ETV Bharat / bharat

সুশান্ত সিং ৰাজপুতৰ মৃত্যু : কৰণ জোহৰ আৰু ছলমান খানলৈ আদালতৰ নিৰ্দেশ

মুজফৰপুৰৰ এখন স্থানীয় আদালতে শনিবাৰে ২০২১ চনৰ জানুৱাৰীৰ প্ৰথম সপ্তাহতে বলীউডৰ অভিনেতা ছলমান খান আৰু কৰণ জোহৰক তেওঁলোকৰ আবেদনসমূহ দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

author img

By

Published : Dec 19, 2020, 7:53 PM IST

Sushant Singh Rajput Case: Bihar court orders Salman Khan, Karan Johar to appear
সুশান্ত সিং ৰাজপুতৰ মৃত্যু: কৰণ জোহৰ, ছলমান খানলৈ আদালতৰ নিৰ্দেশ

মুজফৰপুৰ,১৯ ডিচেম্বৰ : বিহাৰৰ মুজফৰপুৰৰ এখন স্থানীয় আদালতে শনিবাৰে ২০২১ চনৰ জানুৱাৰীৰ প্ৰথম সপ্তাহতে বলীউডৰ অভিনেতা ছলমান খান আৰু কৰণ জোহৰক তেওঁলোকৰ আবেদনসমূহ দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি, অভিনেতা ছলমান খানকে ধৰি আন ৭ গৰাকী বলীউডৰ চেলিব্ৰিটি ক্ৰমে কৰণ জোহৰ, সঞ্জয় লীলা ভাঞ্চালী, আদিত্য চোপ্ৰা আৰু একতা কাপুৰক মুজফৰপুৰ জিলা আদালতে সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত আদালতত উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল ৷

বুধবাৰে অধিবক্তাই সঞ্জয় লীলা ভাঞ্চালী, একতা কাপুৰ, ভূষণ কুমাৰ, সাজিদ নাদিৱাদৱালা আৰু দিনেশ বিজয়নৰ হকে আদালতত আবেদন দাখিল কৰে ৷ উক্ত দিনত ছলমান খান আৰু কৰণ জোহৰৰ অধিবক্তা আদালতত উপস্থিত নাছিল ৷

সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত কৰণ জোহৰ, ছলমান খানলৈ আদালতৰ নিৰ্দেশ

সেয়ে আদালতে ২০২১ চনৰ জানুৱাৰীৰ প্ৰথম সপ্তাহতে ছলমান খান আৰু কৰণ জোহৰক আবেদনসমূহ দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ মুজফৰপুৰৰ অধিবক্তা সুধীৰ ওজাৰ গোচৰৰ ভিত্তিত আদালতে বলীউডৰ তাৰকাসকলক আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰে ৷

অধিবক্তাগৰাকীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩০৬, ৫০৪ আৰু ৫০৬ ধাৰাত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাবে বলীউডৰ তাৰকা কেইগৰাকীক দোষী সাব্যস্ত কৰি গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক : বন্দে ভাৰত আঁচনিৰ অধীনত ৩.৯ লক্ষাধিক লোকক সুুবিধা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.