ETV Bharat / bharat

বজাৰ দখলৰ বাবে সাজু জ্বলা ৰসগোল্লা : মধুমেহ ৰোগীয়েও ল’ব পাৰিব জুতি

বজাৰত এইবাৰ আহিছে জ্বলা ৰসগোল্লা (Spicy rasgulla in market) ৷ কিছু মিঠা আৰু কিছু জ্বলা সোৱাদেৰে বজাৰলৈ আহিছে এই বিশেষ ৰসগোল্লা ৷ চাও ক’ত কেনেকৈ আপুনি পাব এই ৰসগোল্লাৰ সোৱাদ ৷

spicy-rasgulla-in-restaurant-of-patna
বজাৰ দখলৰ বাবে সাজু জ্বলা ৰসগোল্লা : মধুমেহ ৰোগীয়েও ল’ব পাৰিব জুতি
author img

By

Published : Mar 15, 2022, 10:26 PM IST

নেচনেল ডেস্ক, 15 মাৰ্চ : ৰসগোল্লা, আপোনাৰ সুস্বাদু মিঠাইৰ তালিকাৰ প্ৰথম নামটোৱেই নিশ্চয় হ’ব ৰসগোল্লা ৷ এই ৰসগোল্লাৰ নাম শুনিলেই বহুতৰে মখৰ পৰা লোভৰ পানী সৰকে ৷ এনে সুস্বাদু মিঠাইৰ জানো সোৱাদ নোলোৱাকৈ থাকিব পাৰি ৷ বিয়া, সবাহ, জন্মদিন আদি যিকোনো অনুষ্ঠানত মিঠাই বুলিলে আগ স্থান পাই ৰসগোল্লাই ৷ অৱশ্যে ৰসগোল্লাৰ জন্ম পশ্চিমবংগতহে হৈছিল ৷ ওড়িশাই দাবী কৰিছিল য়ে ৰসগোল্লা বনোৱাৰ পদ্ধতি ওড়িশাৰ পৰা পশ্চিম বংগলৈ যোৱা ৷

বজাৰ দখলৰ বাবে সাজু জ্বলা ৰসগোল্লা : মধুমেহ ৰোগীয়েও ল’ব পাৰিব জুতি

ৰসগোল্লা মানে সুমিষ্ট এক খাদ্য বুলিয়েই আমাৰ মনলৈ আহে ৷ কিন্তু এইবাৰ বজাৰ দখলৰ বাবে সাজু হৈছে আন এক ৰসগোল্লা ৷ এইয়া হৈছে পাটনাত উপলব্ধ জ্বলা ৰসগোল্লা (Spicy rasgulla from patna) ৷ পাটনাৰ এখন ৰেষ্টুৰেন্টত জলকীয়াৰ ৰসত ইয়াক ডুবাই ৰখা হয় ৷ এই ৰসগোল্লা বিশেষকৈ যুৱচামৰ মাজত বেছি জনপ্ৰিয় ৷ এই ৰসগোল্লাৰ সোৱাদ কিছু মিঠা আৰু কিছু জ্বলা ৷ ডায়েবেটিচ ৰোগীয়েও এই ৰসগোল্লাৰ সোৱাদ ল’ব পাৰে (Sugar patient can taste spicy rasgulla) ৷

এই ৰসগোল্লাৰ সৈতে গ্ৰাহকক দিয়া হয় জলকীয়াও ৷ বিশেষকৈ যুৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ বাবেই বনোৱা হৈছে এই বিশেষ ৰসগোল্লা ৷ জানিব পৰা মতে, প্ৰতিটো এনে ৰসগোল্লা বিক্ৰী কৰা হয় 15 টকাত ৷ বৰ্তমান পাটনাত ক্ৰমাৎ জনপ্ৰিয়তা বাঢ়ি গৈছে এই ৰসগোল্লাৰ ৷ হয়তো এদিন অসমতে বহি আপুনিও সোৱাদ ল’ব পাৰিব এই জ্বলা ৰসগোল্লাৰ ৷

লগতে পঢ়ক : ইউক্ৰেইন আৰু ৰাছিয়াৰ সংঘৰ্ষৰ প্ৰভাৱ পৰিছে ভাৰতীয় বজাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.