ETV Bharat / bharat

মুছলমান ভাইসকল সতৰ্ক থাকক; ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে ওৱেইচিৰ বিতৰ্কিত মন্তব্য - Babri Masjid

Owaisi heat on Centre : এআইএমআইএমৰ সভাপতি আছাদুদ্দিন ওৱেইচিয়ে বাবৰি মছজিদ সন্দৰ্ভত যুৱ মুছলমানসকলক সতৰ্ক আৰু ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনাইছে । তেওঁ কয় যে আৰু তিনি-চাৰিটা মছজিদ সন্দৰ্ভতো এক ষড়যন্ত্ৰ কৰা হৈছে । ইয়াৰ ভিতৰত দিল্লীৰ সুনহেৰী মছজিদো (সোণালী মছজিদ) অন্তৰ্ভুক্ত কৰা হৈছে ।

ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে ৱেইচিৰ বিতৰ্কিত মন্তব্য
ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে ওৱেইচিৰ বিতৰ্কিত মন্তব্য
author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 10:53 AM IST

নিউজ ডেস্ক, ২ জানুৱাৰী : অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিন চমুকৈ এআইএমআইএমৰ সভাপতি আছাদুদ্দিন ওৱেইচিয়ে পুনৰ এক বিতৰ্কিত মন্তব্য কৰিছে । এইবাৰ ওৱেইচিয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰি মুছলমান সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলক শাসন দলে কৰা কাৰ্যকলাপৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে । তেওঁ জোৰ দিয়ে যে দেশৰ মছজিদসমূহ বাচি থাকিব লাগিব ।

আনহাতে, বাবৰি মছজিদ সন্দৰ্ভত আছাদুদ্দিন ওৱেইচিয়ে কয় যে বিগত ৫০০ বছৰ ধৰি পবিত্ৰ কোৰাণ পাঠ কৰা ঠাইখন এতিয়া তেওঁলোকৰ হাতত নাই । "যুৱসকল, মই আপোনালোকক কৈছোঁ, আমি আমাৰ মছজিদ হেৰুৱাইছোঁ আৰু আপোনালোকে তাত কি কৰা হৈছে সেয়া দেখিছে । আপোনাৰ হৃদয়ত বিষ অনুভৱ কৰা নাই নেকি ?" ভৱানী নগৰৰ এক অনুষ্ঠানত ওৱেইচিয়ে কয় ।

"আমি ৫০০ বছৰ ধৰি যি ঠাইত বহি কোৰাণ পাঠ কৰিছিলোঁ সেই ঠাই আজি আমাৰ হাতত নাই । যুৱক-যুৱতীসকল, আপোনালোকে দেখা নাই নেকি যে আৰু তিনি-চাৰিটা মছজিদ সম্পৰ্কে ষড়যন্ত্ৰ চলি আছে । য'ত দিল্লীৰ সুনহেৰী মছজিদো (সোণালী মছজিদ) অন্তৰ্ভুক্ত কৰা হৈছে ? বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ পিছত আমি আজি আমাৰ স্থিতি লাভ কৰিছোঁ । আপোনালোক সতৰ্ক হৈ থাকিব লাগিব আৰু এই বিষয়বোৰৰ প্ৰতি মনোযোগ দিব লাগিব ।" তেওঁ লগতে কয় ।

এআইএমআইএমৰ মুৰব্বীজনে লগতে কয় যে যুৱ মুছলমানসকল সতৰ্ক আৰু ঐক্যবদ্ধ হৈ থাকিব লাগিব । "আপোনালোকৰ সমৰ্থন আৰু শক্তি বৰ্তাই ৰাখক । আপোনালোকে মছজিদবোৰত সদায় নামাজ পঢ়িব লাগিব । এনেকুৱা হ'ব পাৰে যে এই মছজিদবোৰ আমাৰ পৰা কাঢ়ি লোৱা হ'ব । মই আশাকৰোঁ আজিৰ যুৱসকল, যি কাইলৈ বৃদ্ধ হ'ব, তেওঁলোকে নিজৰ দৃষ্টি আগৰ ফালে নিবদ্ধ ৰাখক আৰু তেওঁ নিজকে, তেওঁৰ পৰিয়াল, তেওঁৰ চহৰ আৰু চুবুৰীয়াক কেনেদৰে সহায় কৰিব পাৰে সেই বিষয়ে চিন্তা কৰক । একতা হৈছে এক শক্তি, একতা হৈছে এক আশীৰ্বাদ ।" ওৱেইচিয়ে লগতে কয় ।

উল্লেখ্য যে মন্দিৰৰ বিষয়াসকলৰ মতে, অযোধ্যাৰ ৰাম মন্দিৰত ১৬ জানুৱাৰীৰ পৰা সাত দিন ধৰি অভিষেক অনুষ্ঠান অনুষ্ঠিত হ'ব । অন্তিম দিনা ২২ জানুৱাৰীত পুৱাৰ পূজাৰ পিছত ৰামলালাক আবেলি 'মৃগাশিৰা নক্ষত্ৰ'ত পবিত্ৰ কৰা হ'ব । অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিলা নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ৫ আগষ্টত স্থাপন কৰিছিল ।

মন কৰিবলগীয়া যে অযোধ্যা বিবাদৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ ২০১৯ চনৰ ৰায়েই এটা বিশাল ৰাম মন্দিৰ নিৰ্মাণৰ পথ প্ৰশস্ত কৰিছিল । দেশৰ শীৰ্ষ ন্যায়ালয়ৰ ৰায়ৰ পিছত কেন্দ্ৰই অযোধ্যাত এক সুন্দৰ ৰাম মন্দিৰ নিৰ্মাণ সম্পৰ্কীয় সকলো সিদ্ধান্ত ল'বলৈ শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাস গঠন কৰে ।

লগতে পঢ়ক :নৱবৰ্ষৰ প্ৰথম দিনটোতে মণিপুৰত হিংসাত্মক ঘটনাত নিহত ৪

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.