নতুন দিল্লী,৩ ফেব্ৰুৱাৰী: উচ্চতম ন্যায়ালয়ে বুধবাৰে বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সন্দৰ্ভত চিবিআইয়ে দাখিল কৰিবলগীয়া প্ৰতিবেদনৰ নিৰ্দেশনা সন্দৰ্ভত কৰা আবেদনখন খাৰিজ কৰে ৷
মুখ্য ন্যায়াধীশ এছ এ ব’বডে নেতৃত্বাধীন বিচাৰপীঠে এই আবেদন খাৰিজ কৰি উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ নিৰ্দেশ দিয়ে, য’ত ইতিমধ্যে এই সন্দৰ্ভত আন এক গোচৰ চলি আছে ৷
পুনিত ধাণ্ডাই কৰা এই আবেদনৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে চাৰিমাহ পূৰ্বে চিবিআইক এই গোচৰৰ তদন্তৰ ভাৰ দিছিল ৷ কিন্তু বৰ্তমানলৈকে কোনো তদন্ত আৰম্ভ হোৱা নাছিল ৷
দৰাচলতে চিবিআইৰ তদন্তৰ লেহেমীয়া গতিৰ বাবে আদালতে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ হত্যাৰ দৰে গুৰুত্বপূৰ্ণ অপৰাধৰ ক্ষেত্ৰত ৯০ দিনৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব লাগে ৷ কিন্তু তাৰ পৰিৱৰ্তে চিবিআইয়ে তদন্তৰ গতি লেহেমীয়া কৰিছিল ৷