ETV Bharat / bharat

Delhi Minor Rape Case: ‘‘আপোনালোকে কি লুকুৱাবলৈ বিচাৰিছে’’ আৰক্ষীলৈ প্ৰশ্ন দিল্লী মহিলা আয়োগৰ মুৰব্বীৰ - ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ

দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা দিল্লীৰ বন্ধু কন্যাক ধৰ্ষণৰ ঘটনা সন্দৰ্ভত সৰৱ দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱাল ৷ সোমবাৰে বিয়লিৰে পৰা দিল্লী মহিলা আয়োগৰ মুৰব্বীগৰাকীয়ে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ ভুক্তভোগী কিশোৰীগৰাকী ভৰ্তি হৈ থকা দিল্লী চিকিৎসালয়ৰ বাহিৰত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি তেওঁৰ বৈঠকৰ বিৰুদ্ধে আৰক্ষী কিয় বুলি প্ৰশ্ন উত্থাপন কৰিছে আয়োগৰ মুৰব্বী স্বাতী মালিৱালে ।

Swati Maliwal denied meeting with minor rape survivor's mother; continues stir
দিল্লী চিকিৎসালয়ৰ বাহিৰত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে স্বাতী মালিৱালে
author img

By

Published : Aug 22, 2023, 1:51 PM IST

নেশ্যনেল ডেস্ক, 22 আগষ্ট: ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ মুৰব্বীয়ে নাবালক ধৰ্ষণৰ বলি হোৱা মহিলাৰ মাতৃক সাক্ষাৎ কৰিব পাৰে তেন্তে দিল্লী মহিলা আয়োগৰ অধ্যক্ষক আৰক্ষীয়ে কিয় বাধা দিব বুলি প্ৰশ্ন উত্থাপন কৰে আয়োগৰ মুৰব্বী স্বাতী মালিৱালে ৷ ভুক্তভোগী কিশোৰীগৰাকী ভৰ্তি হৈ থকা দিল্লী চিকিৎসালয়ৰ বাহিৰত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে আয়োগৰ মুৰব্বী স্বাতী মালিৱালে । সোমবাৰে দুপৰীয়া 12 বজাৰ পৰা চিকিৎসালয়খনত অনশনত বহা স্বাতী মালিৱালে দিল্লী আৰক্ষীয়ে তেওঁৰ পৰা কি লুকুৱাবলৈ চেষ্টা কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে ৷

"মই চিকিৎসালয়ৰ বাহিৰত বহি ভুক্তভোগী ছোৱালীজনীক বা তাইৰ পৰিয়ালক লগ কৰিবলৈ বহি আছো । ৰাতি চিকিৎসালয়ৰ বাহিৰত শুইছো । ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ আগত ভুক্তভোগীৰ মাকক চিনাকি কৰাই দিব পাৰি, কিন্তু মোক কিয় লগ কৰিবলৈ দিয়া হোৱা নাই ? আপুনি কি লুকুৱাবলৈ চেষ্টা কৰিছে ?" পূৰ্বতে টুইটাৰ নামেৰে জনাজাত ‘X’ সামাজিক মাধ্যমত স্বাতীয়ে এনেদৰে ক্ষোভ ব্যক্ত কৰে ৷ চিকিৎসালয়ৰ চৌহদৰ পৰা তেওঁ নিজৰ এখন ছবিও শ্বেয়াৰ কৰে ।

স্বাতীয়ে আন এটা পোষ্টত কয়, "যদি তেওঁ (স্বাতী মালিৱাল) লগ কৰিবলৈ নাহে, তেন্তে তেওঁলোকে কব যে তেওঁ লগ কৰিবলৈ অহা নাছিল । ৰাজনীতি কৰক, বহুত কৰক । কিন্তু (আমাৰ) ছোৱালীবোৰৰ ওপৰত নহয় !"

ঘটনা সন্দৰ্ভত অভিযুক্ত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উপ-সঞ্চালক প্ৰেমোদয় খাখাক পদৰ পৰা নিলম্বন কৰা হয় । উত্তৰ দিল্লীৰ বুৰাৰীত বাৰে বাৰে দ্বাদশ শ্ৰেণীৰ ছাত্ৰী নাবালিকাগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগত POCSO Act ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে খাখাৰ বিৰুদ্ধে ।

দিল্লী আৰক্ষীৰ সূত্ৰই জনোৱা মতে, প্ৰেমোদয় খাখা আৰু তেওঁৰ পত্নীক জেৰা চলায় থকা হৈছে । ভুক্তভোগীগৰাকীয়ে 2020 চনৰ পৰা 2021 চনৰ ভিতৰত খাখাই পত্নীৰ সহায়ত বাৰে বাৰে তেওঁক ধৰ্ষণ কৰিছিল বুলি অভিযোগ তোলে । উল্লেখ্য যে, ভুক্তভোগীগৰাকী খাখাৰ বন্ধুৰ কন্যা ।

সোমবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে খাখাক নিলম্বনৰ নিৰ্দেশ দিয়া বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰাৰ লগতে মুখ্য সচিবৰ পৰা প্ৰতিবেদন বিচাৰে । "দিল্লীৰ চৰকাৰী বিষয়াজনে ক্ষমতা প্ৰয়োগ কৰিছে বাবেই তেওঁক 10 দিন ধৰি দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাছিল । আমি ইয়ালৈ আহিছো ভুক্তভোগীক লগ কৰিবলৈ কিন্তু আৰক্ষীয়ে আমাক তেনে কৰিবলৈ অনুমতি দিয়া নাই ৷’’ ডিচিডব্লিউৰ মুৰব্বীগৰাকীয়ে অভিযোগ উত্থাপন কৰে ।

উল্লেখ্য যে, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উপ-সঞ্চালক পদৰ এগৰাকী চৰকাৰী বিষয়াৰ বিৰুদ্ধে 16 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তেওঁ পত্নীৰ সৈতে গৰ্ভধাৰণ কৰিবলৈ চেষ্টা কৰিছিল । ইয়াৰ পূৰ্বে মালিৱালে প্ৰশ্ন কৰিছিল, "আমি দিল্লী আৰক্ষীক জাননী জাৰি কৰিছো, তেওঁক এতিয়াও কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই ৷ আমি দিল্লী চৰকাৰকো জাননী জাৰি কৰিছো কাৰণ আমি জানিব বিচাৰো যে তেওঁৰ বিৰুদ্ধে কি অভিযোগ আছে আৰু তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷" আজি অভিযুক্ত প্ৰেমোদয় খাখাক আদালতত হাজিৰ কৰোৱা হ’ব ৷

লগতে পঢ়ক: Lalu prasad slams Modi: স্বাধীনতা দিৱসৰ ভাষণত নিজৰ হতাশা প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ; লালু প্ৰসাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.