ETV Bharat / bharat

ক'ভিড প্ৰতিষেধকৰ সংমিশ্ৰনে ভাল ফলাফল দেখুৱাইছে

author img

By

Published : Aug 8, 2021, 4:24 PM IST

ক'ভাক্সিন আৰু ক'ভিশ্বিল্ড প্ৰতিষেধকৰ সংমিশ্ৰনে অধিক সুৰক্ষা প্ৰদান কৰাৰ লগতে এগৰাকী ব্যক্তিৰ ক্ষেত্ৰত ইমিউনো জেনিচিটিৰ ফলাফল ভাল হয় ।ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে ১৮ গৰাকী ব্যক্তিৰ নমুনা সংগ্ৰহ কৰি চলোৱা পৰীক্ষাৰ অন্তত এই তথ্য পোহৰলৈ আহিছে ।

Covaxin & Covishield shows better result
ক'ভিড প্ৰতিষেধকৰ সংমিশ্ৰনে ভাল ফলাফল দেখুৱাইছে

নেশ্যনেল ডেস্ক, ৮ আগষ্ট : ক'ভাক্সিন (Covaxin) আৰু ক'ভিশ্বিল্ড (Covishield) দুয়োটা প্ৰতিষেধক যদি এগৰাকী ব্যক্তিয়ে গ্ৰহণ কৰে তাৰ ফলাফল কি হ'ব ? ইয়াক লৈ বহু বিতৰ্ক চলি থকাৰ মাজতে এক আশাৰ খবৰ । এই দুয়োটা প্ৰতিষেধকৰ সংমিশ্ৰনে অধিক সুৰক্ষা প্ৰদান কৰাৰ লগতে এগৰাকী ব্যক্তিৰ ক্ষেত্ৰত ইমিউনোজেনিচিটিৰ (immunogenicity) ফলাফল ভাল হয় ।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (ICMR) ১৮ গৰাকী ব্যক্তিৰ নমুনা সংগ্ৰহ কৰি চলোৱা পৰীক্ষাৰ অন্তত এই তথ্য পোহৰলৈ আহিছে । গৱেষণাৰ অন্তত পৰিষদে এই আশাৰ খবৰটো প্ৰকাশ কৰিছে । অধ্যয়ন অনুসৰি, এডেনোভাইৰাছ ভেক্টৰ প্লেটফৰ্ম আধাৰিত ভেকচিনৰ সংমিশ্ৰণৰ দ্বাৰা টীকাকৰণৰ কৰাৰ পাছত ভাইৰাছ সম্পূৰ্ণৰূপে নিস্ক্ৰিয় কৰাৰ লগতে ৰোধ প্ৰতিৰোধ ক্ষমতাও উন্নত হয় ।

উত্তৰ প্ৰদেশত একাংশ ব্যক্তিয়ে প্ৰথম পালি (First dose) হিচাপে ক'ভিশ্বিল্ড লাভ কৰিছিল আৰু তাৰ পিছত ছয় সপ্তাহৰ ব্যৱধানত অসাৱধানতাভাৱে দ্বিতীয় পালি (Second dose) ক'ভাক্সিন গ্ৰহণ কৰিছিল । যাৰ বাবে ইয়াৰ ফলাফল অধ্যয়নৰ বাবে সেইসকল ব্যক্তিৰ ওপৰত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে গৱেষণা চলাইছিল ।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ এগৰাকী চিকিৎসকে জনোৱা মতে উত্তৰ প্ৰদেশৰ লোক কেইজনে দুয়োটা প্ৰতিষেধক গ্ৰহণ কৰাৰ কথাটো গম পাই সেই স্থানত উপস্থিত হৈছিল এটা বিশেষ দল । ৰাইজৰ ভয়, শংকা আঁতৰাবলৈ দলটোৱে ১৮ গৰাকী ব্যক্তিৰ নমুনা সংগ্ৰহ কৰা হৈছিল । তেওঁলোকৰ ভিতৰত ১১ জন পুৰুষ আৰু ৭ গৰাকী মহিলা আছিল যাৰ গড় বয়স আছিল ৬২ বছৰ ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ব্ৰিটেইনত এনে ধৰণৰ এক পৰীক্ষা চলোৱা হৈছিল । দুটা বেলেগ বেলেগ কোম্পানীৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ ফলত কি ফলাফল পোৱা যায় তাৰ গৱেষণা কৰা হৈছিল । সেই গৱেষণাত ফাইজাৰ আৰু এষ্ট্ৰজেনেকা প্ৰতিষেধক লোৱা হৈছিল আৰু গৱেষণাটোত উন্নত ফলাফল পোৱা গৈছিল । অৱশ্যে এতিয়াও ৰাইজক দুয়োটা প্ৰতিষেধক ল'বলৈ কোনো ধৰণৰ সেউজ সংকেত দিয়া নাই ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ অথবা স্বাস্থ্য মন্ত্ৰালয়ে ।

লগতে পঢ়ক:ত্ৰিপুৰাত পুনৰ তৃণমূল কংগ্ৰেছৰ নেতাৰ ওপৰত আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.