ETV Bharat / bharat

টিডিপি শূন্য হ’ল তেলেংগানাৰ বিধানসভা

author img

By

Published : Apr 8, 2021, 12:26 PM IST

Updated : Apr 8, 2021, 2:17 PM IST

তেলেগু দেশম পাৰ্টিৰ বিধায়নী দল আৰু তেলেংগানা ৰাষ্ট্ৰ সমিতি বিধায়নীদলৰ একত্ৰিকৰণ কৰা পাচতে শূন্য হৈ পৰে টিডিপি স্থিতি ৷ টিডিপিৰ দুজনকৈ বিধায়ক মেচা নাগেশ্বৰ ৰাও আৰু চেন্দ্ৰ ভেনকটা বীৰাইয়াই এই সন্দৰ্ভত তেলেংগানা বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰে ৷ সংবিধানৰ দশম অনুসূচীৰ অনুচ্ছেদ 4 ৰ অধীনত টিআৰএছএলপিৰ সৈতে একত্ৰিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিধায়ক দুজনে ৷

তেলেংগানা বিধানসভাত শূন্য হ'ল টিডিপিৰ উপস্থিতি

নিউজ ডেস্ক, 8 এপ্ৰিল: তেলেংগানা বিধানসভাত শূন্য হ'ল তেলেগু দেশম পাৰ্টিৰ স্থিতি ৷ তেলেগু দেশম পাৰ্টিৰ বিধায়নী দল আৰু তেলেংগানা ৰাষ্ট্ৰ সমিতি বিধায়নীদলৰ একত্ৰিকৰণ কৰা পাচতে শূন্য হৈ পৰে টিডিপিৰ স্থিতি ৷

আইনসভাৰ সচিব ড৹ ভি নৰসিংহ চাৰিয়ুলুৱে সদৰি কৰা মতে, টিডিপিৰ দুজনকৈ বিধায়ক মেচা নাগেশ্বৰ ৰাও আৰু চেন্দ্ৰ ভেনকটা বীৰাইয়াই এই সন্দৰ্ভত তেলেংগানা বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰে ৷ সংবিধানৰ দশম অনুসূচীৰ অনুচ্ছেদ 4 ৰ অধীনত টিআৰএছএলপিৰ সৈতে একত্ৰিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিধায়ক দুজনে ৷

এই ভিত্তিতে ভাৰতৰ সংবিধানৰ দশম অনুসূচীৰ অনুচ্ছেদ নং 4 ৰ অধিনত তেলেংগানা দেশম বিধায়িনী দলৰ উক্ত দুই (2) সদস্যক তেলেংগানা ৰাষ্ট্ৰ সমিতি বিধায়িনী দলৰ সৈতে একত্ৰিত কৰা হয় ৷ সেই অনুসৰি তেলেংগানা বিধান সভাৰ সদনত তেলেংগানা ৰাষ্ট্ৰ সমিতি বিধায়িনী দলৰ সদস্যসকলৰ সৈতে টিডিপি দুই বিধায়কক আসন প্ৰদান কৰা হয় ৷

উল্লেখ্য যে, টিআৰএছত যোগদান কৰা পূৰ্বে বিধায়ক দুগৰাকীয়ে বিধান সভা অধ্যক্ষক সাক্ষাৎ কৰা লগতে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক সাক্ষাৎ কৰে আৰু টিআৰএছ বিধায়নী দলত যোগদান কৰা কথা সদৰি কৰে ৷ এই বিষয়ত টিআৰএছৰ নেতৃত্বই ইতিবাচক সঁহাৰি দিয়াৰ লগতে দললৈ স্বাগতম জনায় ৷

উল্লেখ্য যে, ২০১৮ চনৰ নিৰ্বাচনত ১১৯ জনীয়া তেলেংগানা বিধানসভাত টিডিপিয়ে মাত্ৰ দুখন আসন লাভ কৰিছিল। দলটোৱে খাম্মাম জিলাৰ আশ্বৰাওপেটা আৰু সাথুপল্লী বিধানসভা আসনত জয়লাভ কৰিছিল।

লগতে পঢ়ক: লাহোৱালৰ 15 দিনীয়া বিহু কৰ্মশালাৰ সফল সামৰণি

Last Updated : Apr 8, 2021, 2:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.