ETV Bharat / bharat

১.৮৬ কোটি টকাৰে হিমাচলত নিৰ্মাণ হ’ব মাটিৰ ছাত্ৰাবাস - বোকাৰে নিৰ্মিত এ

Lahaul Spiti Mud House Hostel Specialty: হিমাচল প্ৰদেশৰ লাহোল স্পিতিত নিৰ্মাণ কৰা হ’ব মাটিৰ ছাত্ৰাৱাস ৷ ১ কোটি ৮৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা এই মাটিৰ ছাত্ৰাৱাসত থাকিব ১২ টা কোঠা ৷ প্ৰায় ডেৰ বছৰৰ ভিতৰত এই ছাত্ৰাবাস শিক্ষাৰ্থীৰ বাবে সাজু হৈ উঠিব হ’ব ।

Lahaul Spiti Mud House Hostel Specialty
হিমাচলত নিৰ্মাণ হ’ব মাটিৰ ছাত্ৰাবাস
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 7:28 PM IST

নেশ্যনেল ডেস্ক, 23 নৱেম্বৰ : হিমাচল প্ৰদেশৰ জনজাতীয় জিলা লাহোল স্পিতিৰ কাজাত নিৰ্মাণ হ’ব প্ৰথমটো মাটিৰ ছাত্ৰাৱাস ৷ ১ কোটি ৮৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব এই মাটিৰ ছাত্ৰাৱাস । এই মাটিৰ এই ছাত্ৰাৱাসত ১২ টা কোঠা সাজু কৰা হ’ব । এই মাটিৰ ছাত্ৰাৱাসত স্পিতি উপত্যকাৰ বিভিন্ন অঞ্চলৰ পৰা অহা ছাত্ৰ-ছাত্ৰীয়ে থাকিবলৈ সুবিধা লাভ কৰিব । মাটিৰ ছাত্ৰাৱাসটো নিৰ্মাণৰ লগে লগে সৰ্বনিম্ন তাপমাত্ৰাটো ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে থাকিব পাৰিব ৷

লাহোল স্পিতিৰ বিধায়ক ৰবি ঠাকুৰে এই মাটিৰ ছাত্ৰাৱাসৰ আধাৰশিলা স্থাপন কৰে । ইয়াৰ নিৰ্মাণৰ কাম শীঘ্ৰে সম্পূৰ্ণ হ’ব আৰু ইয়াত ছাত্ৰ-ছাত্ৰীসকলে থাকিব পৰাৰ ব্যৱস্থা কৰা হ’ব ।

Lahaul Spiti Mud House Hostel Specialty
হিমাচলত নিৰ্মাণ হ’ব মাটিৰ ছাত্ৰাবাস

মাটিৰ ছাত্ৰাৱাসত সৰ্বনিম্ন উষ্ণতাতো ভিতৰৰ পৰা গৰম হৈ থাকিব :

লাহোল স্পিতি উপত্যকা শীতকালত অতিমাত্ৰা ঠাণ্ডা হৈ পৰে ৷ ইয়াৰ উষ্ণতা -৪০ ডিগ্ৰীৰ তললৈ নামি যায় । এনে পৰিস্থিতিত ইয়াত খোৱাপানীৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । ফলত দৈনন্দিন জীৱনযাত্ৰাও অতি কঠিন হৈ পৰে ।

লাহোল স্পিতিত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সংখ্যা বহুত কম । এনে পৰিস্থিতিত দুৰ্গম গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণৰ বাবে কাজালৈ যাব লগা হয় । আনকি শিক্ষাৰ্থীসকলে ভাড়া কোঠাত থাকি পঢ়িব লগা হয় । এনে পৰিস্থিতিত এতিয়া শিক্ষাৰ্থীসকলৰ বাবে এটা বিশেষ মাটিৰ ঘৰ নিৰ্মাণ কৰাটো অতি প্ৰয়োজন । যাতে ছাত্ৰ-ছাত্ৰীসকলে এনে ঘৰত থাকি শিক্ষা সম্পূৰ্ণ কৰিব পাৰে ।

Lahaul Spiti Mud House Hostel Specialty
হিমাচলত নিৰ্মাণ হ’ব মাটিৰ ছাত্ৰাবাস

ভূমিকম্প-প্ৰাকৃতিক দুৰ্যোগতো মাটিৰ ঘৰবোৰ নিৰাপদ হৈ থাকে :

হিমাচল প্ৰদেশৰ লাহোল স্পিতি জিলাত ৰাজ্যৰ আন জিলাতকৈ বহু কম বৰষুণ । এনে পৰিস্থিতিত ইয়াত পৰম্পৰাগত প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হ’ব এই মাটিৰ ঘৰবোৰ । বোকাৰে নিৰ্মিত এই ঘৰবোৰ ভূমিকম্প বা আন প্ৰাকৃতিক দুৰ্যোগতো সহজে ক্ষতিগ্ৰস্ত নহয় ৷

একে সময়তে এই ঘৰবোৰৰ নিৰ্মাণ খৰচো অতি কম । আধুনিক ঘৰৰ দৰে শিল আৰু চিমেণ্ট মাটিৰ ঘৰ নিৰ্মাণত একেবাৰে ব্যৱহাৰ কৰা নহয় । আজিও স্পিতি উপত্যকাৰ বহু ঘৰ, বৌদ্ধ মন্দিৰ, অতিথিশালা মাটিৰে নিৰ্মিত । স্থানীয় ৰাইজৰ লগতে এতিয়া পৰ্যটকসকলেও এই ঘৰবোৰত থাকি ভাল পাইছে ।

Lahaul Spiti Mud House Hostel Specialty
লাহোল স্পিতিৰ কাজাত নিৰ্মাণ হ’ব প্ৰথমটো মাটিৰ ছাত্ৰাৱাস

কাজাত ১.৮৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব মাটিৰ ছাত্ৰাবাস :

লাহোল স্পিতিৰ বিধায়ক ৰবি ঠাকুৰে কয় যে কাজাত এক কোটি ৮৬ লাখ টকা ব্যয় সাপেক্ষে মাটিৰ হোষ্টেলৰ আধাৰশিলা স্থাপন কৰা হৈছে । তেওঁ কয় যে স্পিতি উপত্যকাত সম্পূৰ্ণ মাটিৰে নিৰ্মাণ হ’ব লগা এই হোষ্টেলত ১২ টা কোঠা থাকিব ৷ প্ৰায় ডেৰ বছৰৰ ভিতৰত এই ছাত্ৰাবাস সাজু হৈ উঠিব ।

লগতে পঢ়ক : উত্তৰ কমলাবাৰী সত্ৰৰ ৩৫০ বছৰীয়া গৌৰৱোজ্বল ৰাসৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.