ETV Bharat / bharat

SP posters on Akhilesh: সমাজবাদী পাৰ্টীয়ে দিবাস্বপ্ন দেখিছে: দানিছ আজাদ আনছাৰী - উত্তৰ প্ৰদেশ

দেওবাৰে অখিলেশ যাদৱক ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী হিচাপে চিত্ৰিত কৰা পোষ্টাৰক লৈ সমাজবাদী পাৰ্টিক আক্ৰমণ কৰে উত্তৰ প্ৰদেশৰ মন্ত্ৰী দানিছ আজাদ আনছাৰীয়ে। আনছাৰীয়ে দৃঢ়তাৰে কয় যে দেশৰ জনসাধাৰণে প্ৰধানমন্ত্ৰী মোদীক বিশ্বাস কৰে আৰু দেশে নিশ্চিতভাৱে তৃতীয়বাৰৰ বাবে মোদীক প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচিত কৰিব।

UP Ministers response to Akhilesh Yadavs poster
সমাজবাদী পাৰ্টীক সমালোচনা দানিছ আজাদ আনছাৰীৰ
author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 6:44 PM IST

নিউজ ডেস্ক, 23 অক্টোবৰ : উত্তৰ প্ৰদেশৰ মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা দানিছ আজাদ আনছাৰীয়ে দেওবাৰে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱক “ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী” বুলি চিত্ৰিত কৰা পোষ্টাৰক লৈ আক্ৰমণ কৰে দলটোক ৷ আনছাৰীয়ে কয় যে সমাজবাদী দলে দিবাস্বপ্ন দেখিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত ৰাইজৰ বিশ্বাস আছে ৷

আনছাৰীয়ে কয় " 'মুংগেৰী লাল কে হাছিন স্বপনে' বুলি এষাৰ কথা আছে ৷ দিবাস্বপ্ন দেখাত কোনেও কাকো বাধা দিব নোৱাৰে ৷ কিন্তু নিজৰ সামৰ্থ্য অনুসৰি সপোন দেখা উচিত ৷ পি এম মোদীৰ নেতৃত্বত আমাৰ দেশ উন্নয়নৰ পথত আগবাঢ়িছে ৷" লগতে দেশৰ মানুহে প্ৰধানমন্ত্ৰী মোদীক বিশ্বাস কৰে আৰু দেশে তৃতীয়বাৰৰ বাবে মোদীক নিশ্চিতভাৱে প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচিত কৰিব বুলিও তেওঁ দৃঢ়তাৰে কয় ৷

ইয়াৰ পূৰ্বে সোমবাৰে লক্ষ্নৌস্থিত দলৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱক "ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী" ৰূপে চিত্ৰিত কৰা কেইবাখনো পোষ্টাৰ দলৰ কৰ্মীসকলে স্থাপন কৰে ৷

সমাজবাদী পাৰ্টীৰ মুখপাত্ৰ ফখৰুল হাছান চান্দে কয় "অখিলেশ যাদৱৰ জন্মদিন 1 জুলাইত ৷ কিন্তু নেতাজনৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধা প্ৰকাশৰ বাবে সমাজবাদী পাৰ্টিৰ কৰ্মীসকলে তেওঁৰ জন্মদিন একাধিকবাৰ উদযাপন কৰে ৷ আজি দলৰ একাংশ নেতা কৰ্মীয়ে তেওঁৰ জন্মদিন উদযাপন কৰিছে ৷ দলীয় কৰ্মীসকলে অখিলেশ যাদৱ দেশৰ প্ৰধানমন্ত্ৰী হৈ জনসাধাৰণৰ সেৱা কৰিবলৈ প্ৰাৰ্থনা কৰিছে |"

অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টি I.N.D.I.A ব্লকৰ মিত্ৰ ৷ 2024 চনত লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গঠন কৰা 28 টা ৰাজনৈতিক দলৰ মিত্ৰতা I.N.D.I.A ব্লক ৷ অৱশ্যে মিত্ৰজোঁটে এতিয়ালৈকে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই ৷

লগতে পঢ়ক : Beautification of Gyanvapi : সম্ৰাজ্ঞী বাইজা বায়ে কৰিছিল জ্ঞানবাপীৰ সৌন্দৰ্যবৰ্ধন: জ্যোতিৰাদিত্য সিন্ধিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.