ETV Bharat / bharat

আধ্যাত্মিক নেতা তথা আলৱাৰৰ সাংসদ মহন্ত বালকনাথ ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ বিজেপিৰ শীৰ্ষ প্ৰতিদ্বন্দ্বী - উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

ৰাজস্থানত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে ৷ ইয়াৰ লগতে আৰম্ভ হৈছে পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ জল্পনা-কল্পনাৰ ৷ ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ বিজেপিৰ শীৰ্ষ প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছে আধ্যাত্মিক নেতা তথা আলৱাৰৰ সাংসদ মহন্ত বালকনাথৰ নাম ৷ এই তালিকাত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে আৰু কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰো নাম ।

top BJP contender for Rajasthan CM post
ৰাজস্থানত বিজেপিয়ে লাভ কৰিব একক সংখ্যাগৰিষ্ঠতা
author img

By ANI

Published : Dec 3, 2023, 1:49 PM IST

নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ: ৰাজস্থানত বিজেপিয়ে জয়ৰ দিশে আগবঢ়াৰ লগে লগে পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈও আৰম্ভ হৈছে জল্পনা-কল্পনাৰ ৷ ৰাজস্থানৰ আলৱাৰৰ লোকসভাৰ সাংসদ আৰু 40 বছৰীয়া বালকনাথে ANI ক এই সন্দৰ্ভত মতামত আগবঢ়োৱাৰ লগতে এইবাৰ বিজেপিয়ে এককভাৱে ৰাজস্থানত 120+ আসন লাভ কৰিব বুলি দাবী কৰে । দেওবাৰৰ পুৱা ভোটগণনা আৰম্ভ হোৱাৰ ঠিক আগতে বালকনাথে শিৱ মন্দিৰ দৰ্শন কৰি ভাল ফলাফলৰ বাবে প্ৰাৰ্থনা জনায় ।

ৰাজস্থানত 199 খন বিধানসভাৰ আসন আছে, বৰ্তমান বিজেপিয়ে 112 খন আসনত আগবাঢ়ি আছে আৰু বৰ্তমানৰ কংগ্ৰেছ দলে 70 খন আসনত দ্বিতীয় স্থানত আছে । বালকনাথৰ মতে বিজেপিৰ সহজ জয়ৰ কাৰণ হ’ল ৰাইজে কংগ্ৰেছৰ শাসনৰ পৰা মুক্তি পাব বিচাৰিছিল ।

দুৰ্নীতি, মহিলাৰ ওপৰত হোৱা অত্যাচাৰ, বৃদ্ধি পোৱা অপৰাধৰ প্ৰতি লক্ষ্য কৰি প্ৰাৰ্থীগৰাকীয়ে ৰাজস্থান কংগ্ৰেছক সমালোচনা কৰিছিল নিৰ্বাচনী প্ৰচাৰ সভাবোৰত । ফলাফলৰ এদিন পূৰ্বে শনিবাৰে বালকনাথে বিজেপিৰ মুখ্য কাৰ্যালয়ত সংগঠনৰ সাধাৰণ সম্পাদক বি এল সন্তোষক সাক্ষাৎ কৰে ।

বি এল সন্তোষৰ সৈতে হোৱা সাক্ষাৎকাৰ সন্দৰ্ভত সোধাত বালকনাথে কয় যে এইখন এখন সৌজন্যমূলক বৈঠক । তেওঁ পুনৰ কয়, "প্ৰধানমন্ত্ৰীয়ে হ’ল বিজেপি দলৰ প্ৰধান মুখ আৰু আমি তেওঁৰ নেতৃত্বত কাম কৰি যাম । মুখ্যমন্ত্ৰী কোন হ'ব সেই সিদ্ধান্তও দলে ল'ব । মই ইয়াৰ সদস্য হিচাপে সুখী । সাংসদ আৰু সমাজ সেৱা কৰিব বিচাৰো ৷"

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দৰে বালকনাথও নাথ সম্প্ৰদায়ৰ পৰা আহিছে আৰু আলৱাৰত তেওঁৰ অসংখ্য সমৰ্থক আছে । মুখ্যমন্ত্ৰী পদৰ বাবে আন আন প্ৰতিদ্বন্দ্বীসকল হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে আৰু কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত ।

লগতে পঢ়ক: তেলেংগানাত থমকিল BRS ৰ বিজয় ৰথ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.