওক

শিশুক উদাহৰণ দি শিকালে সোনকালে শিকে আৰু পিতৃ-মাতৃয়ে নিজেও মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস কৰি সন্তানক একে কাম কৰিবলৈ উৎসাহিত কৰিব পাৰে । ব্ৰাছ কৰা আৰু ফ্লাছ কৰাটো এটা পাৰিবাৰিক গতিবিধি হিচাপে গঢ়ি তোলক আৰু আপোনাৰ ল'ৰা-ছোৱালীৰ মনত চলি থকা প্ৰশ্নৰ উত্তৰ দি এই অভ্যাস গঢ়ি তোলাৰ বাবে আগ্ৰহী কৰি তোলক ।

লগতে পঢ়ক: Egg Benefits: আপুুনি কণী খাই ভাল পাই নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.