ETV Bharat / bharat

Russia Ukraine war: ২১৮ জন ভাৰতীয়ক লৈ দিল্লীত উপস্থিত অপাৰেচন গঙ্গাৰ নৱমখন বিমান

author img

By

Published : Mar 2, 2022, 5:51 PM IST

যুদ্ধবিদ্ধস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবে কেন্দ্ৰই লোৱা প্ৰচেষ্টা বৰ্তমানো অব্য়াহত । এতিয়ালৈ ৯ খনকৈ উদ্ধাৰকাৰী বিমান পালেহি ভাৰত । অপাৰেচন গঙ্গাৰ জড়িয়তে ২১৮ ভাৰতীয়ক লৈ দিল্লীত উপস্থিত বুখাৰেষ্টৰ পৰা অহা নৱমখন বিমান ।

Russia Ukraine war
২১৮ জন ভাৰতীয়ক লৈ দিল্লীত উপস্থিত অপাৰেচন গঙ্গাৰ নৱমখন বিমান

নেশ্যনেল ডেস্ক,০২ মাৰ্চ: 'অপাৰেচন গংগা'ৰ অধীনত নৱমখন বিমান ৰোমানিয়াৰ ৰাজধানী বুখাৰেষ্টৰ পৰা ২১৮ জন ভাৰতীয়ৰ সৈতে নতুন দিল্লীত উপস্থিত হয় । মঙলবাৰে নিশালৈকে ইউক্ৰেইনত আৱদ্ধ হৈ আছিল উদ্ধাৰ কৰা লোকসকল । ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধৰ ফলত ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰৰ পদক্ষেপৰ এটা অংশ হৈছে এই বিমানখন ।

ইউক্ৰেনে airspace বন্ধ কৰি দিয়াৰ ফলত ভাৰতে ইয়াৰ নাগৰিকসকলক স্থলপথেৰে ইউক্ৰেইনৰ চুবুৰীয়া দেশ ৰোমানিয়া, হাংগেৰী, পোলেণ্ড আৰু শ্লোভাকিয়ালৈ আৰু তাৰ পৰা বিমানেৰে ঘূৰাই আনিছে । ইউক্ৰেইনৰ পৰা উভতি অহা ভাৰতীয় নাগৰিকসকলক ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আদৰণি জনায় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে, চৰকাৰে ইউক্ৰেইনৰ পৰা প্ৰতিজন ভাৰতীয়ৰ সুৰক্ষিত প্ৰত্যাৱৰ্তন নিশ্চিত কৰিবলৈ কাম কৰি আছে ।

ভাৰত চৰকাৰে ইউক্ৰেইনৰ সকলো শিক্ষাৰ্থীক সুৰক্ষিতভাৱে ঘূৰাই অনাৰ বাবে সকলো প্ৰচেষ্টা চলাই আছে । গতিকে তেওঁলোকক সাহস আৰু সংযম ৰখাৰ বাবে অনুৰোধ জনাই অশ্বিনী বৈষ্ণৱে । বিমানেৰে উভতি অহাৰ বাবে ৰেলেৱে কাউণ্টাৰৰ ব্যৱস্থা কৰাৰ কথাও প্ৰকাশ কৰে বৈষ্ণৱে । চৰকাৰী তথ্য অনুসৰি ইউক্ৰেইনৰ বিশ্ববিদ্যালয়সমূহত প্ৰায় ১৮,০০০ ভাৰতীয় শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে।

ভাৰতীয় নাগৰিক সকলক কঢ়িয়াই অনা আনখন বিমানো সোনকালেই উপস্থিত হ'বহি বুলি আশা কৰা হৈছে । ইফালে, আৱদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ উদ্দেশ্যে ভাৰতীয় বায়ু সেনাৰ দুখন বিমান আজি পুৱা হিন্দন এয়াৰবেছৰ পৰা ৰোমানিয়া আৰু হাংগেৰীলৈ উৰা মাৰে । ইয়াৰ মাজতে বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই মঙলবাৰে কয় যে ১২,০০০ লোকক ইতিমধ্যে ঘূৰাই অনা হৈছে।

লগতে পঢ়ক: অপাৰেচন গংগাৰ দায়িত্ব ল’লে ভাৰতীয় বায়ুসেনাই

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.