ETV Bharat / bharat

BJP leader Subramanian Swamy slams Modi : প্ৰধানমন্ত্ৰী মোডীক লৈ কিয় অসন্তুষ্ট সুব্ৰমনিয়াম স্বামী ?

author img

By

Published : Jul 6, 2023, 2:05 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সৰৱ জ্যেষ্ঠ বিজেপি নেতা সুব্ৰমনিয়াম স্বামী । মোডীৰ জনপ্ৰিয়তা হ্ৰাস পাইছে । ২০২৪ত বিজেপি জয়ী হ'লেও মোডী প্ৰধানমন্ত্ৰী নহ'ব !

BJP leader Subramanian Swamy slams Modi
প্ৰধানমন্ত্ৰী মোডীক লৈ কিয় অসন্তুষ্ট সুব্ৰমনিয়াম স্বামী

নেশ্যনেল ডেস্ক,৬ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকলাপত অসন্তুষ্ট দলৰে জ্যেষ্ঠ নেতা সুব্ৰমনিয়াম স্বামী । বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে বুধবাৰে চেন্নাই বিমানবন্দৰত এক সংবাদমেল সম্বোধন কৰি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে । তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যকলাপৰ বিষয়ে সাংবাদিকক অৱগত কৰি কয় যে কৰ্ণাটকত কংগ্ৰেছৰ বিজয়ৰ পৰা প্ৰধানমন্ত্ৰী মোডীৰ জনপ্ৰিয়তা হ্ৰাস পাইছে । প্ৰধানমন্ত্ৰী মোডীয়ে এইটো নক'বলৈ কয় । কিন্তু এইখন এখন গণতান্ত্ৰিক দেশ । সেয়েহে, সকলোৰে যিকোনো লোকক সমালোচনা কৰাৰ অধিকাৰ আছে বুলিও তেওঁ দাবী কৰে ।

জ্যেষ্ঠ নেতাগৰাকীৰ মতে প্ৰধানমন্ত্ৰী মোডী মণিপুৰৰ হিংসাত প্ৰতিহত কৰাত বিফল হৈছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে কেৱল বিদেশলৈ যাবলৈহে আগ্ৰহী বুলিও বিজেপি নেতাগৰাকীয়ে সমালোচনা কৰে । প্ৰধানমন্ত্ৰীক তীব্ৰ আক্ৰমণ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডী মানুহৰ কল্যাণৰ প্ৰতি আগ্ৰহী নহয় । আমেৰিকালৈ যোৱাটো কিয় জৰুৰী বুলিও তেওঁ প্ৰশ্ন কৰে । তেওঁ আমেৰিকাৰ পৰা ভাৰতক কি দিলে বুলি প্ৰশ্ন কৰে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে । ইফালে ২০২৪ চনৰ লোকসভাত বিজেপি জয়ী হ'ব যদিও মোডীয়ে পুনৰ প্ৰধানমন্ত্ৰী হ'ব নে নাই তাৰ নিশ্চিয়তা নাই বুলিও উল্লেখ কৰে সুব্ৰমনিয়াম স্বামীয়ে ।

তামিলনাডু বিজেপি সন্দৰ্ভতো জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে প্ৰশ্ন কৰে যে তামিলনাডু বিজেপিৰ সভাপতি কে অন্নমালাই কোন ? তামিলনাডুত বিজেপি জীয়াই আছে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে । সুব্ৰমনিয়াম স্বামীৰ মতে এই সম্পৰ্কে তেওঁ একো নাজানে আৰু তেওঁ তামিলনাডুত কেতিয়াও বিজেপিক দেখাও নাছিল ।

তাৰ পিছত তামিলনাডুৰ ডিএমকে প্ৰশাসন সন্দৰ্ভত নেতাগৰাকীয়ে কয় যে ডিএমকেয়ে তামিলনাডুৰ লোকসকলৰ উন্নয়ন নিবিচাৰে । তেওঁলোকে বাৰে বাৰে ব্ৰিটিছৰ কথা কয় । ডিএমকেয়ে মন্দিৰৰ সুবিধাসমূহ ধ্বংস কৰিছে । তেওঁলোকে চলচ্চিত্ৰৰ বাহিৰে একো নাজানে বুলিও সুব্ৰমনিয়মে অভিযোগ কৰে । ইফালে ডিএমকেক সমালোচনা কৰি তেওঁ কয় যে তেওঁলোকৰ কোনো সংস্কৃতি নাই । ডিএমকে লোকসভা নিৰ্বাচনত পৰাজিত হ'ব বুলিও দাবী কৰে জ্যেষ্ঠ বিজেপি নেতা সুব্ৰমনিয়াম স্বামী ।

লগতে পঢ়ক :NCP National Executive meeting : দিল্লীত শৰদ পাৱাৰ, আৰম্ভ এনচিপিৰ দুয়োটা ফৈদৰ পোষ্টাৰ ৰাজনীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.