নেশ্যনেল ডেস্ক,১৬ মাৰ্চ: শেহতীয়াকৈ পশ্চিমবংগত ৰাজনীতি গৰম হৈ থকা দেখিবলৈ পোৱা গৈছে । তৃণমূল কংগ্ৰেছৰ লগতে বিৰোধী বিজেপি দলেও নিৰ্বাচনৰ বাবে লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ভাৰতীয় জনতা পাৰ্টীয়ে লোকসভা আৰু ৰাজ্যসভাৰ প্ৰভাৱশালী সাংসদসকলক বিধানসভা নিৰ্বাচনৰ প্ৰতিযোগিতাৰ খেলপথাৰত পঠিয়াইছে । শেহতীয়াকৈ ৰাজ্যসভাৰ সাংসদ স্বপন দাসগুপ্তাক বিজেপিয়ে হুগলী জিলাৰ তাৰকেশ্বৰ বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
ইয়াৰ পিছতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । তেওঁৰ ৰাজ্যসভাৰ সদস্য পদৰ বৈধতা সন্দৰ্ভত টিএমচিয়ে বিভিন্ন ধৰণে তেওঁক সমালোচনা কৰা দেখা গৈছে । তৃণমূল কংগ্ৰেছে দাসগুপ্তাৰ প্ৰাৰ্থিত্বক লৈ বিতৰ্ক সৃষ্টি কৰাৰ মাজতে তেওঁ ত্যাগ কৰে ৰাজ্যসভাৰ পদ । ইতিমধ্যে সাংসদ গৰাকীয়ে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে সদনৰ অধ্যক্ষলৈ । অৱশ্যে ইয়াক এতিয়াও গ্ৰহণ কৰা হোৱা নাই । শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ প্ৰশ্নৰ উত্তৰত তেওঁ একো নকওঁ বুলি কৈছিল যদিও এটা কথা নিশ্চিত কৰিছিল যে মনোনয়নৰ আগতে তেওঁ এই বিতৰ্কৰ অৱসান ঘটাব ।
![ৰাজ্যসভাৰ সাংসদৰ পদ ত্যাগ স্বপন দাসগুপ্তাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11027700_suvendu.png)
উল্লেখ্য যে, দাসগুপ্ত সন্দৰ্ভত কেইবাটাও টুইটত টিএমচিৰ সাংসদ মৈয়ত্ৰীয়ে দাবী কৰিছিল যে বিজেপি নেতাই দলৰ প্ৰাৰ্থী হিচাপে আগন্তুক নিৰ্বাচনত মনোনয়ন পূৰণ কৰিলে ৰাজ্যসভাৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰা হ'ব । টিএমচি বহু সাংসদ তথা নেতাই টুইটযোগে সাংসদ স্বপন দাসগুপ্তাক সমালোচনা কৰা দেখা গৈছিল । অৱশ্যে তেওঁক ৰক্ষণাবেক্ষণ দিবলৈও বহু বিজেপি নেতাই তেওঁৰ সমৰ্থনত প্ৰতিক্ৰিয়া কৰিছে । ইফালে এইবোৰ বিতৰ্কৰ মাজতে স্বপন দাসগুপ্তাই অৱশেষত ৰাজ্যসভাৰ সদস্যৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ।
বিজেপিয়ে ৬ এপ্ৰিল আৰু ১০ এপ্ৰিলত তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়াকে ধৰি তিনিজন সাংসদক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । ইফালে ২৯৪ জনীয়া পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচন ২৭ মাৰ্চৰ পৰা আঠটা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু ২৯ এপ্ৰিলত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ২ মে'ত হ'ব ভোট গণনা ।