ETV Bharat / bharat

SSB and Royal Bhutan Police Workshop : বন্যপ্ৰাণী অপৰাধ তথা ব্যৱসায় সন্দৰ্ভত সজাগতামূলক কৰ্মশালা

author img

By

Published : Mar 13, 2023, 9:15 PM IST

চানদ্ৰুপ ঝাংখাৰৰ ৬৪ নম্বৰ এছএছবি বেটেলিয়নৰ শিবিৰত অনুষ্ঠিত কৰ্মশালাত ৩০ জনতকৈও অধিক এএছএছবিৰ বিষয়া আৰু ৰয়েল ভূটান আৰক্ষীৰ দুজন অতিৰিক্ত অধীক্ষকে অংশগ্ৰহণ কৰে । কৰ্মশালাত আন্তঃৰাষ্ট্ৰীয় সীমান্তত বন্যপ্ৰাণী অপৰাধ আৰু অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে সতৰ্কতা অৱলম্বন কৰিবলৈ সমন্বিত প্ৰচেষ্টাৰ আহ্বান জনোৱা হয় (SSB Royal Bhutan Police Sensitisation Programme) ।

SSB
SSB

নিউজ ডেস্ক, ১৩ মাৰ্চ : ৰয়েল ভূটান চৰকাৰৰ বিষয়াসহ সত্তৰজনৰো অধিক লোকে ভাৰত-ভূটান সীমান্তৰ দুটা বিঅ'পিত দেশৰ মুখ্য সীমান্তৰক্ষী বাহিনী, সশস্ত্ৰ সীমা বলৰ (SSB) দ্বাৰা আয়োজিত বন্যপ্ৰাণী অপৰাধ আৰু অবৈধ বন্যপ্ৰাণী ব্যৱসায় প্ৰতিৰোধৰ ওপৰত একেলেথাৰিয়ে দুখনকৈ সজাগতামূলক কৰ্মশালাত অংশগ্ৰহণ কৰে (SSB workshops on Preventing Wildlife Crime) । আৰণ্যকৰ সহযোগত এই কৰ্মশালাৰ আয়োজন কৰা হয় ।

১০ মাৰ্চত চানদ্ৰুপ ঝাংখাৰৰ এছএছবি ৬৪ নম্বৰ বেটেলিয়নৰ ঘাটিত অনুষ্ঠিত কৰ্মশালাত ৩০ জনতকৈও অধিক সশস্ত্ৰ সীমা বলৰ (Sahastra Seema Bal, SSB) বিষয়া আৰু ৰয়েল ভূটান আৰক্ষীৰ (Royal Bhutan Police) দুজন অতিৰিক্ত অধীক্ষক মেজৰ শ্বেৰিং টবগি আৰু মেজৰ কৰ্মা শ্বেৱাঙে অংশগ্ৰহণ কৰে । তাত এছএছবিৰ ডিআইজি জগদীপ পাল সিঙে এছএছবি কৰ্মীৰ লগতে ৰয়েল ভূটান কৰ্তৃপক্ষৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তত বন্যপ্ৰাণী অপৰাধ আৰু অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে সতৰ্কতা অৱলম্বন কৰিবলৈ সমন্বিত প্ৰচেষ্টাৰ আহ্বান জনায় । বেটেলিয়নৰ কমাণ্ডেণ্ট এন কে তামতাই আৰণ্যকৰ সীমান্তত আয়োজন কৰা এনে কৰ্মশালাত সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰশংসা কৰে (workshop on transboundary canvas by Aaranyak) ।

তেওঁ লগতে জৈৱ বৈচিত্ৰ্যসমৃদ্ধ পূব হিমালয়ত মূল্যৱান উদ্ভিদ আৰু জীৱ-জন্তুৰ সংৰক্ষণৰ অধিক স্বাৰ্থত বন্যপ্ৰাণী অপৰাধ আৰু অবৈধ ব্যৱসায় প্ৰতিৰোধৰ ক্ষেত্ৰত সীমান্তৰক্ষী কৰ্মীসকলে পালন কৰিব পৰা গুৰুত্বপূৰ্ণ ভূমিকাক সজাগ কৰাৰ বাবে আৰণ্যকৰ নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে । উল্লেখ্য, ১১ মাৰ্চত দাদগিৰিৰ এছএছবিৰ ষষ্ঠ বেটেলিয়নৰ বিঅ'পিত একেধৰণৰ কৰ্মশালা অনুষ্ঠিত হয় (workshops on Preventing Wildlife Crime) । কমাণ্ডেণ্ট লোকেশ কুমাৰ সিঙে এই কথা প্ৰকাশ কৰে ।

"এইটো বুজি পোৱাটো গুৰুত্বপূৰ্ণ যে যেতিয়া আমি অৰণ্যত প্ৰৱেশ কৰোঁ, তেতিয়া আমি এই বন্য জন্তুবোৰৰ ঘৰত প্ৰৱেশ কৰিছোঁ । আমি তেওঁলোকৰ প্ৰতি সন্মান কৰিব লাগিব আৰু নিশ্চিত কৰিব লাগিব যে তেওঁলোক সুৰক্ষিত । যদি আমি বন্যপ্ৰাণী আৰু পৰিৱেশ ৰক্ষা নকৰোঁ, আমাৰ ভৱিষ্যত প্ৰজন্মৰ ঘৰ বুলি মাতিবলৈ একো নাথাকিব ।" এছএছবি বিষয়াসকলক জৈৱ-বৈচিত্ৰ্যক তেওঁলোকৰ সামৰ্থ্য অনুসৰি সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি নিশ্চিত কৰিবলৈ আহ্বান জনাই তেওঁ এনেদৰে কয় ।

সংগঠনটোৰ আইনী আৰু এডভোকেচী বিভাগৰ (এলএডি) জ্যেষ্ঠ প্ৰৱন্ধক ডঃ জিমি বৰা আৰু প্ৰকল্প বিষয়া আইভি ফাৰহিন হুছেইনৰ মাজত অংশগ্ৰহণকাৰী আৰু আৰণ্যক সম্পদ ব্যক্তিসকলৰ মাজত এক বাৰ্তালাপ অনুষ্ঠিত হয় । উক্ত কৰ্মশালাখনত ৩৫ জনতকৈও অধিক এছএছবি বিষয়া আৰু ৰয়েল ভূটান কৰ্তৃপক্ষৰ দুজন বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক :Labrador donates blood: এটা মতা ​​কুকুৰে গৰ্ভৱতী কুকুৰক কৰিলে ৰক্তদান

TAGGED:

SSB
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.