ETV Bharat / bharat

Priyadarshini Patil Suicide case : অষ্ট্ৰেলিয়াত বাস কৰা NRI মহিলাৰ আত্মহত্যাৰ গোচৰ; জি-২০ সন্মিলনত আলোচনাৰ দাবী - প্ৰিয়দৰ্শিনী পাটিলৰ আত্মহত্যা

বহু বছৰ ধৰি অষ্ট্ৰেলিয়াত বাস কৰা NRI মহিলাৰ আত্মহত্যা ৷ মৃত মহিলাগৰাকী হৈছে প্ৰিয়দৰ্শিনী লিংগৰাজ পাটিল ৷ নিজৰ সন্তানক নোপোৱাৰ বাবে আত্মহত্যাৰ পথ বাচি ল’লে প্ৰিয়দৰ্শিনীয়ে ৷ কিয়নো অষ্ট্ৰেলিয়া চৰকাৰে ঘূৰাই নিদিলে তেওঁৰ সন্তানক ৷ সেয়ে এই গোচৰটো জি-২০ সন্মিলনত আলোচনাৰ বাবে দাবী উত্থাপন কৰিছে বিভিন্ন জনে ৷

Priyadarshini Patil Suicide case
NRI মহিলাৰ আত্মহত্যা
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 11:15 AM IST

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : জি-২০ সন্মিলনত অষ্ট্ৰেলিয়াত এগৰাকী অনাবাসী ভাৰতীয় (NRI) মহিলা প্ৰিয়দৰ্শিনী পাটিলৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত আলোচনা কৰাৰ দাবী উত্থাপিত হৈছে । প্ৰিয়দৰ্শিনীৰ পৰিয়াল অষ্ট্ৰেলিয়াৰ চিডনীত বসতি বাস কৰিছিল । ২০ আগষ্টত NRI প্ৰিয়দৰ্শিনী লিংগৰাজ পাটিলে (৪০) বেলাগাভিৰ সাভাদাট্টি তালুকৰ নাভিলুথিৰ্থ জলাশয়ত জঁপিয়াই আত্মহত্যা কৰে । অষ্ট্ৰেলিয়া চৰকাৰৰ জিম্মাত থকা প্ৰিয়াদৰ্শনীৰ সন্তান কেইটাক ঘূৰাই নিদিয়াৰ বাবেই ভাৰতলৈ আহি তেওঁ আত্মহত্যা কৰে ।

চিপিএম নেতা বৃন্দা কাৰাটে জি-২০ সন্মিলনত এই গোচৰটোৰ বিষয়ে আলোচনা কৰিবলৈ দাবী উত্থাপিত কৰিছে । এই গোচৰৰ ফলতে এতিয়া প্ৰবাসী ভাৰতীয় শিশুক সুৰক্ষা দিয়াৰ আন্দোলন আৰম্ভ হৈছে । পশ্চিমীয়া দেশসমূহত শিশুৰ তত্বাৱধানৰ ক্ষেত্ৰত কঠোৰ আইন আছে ৷ ইয়াৰ বাবে প্ৰবাসী ভাৰতীয়ৰ সন্তান বিভিন্ন দেশত থাকে। নিজ নিজ দেশৰ চৰকাৰৰ জিম্মাত থকা শিশুসকলৰ সুৰক্ষাৰ বাবে দিল্লীৰ যন্তৰ মন্তৰৰ সমীপত এক আন্দোলনো ৰূপায়ন কৰা হৈছে ৷

এই আন্দোলনক সমৰ্থন কৰি বৃন্দা কাৰাটে ভিডিঅ' বাৰ্তাযোগে কয়, "প্ৰিয়দৰ্শিনীয়ে আত্মহত্যা কৰিছিল কাৰণ অষ্ট্ৰেলিয়াৰ শাসন ব্যৱস্থাই তেওঁৰ সন্তানক কাঢ়ি লৈ গৈছিল । তেওঁৰ মৃত্যুৰ প্ৰত্যক্ষ সম্পৰ্ক অষ্ট্ৰেলিয়াৰ সংবেদনহীনতা আৰু সাংস্কৃতিকভাৱে পক্ষপাতদুষ্ট শিশু সেৱা ব্যৱস্থাৰ সৈতে । কেৱল অষ্ট্ৰেলিয়াতে নহয়, ই বহু পশ্চিমীয়া দেশ, যিয়ে নিজকে গণতন্ত্ৰ বুলি দাবী কৰে, তেওঁলোকৰ গণতন্ত্ৰ তেওঁলোকৰ নিজৰ ঔপনিৱেশিক মানসিকতাৰ বাহিৰে আন একো নহয়’’ ।

তেওঁ আৰু কয়, "মই ক'ম যে সংস্কৃতিসমূহ বুজি পোৱা বা সংবেদনশীল হোৱাটো সম্ভৱ নহয় । আয়াৰলেণ্ড, ইংলেণ্ড আৰু এতিয়া অষ্ট্ৰেলিয়াত এনে গোচৰ ঘটিছে । আমি জি-২০ সন্মিলনক সুযোগ হিচাপে লৈ চৰকাৰসমূহৰ সৈতে দ্বিপাক্ষিক আলোচনা কৰা উচিত যি সময়ত চৰকাৰসমূহৰ সৈতে আমাৰ দেশত জি-২০ চলি আছে’’।

এই সন্দৰ্ভত ভাষণ দি হুব্বল্লী-ধাৰৱাদ নিগমৰ প্ৰাক্তন মেয়ৰ এৰেছা আঞ্চাতাগেৰীয়ে কয়, "অনাবাসী ভাৰতীয়ক সমস্যাৰ সৃষ্টি কৰা আন্তঃৰাষ্ট্ৰীয় আইনৰ বিৰুদ্ধে আজি দিল্লীৰ যন্তৰ মন্তৰত এক প্ৰতিবাদ সাব্যস্ত কৰা হয় । আমাকো আমন্ত্ৰণ জনোৱা হৈছিল । কিন্তু অনিবাৰ্য কাৰণত মই আৰু প্ৰিয়দৰ্শিনী পাটিলৰ পৰিয়ালৰ সদস্যই অংশগ্ৰহণ কৰিব নোৱাৰিলো । ইতিমধ্যে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী জয়শংকৰৰ সৈতে আলোচনা কৰি পৰিয়ালে দিয়া অনুৰোধ দাখিল কৰা হৈছে’’ ।

প্ৰিয়দৰ্শনীৰ পৰিয়ালৰ সদস্যৰ মতে, ৮ বছৰ পূৰ্বে প্ৰিয়দৰ্শনীৰ পুত্ৰৰ স্বাস্থ্যজনিত সমস্যা হৈছিল । এই পৰিপ্ৰেক্ষিতত তেওঁলোকক স্থানীয় চিকিৎসালয়ত দেখুৱাই দিয়া হয় । কিন্তু চিকিৎসৰ ঔষধে পাৰ্শ্বক্ৰিয়াৰ কৰাত এই সন্দৰ্ভত হাস্পতালখনৰ লগতে চিকিৎসকজনৰ ওপৰত দাখিল কৰিছিল এক গোচৰ ৷

তাৰ পাচতে অষ্ট্ৰেলিয়া চৰকাৰে তেওঁৰ দুয়োটা সন্তানক নিজৰ জিম্মাত লয় । অষ্ট্ৰেলিয়া চৰকাৰেক বহুবাৰ আবেদন-নিবেদন কৰাৰ পাচতো দুই সন্তানক ঘূৰাই পোৱা নাছিল প্ৰিয়দৰ্শিনীয়ে ৷ কিয়নো শিশুকেইটা অষ্ট্ৰেলিয়াত জন্মগ্ৰহণ কৰিছিল ৷ সেয়েহে তেওঁলোকে অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব লাভ কৰিছিল ৷

লগতে পঢ়ক : South African police killed suspected robbers : আৰক্ষীৰ গুলীত নিহত 18 টা ডকাইত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.