নিউজ ডেস্ক,7 ছেপ্টেম্বৰ: আফগানিস্তানৰ শাসন দখল কৰাৰ পাছত অহা 11 ছেপ্টেম্বৰ তাৰিখে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে তালিবানে ৷ তালিবানৰ মুখপাত্ৰ জবিউল্লাহ মুজাহিদে এই কথা ব্যক্ত কৰে যে, চৰকাৰ গঠনৰ বাবে স্থিৰ কৰা বা সঠিক দিনটো অতি শীঘ্ৰেই ৰাজহুৱা কৰা হ'ব ৷
15 আগষ্টত আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰাৰ তালিবান সকলে এতিয়ালৈ দুবাৰকৈ চৰকাৰ গঠনৰ প্ৰক্ৰিয়া পিছুৱাবলৈ বাধ্য হৈছে ৷ মুখপাত্ৰ জনে কয় যে, যিহতু সমগ্ৰ বিশ্বই এতিয়া আফগানিস্তানৰ ওপৰত চকু ৰাখিছে সেয়েহে চৰকাৰ গঠনৰ প্ৰক্ৰিয়াটো সুস্থিৰভাৱে সম্পন্ন কৰা হ'ব, যাতে ই আন্তৰ্জাতিক পৰ্যায়ত স্বীকৃত হয় ৷
যোৱা সপ্তাহত তালিবান সকলে ঘোষণা কৰিছিল যে, ছেপ্টেম্বৰৰ 4 তাৰিখে চৰকাৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব ৷ লগতে ইয়াকো কোৱা হৈছিল যে, তালিবানৰ সহকাৰী প্ৰতিষ্ঠাপক মোল্লাহ আব্দুল গানি বাৰাদাৰৰ নেতৃত্বত চৰকাৰ গঠন কৰা হ'ব ৷ কিন্তু সেইয়া হৈ নুঠিল ৷
লগতে পঢ়কঃ KISAN MAHAPANCHAYAT: কৰ্ণালত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা
"চৰকাৰ গঠনৰ বাবে নতুন তাৰিখ আৰু হ'বলগীয়া কেবিনেট সদস্য সকলৰ নাম অহা সপ্তাহত ৰাজহুৱা কৰা হব," তেওঁ কয় ৷
তালিবানী নেতা খালিল হিক্কানীয়ে কয় যে, চৰকাৰ গঠনৰ প্ৰক্ৰিয়াটো দীঘলীয়া হৈছে, কাৰণ তালিবানে সকলোকে সামৰি এক সুস্থ আৰু সামগ্ৰিক চৰকাৰ গঠনৰ বাবে আগ্ৰহী ৷ এই সম্পৰ্কত তেওঁ কয় যে, তালিবানৰ বাহিৰেও আন গোট আৰু ৰাজনৈতিক দলৰ লগত আলোচনা প্ৰক্ৰিয়া অব্যাহত আছে ৷
লগতে পঢ়কঃ পুনৰ গৃহবন্দী হোৱাৰ অভিযোগ মেহবুবা মুফতীৰ
তেওঁ কয় যে, আফগানিস্তানৰ প্ৰাক্তন প্ৰমূখ ৰাজনৈতিক নেতা আৰু জামিয়ত-ই-ইছলামী-আফগানিস্তানৰ মূৰব্বী গুলবুদ্দিন হিকমতিয়াৰক চৰকাৰত অন্তৰ্ভক্ত কৰা হ'ব ৷ হিকমতিয়াৰ হ'ল প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিৰ ভাতৃ, যিয়ে শেহতীয়াকৈ তালিবান সকলৰ প্ৰতি নিজৰ সমৰ্থন আগবঢ়াইছে ৷
লগতে পঢ়কঃ পঞ্জশিৰ দখললৈ অনাৰ দাবী তালিবানৰ