ETV Bharat / bharat

ত্ৰিপুৰাৰ ধলাই জিলাত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী

ত্ৰিপুৰাৰ ধলাই জিলাৰ অন্তৰ্গত চাউমানুৰ দয়াৰাম কৰবাৰী জুনিয়ৰ বেচিক ইংৰাজী মাধ্যম বিদ্যালয়ত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি প্ৰায় ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী ৷

author img

By

Published : Jul 17, 2022, 2:12 PM IST

students-fell-ill-after-having-mid-day-meal-food-in-tripura
ত্ৰিপুৰাৰ ধলাই জিলাত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী

আগৰতলা, 17 জুলাই : শনিবাৰে ত্ৰিপুৰাৰ ধলাই জিলাৰ অন্তৰ্গত চাউমানুৰ দয়াৰাম কৰবাৰী জুনিয়ৰ বেচিক ইংৰাজী মাধ্যম বিদ্যালয়ত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ হৈ পৰে প্ৰায় ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী ৷ জানিব পৰা মতে, খাদ্য গ্ৰহণ কৰাৰ পিছত বিদ্যালয়তে ছাত্ৰ-ছাত্ৰসকলে পেটৰ বিষ, দুৰ্বলতা, বমি আদি সমস্যাত ভোগে । ইয়াৰ পিছতে তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়(Students fell ill after having mid day meal food) ।

এই ঘটনা সন্দৰ্ভত স্থানীয় বিজেপি বিধায়ক সম্ভূলাল চাকমাই মন্তব্য প্ৰকাশ কৰি কয় যে, প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলে প্ৰথমে একে খাদ্য গ্ৰহণ কৰিছিল যদিও কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিল যদিও একে খাদ্য গ্ৰহণ কৰাৰ পিছতে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল হঠাৎ অসুস্থ হৈ পৰে ৷ বিধায়কগৰাকীয়ে লগতে কয়, প্ৰথম অৱস্থাত শনিবাৰে মধ্যাহ্ন ভোজনৰ বাবে চৰকাৰী ষ্টক শেষ হোৱাৰ বাবে শিক্ষকসকলে স্থানীয় বজাৰৰ পৰা মচুৰ দাইলৰ লগতে অন্য সামগ্ৰী ক্ৰয় কৰিছিল । সেয়াও এই সমস্যাৰ আঁৰৰ অন্যতম কাৰণ হ’ব পাৰে ৷

তেওঁ লগতে জনায় যে, প্ৰথমাৱস্থাত চিকিৎসাধীন হোৱা ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত বৰ্তমান 7 গৰাকী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে ৷ সকলো ছাত্ৰ-ছাত্ৰী বৰ্তমান সুস্থ আৰু চিকিৎসকে তেওঁলোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷

বিধায়কগৰাকীয়ে জানিবলৈ দিয়া মতে, বিদ্যালয়ত পৰিৱেশন কৰা খাদ্যৰ নমুনা সংগ্ৰহৰ বাবে শীৰ্ষ পৰ্যায়ৰ পৰা নিৰ্দেশনা গৃহীত কৰা হৈছে । ইতিমধ্যে, শাক-পাচলি, খাদ্য সামগ্ৰী সমূহৰ নমুনা সংগ্ৰহ কৰা হৈছে যিসমূহৰ মুখ্য চিকিৎসা বিষয়াৰ কাৰ্যালয়ত সংৰক্ষণ কৰা হ’ব । এই নমুনা পৰীক্ষাৰ বাবে সোমবাৰে আগৰতলালৈ প্ৰেৰণ কৰা হ’ব । পৰীক্ষাৰ পিছতহে এই ঘটনাৰ আঁৰৰ মূল কাৰণ নিৰ্ণয় কৰিব পৰা যাব ৷

লগতে পঢ়ক : All India Legal Services Meet : দেশৰ ন্যায়পালিকা সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.