নেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ: গামালেয়া কেন্দ্ৰই চলোৱা এক প্ৰাথমিক অধ্যয়নত প্ৰমাণিত হৈছে যে, স্পুটনিক ভি ভেকছিন আৰু স্পুটনিক লাইট বুষ্টাৰে ক'ভিড-১৯ৰ অ'মিক্ৰণ ভেৰিয়েণ্টৰ বিৰুদ্ধে অধিক কাৰ্যকৰী ৰূপত কাম কৰে(Sputnik V, Sputnik Light booster strengthens Omicron defence) । অ'মিক্ৰণ ভেৰিয়েণ্টৰ লগতে আন ভাইৰাছৰ বিৰুদ্ধে ভেকচিনক অধিক কাৰ্যকৰী কৰি তোলাৰ উপায় হৈছে স্পুটনিক লাইটৰ সৈতে হেটেৰোলোগাছ বৃদ্ধি কৰা(Sputnik Light booster effective against Omicron) । শুকুৰবাৰে ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডে এই কথা প্ৰকাশ কৰে(RDIF on Sputnik V, Sputnik Light booster) । ইয়াৰ জৰিয়তে বুষ্টাৰ সুৰক্ষাৰ ম্যাদ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে ।
বুষ্টাৰ হিচাপে স্পুটনিক লাইট পুনৰ টীকাকৰণৰ ২-৩ মাহৰ পিছত প্ৰদান কৰা হয় । ই অ'মিক্ৰণ ভাইৰাছ নিষ্ক্ৰিয়কৰণৰ কাৰ্যকলাপ যথেষ্ট বৃদ্ধি কৰে আৰু শক্তিশালী এণ্টিবডী বৃদ্ধি কৰা অন্যান্য ভেকছিনৰ বাবে এক বুষ্টাৰ হিচাপে কাম কৰে । স্পুটনিক লাইটৰ বুষ্টাৰ প্ৰদানৰ জৰিয়তে হেটেৰোলোগাছ বঢ়াই প্ৰভাৱ হ্ৰাস পোৱা ভেকচিনৰ প্ৰভাৱ পুনৰ বৃদ্ধি কৰিব পাৰি । লগতে ডেল্টা আৰু অ'মিক্ৰণৰ প্ৰভাৱ নিষ্ক্ৰিয় কৰিব পাৰি ।
উল্লেখ্য যে, স্পুটনিক লাইট ইতিমধ্যে ২০ খনতকৈও অধিক দেশত ভেকছিন হিচাপে আৰু অন্যান্য ভেকছিনৰ বাবে এক সাৰ্বজনীন বুষ্টাৰ হিচাপে ব্যৱহাৰ কৰি থকা হৈছে । আৰ্জেণ্টিনা, আৰৱ, বাহৰেইন, ফিলিপাইনছ আৰু চান মাৰিনোকে ধৰি দেশক স্পুটনিক লাইট প্ৰদান কৰি থকা হৈছে । স্পুটনিক ভিক ৭১ খন দেশত কৰ্তৃত্ব প্ৰদান কৰা হৈছে যাৰ মুঠ জনসংখ্যা ৪ বিলিয়নতকৈও অধিক ।
লগতে পঢ়ক: Omicron cases in India : দেশত চেঞ্চুৰী কোবাইছে অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যাই