ETV Bharat / bharat

NEET PG Counselling 2021 : বিকল্প কাউঞ্চিলিঙৰ আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Jun 10, 2022, 1:07 PM IST

NEET-PG 2021ৰ ১,৪৫৬ খন খালী আসনৰ বাবে বিকল্প কাউঞ্চিলিঙৰ বাবে এটা পক্ষই আৱেদন কৰিছিল । এই আৱেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে (Supreme Court declines special round of counselling for NEET PG 2021)। বিচাৰপীঠে উল্লেখ কৰা মতে চিকিৎসা শিক্ষাৰ মানদণ্ডৰ সৈতে আপোচ কৰিব নোৱাৰি । সকাহ দিয়াটোৱে চিকিৎসা শিক্ষা আৰু স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে ।

NEET PG Counselling 2021
বিকল্প কাউঞ্চিলিঙৰ আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক,১০ জুন : NEET PG-2021ৰ খালী আসন পূৰণ বা কাউঞ্চিলিং সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গোচৰ অব্যাহত আছে (NEET PG Counselling 2021)। শেহতীয়াকৈ এটা পক্ষই কাউঞ্চিলিঙৰ ক্ষেত্ৰত ১,৪৫৬ খন আসনৰ বাবে বিকল্প ৰাউণ্ডৰ কাউঞ্চিলিং বিচাৰিছে । কিন্তু উচ্চতম ন্যায়ালয়ে NEET PG-2021ত সৰ্বভাৰতীয় কোটাৰ বাবে বিশেষ ৰাউণ্ডৰ পৰামৰ্শ বিচৰা আৱেদনখন খাৰিজ কৰিছে । ন্যায়াধীশ এম আৰ শ্বাহ আৰু অনিৰুদ্ধ বসুৰ বিচাৰপীঠে এই আৱেদন খাৰিজ কৰে (Supreme Court hearing on NEET PG Counselling 2021)।

শুক্ৰবাৰে, এই সন্দৰ্ভত বিচাৰপীঠে কয় যে চিকিৎসা শিক্ষাৰ মানদণ্ডৰ সৈতে আপোচ কৰিব নোৱাৰি । বিচাৰপীঠে লগতে কয় যে সকাহ দিয়াটোৱে চিকিৎসা শিক্ষা আৰু স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে । সেয়েহে এই আৱেদন খাৰিজ কৰা হৈছে ।

ইয়াৰ পূৰ্বে, বৃহস্পতিবাৰে, বিচাৰপীঠে শুনানি গ্ৰহণ কৰাৰ সময়ত কৈছিল যে বিশেষ কাউঞ্চিলিঙৰ এটা সীমা থাকিব লাগে । এয়া প্ৰথমবাৰ হোৱা নাই বহু বছৰ ধৰি আসন খালী হৈয়ে আছে । গোটেই প্ৰক্ৰিয়াটোৰ এটা সীমা থাকিব লাগে । ৮-৯ টা ৰাউণ্ডৰ পাছত মাত্ৰ কেইখনমান খালী আসন পূৰণৰ বাবে তিনি বছৰৰ পাঠ্যক্ৰমত ডেৰ বছৰৰ পিছত নামভৰ্তিয়ে শিক্ষা আৰু মানুহৰ স্বাস্থ্যৰ সৈতে আপোচ কৰিব নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছিল ।

শুনানিৰ সময়ত, আনকি শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰৰ হৈ উপস্থিত থকা অতিৰিক্ত ছলিচিটৰ জেনেৰেল বলবীৰ সিঙক আৱেদনসমূহক প্ৰতিকূল গোচৰ হিচাপে গণ্য নকৰিবলৈও কৈছিল । বিচাৰপীঠে কয় যে এইটো ১,৪০০ খন চিকিৎসা আসনৰ প্ৰশ্ন ।

এইবোৰ হৈছে মাষ্টাৰ্ছ (পিজি) আসন । চৰকাৰেও চিকিৎসক বিচাৰে । চৰকাৰে পিজি চিকিৎসক বিচাৰে । চৰকাৰে চুপাৰ স্পেচিয়েলিটি চিকিৎসকো বিচাৰে । দেশত চিকিৎসকৰ অভাৱ আছে । কিন্তু ১,৪০০ খন আসন কম আসন বুলি ক'ব নোৱাৰি ।

অতিৰিক্ত ছলিচিটৰ জেনেৰেল বলবীৰ সিঙেও এই সন্দৰ্ভত কয় যে শ্ৰেণীসমূহ ইতিমধ্যে ফেব্ৰুৱাৰীত আৰম্ভ হৈছে আৰু এতিয়া ছয়ৰ পৰা আঠ মাহৰ বাবে শ্ৰেণী অনুষ্ঠিত কৰা সম্ভৱ নহয় । তেওঁ কয় যে যদি অধিক কাউঞ্চিলিঙৰ পৰামৰ্শ দিয়া হয়, তেন্তে NEET ২০২২ৰ অধ্যয়নটো প্ৰভাৱ পৰিব । আনহাতে ন্যায়ালয়ৰ নিৰ্দেশক ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদেও আদৰণি জনাইছে ।

২০২১-২২ বৰ্ষৰ NEET-PG পৰীক্ষাত অৱতীৰ্ণ হোৱা আৰু সৰ্বভাৰতীয় কোটা (AIQ) আৰু ৰাজ্যিক কোটা ৰাউণ্ডৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত অৱতীৰ্ণ হোৱা চিকিৎসকসকলে আবেদনখন দাখিল কৰিছিল । আবেদনত কোৱা হৈছিল যে ১৮ এপ্ৰিলত এক জাননীত এমচিচিয়ে ঘোষণা কৰিছিল যে ইউজি কাউঞ্চিলিঙৰ ৩২৩ খন খালী আসন আছে আৰু বিশেষ কাউঞ্চিলিঙৰ ব্যৱস্থা কৰা হ'ব । কিয়নো এই মূল্যৱান আসনবোৰ অপচয় কৰা নহয় । অৱশ্যে, এই বছৰ এই প্ৰক্ৰিয়াটো গ্ৰহণ কৰা হোৱা নাছিল ।

লগতে পঢ়ক :NEET PG-22 পৰীক্ষা স্থগিত ৰখা নহ'ব: উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.