নিউজ ডেস্ক, ১৬ জুলাই : বিজেপিয়ে শনিবাৰে অভিযোগ কৰি কয় যে গুজৰাটত ২০০২ চনৰ সংঘৰ্ষৰ গোচৰত ৰাজ্যখনৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীক জড়িত কৰোৱাৰ "ষড়যন্ত্ৰ"ৰ আঁৰত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী প্ৰধান "চালিকা শক্তি" আছিল (BJP alleged Sonia Gandhi as driving force in 2002 riots) । এক সংবাদমেলত দলৰ মুখপাত্ৰ সম্বিত পাত্ৰই দাবী কৰে যে ছোনিয়া গান্ধীৰ ৰাজনৈতিক উপদেষ্টা আৰু এজন আগশাৰীৰ কংগ্ৰেছ নেতা প্ৰয়াত আহমদ পেটেল কেৱল এটা মাধ্যম, যাৰ জৰিয়তে তেওঁ ৰাজ্যখনৰ বিজেপি চৰকাৰক অস্থিৰ কৰি তুলিবলৈ আৰু প্ৰধানমন্ত্ৰী মোডীৰ ৰাজনৈতিক কেৰিয়াৰ ক্ষতিগ্ৰস্ত কৰিবলৈ কাম কৰিছিল (BJP alleged Sonia Gandhi conspiracy against Narendra Modi) ।
লগতে এই সন্দৰ্ভত ছোনিয়া গান্ধীয়ে এক সংবাদমেল সম্বোধন কৰা উচিত বুলিও তেওঁ দাবী কৰে । গুজৰাট আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী দলে (Gujarat police Special Investigation Team) গ্ৰেপ্তাৰ কৰা সমাজকৰ্মী তিস্তা চেটালৱাড়ৰ জামিন আবেদনৰ বিৰোধিতা কৰাৰ এদিন পিছত শাসকীয় দলটোৱে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লয় (SIT opposed activist Teesta Setalvads bail) । উল্লেখ্য, আদালতত দাখিল কৰা এক শপতনামাত দাবী কৰিছিল যে তেওঁ ২০০২ চনৰ সংঘৰ্ষৰ (2002 Gujrat riots) পিছত ৰাজ্য চৰকাৰক বৰ্খাস্ত কৰাৰ বাবে পেটেলৰ দ্বাৰা ৰচনা কৰা এক "বৃহত্তৰ ষড়যন্ত্ৰ"ৰ অংশ আছিল ।
আনহাতে, দিনটোৰ আৰম্ভণিতে পেটেলক সুৰক্ষা প্ৰদান কৰি কংগ্ৰেছে দাবী কৰে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ মোডী মুখ্যমন্ত্ৰী হৈ থকা সময়ত "সাম্প্ৰদায়িক হত্যাকাণ্ডৰ যিকোনো দায়িত্বৰ পৰা নিজকে মুক্ত কৰাৰ প্ৰণালীবদ্ধ ৰণনীতি"ৰ অংশ । "প্ৰধানমন্ত্ৰীৰ ৰাজনৈতিক প্ৰতিশোধ যন্ত্ৰই স্পষ্টভাৱে তেওঁৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলকো ৰেহাই নিদিয়ে । এই এছআইটিয়ে ইয়াৰ ৰাজনৈতিক গুৰুৰ সুৰত নাচি আছে আৰু য'তে বহিবলৈ কোৱা হয় তাতে বহিব ।" বিৰোধী দলটোৱে এক বিবৃতিত অভিযোগ কৰে ।
আনহাতে, ইয়াৰ প্ৰত্যুত্তৰ দি সম্বিত পাত্ৰই কংগ্ৰেছৰ (Sambit Patra press meet) এই অভিযোগ অবান্তৰ বুলি অভিহিত কৰে । লগতে তেওঁ ওলোটাই সোধে যে চেটালৱাড় আৰু আন অভিযুক্তসকলক তেওঁলোকৰ "অসৎ উদ্দেশ্য"ৰ বাবে সমালোচনা কৰি তেওঁলোকক কাঠগড়াত তুলিবলৈ আহ্বান জনাওঁতে উচ্চতম ন্যায়ালয়েও (Supreme Court of India) চাপত কাম কৰিছিল নেকি ? যাৰ ফলত গুজৰাট আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল ।
বিজেপি নেতাজনে লগতে কয় যে কংগ্ৰেছে বিভিন্ন ধৰণৰ অস্বীকাৰ সাজু কৰি ৰাখিছে আৰু তাৰিখ সলনি কৰি সেইবোৰ মুকলি কৰি দিয়া দেখা গৈছে । "আমি বিচাৰোঁ যে ছোনিয়া গান্ধীয়ে এখন সংবাদমেল অনুষ্ঠিত কৰক আৰু তেওঁ মোডীৰ বিৰুদ্ধে কিয় ষড়যন্ত্ৰ কৰিছে সেই বিষয়ত ৰাষ্ট্ৰক সম্বোধন কৰক ।" তেওঁ কয় যে তেওঁৰ সংবাদমেল পেটেলৰ ওপৰত আক্ৰমণ নহয়, কিয়নো তেওঁ কেৱল এটা মাধ্যম আছিল যাৰ জৰিয়তে গান্ধীয়ে কাম কৰিছিল । তেওঁ গুজৰাটক বদনাম কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু তেওঁৰ পুত্ৰ ৰাহুল গান্ধীক প্ৰচাৰলৈ আনিবলৈ আৰু বিজেপিক ক্ষতিগ্ৰস্ত কৰাৰ লক্ষ্যৰে মোডীক বদনাম কৰিছিল । পাত্ৰই লগতে এই দাবী কৰে । এছআইটি শপতনামাৰ উদ্ধৃতি দি তেওঁ দাবী কৰে যে পেটেলে ব্যক্তিগত ব্যৱহাৰৰ বাবে চেটালৱাড়ক 30 লাখ টকা দিছিল । "পেটেলে কেৱল টকাখিনিহে বিতৰণ কৰিছিল । ছোনিয়া গান্ধীয়ে সেয়া দিছিল ।" সম্বিত পাত্ৰৰ অভিযোগ ।
আনহাতে, পাত্ৰই উল্লেখ কৰে যে গুজৰাট সংঘৰ্ষৰ গোচৰ চলাই থকা চেটালৱাড়ক পদ্মশ্ৰী প্ৰদান কৰা হৈছিল আৰু কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ শাসনত থাকোঁতে ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদৰ সদস্যও কৰা হৈছিল । ছোনিয়া গান্ধী ইয়াৰ আঁৰত আছিল, কিয়নো তেওঁ তেওঁৰ কামত সুখী আছিল । পাত্ৰৰ অভিযোগ । "পেটেল মাত্ৰ এটা নাম । এই ষড়যন্ত্ৰৰ আঁৰৰ চালিকা শক্তি আছিল ছোনিয়া গান্ধী ।" সম্বিত পাত্ৰই দাবী কৰে । ইয়াৰ উপৰি চেটালৱাড়ক আক্ৰমণৰ লক্ষ্য কৰি লৈ পাত্ৰই গুজৰাট উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ উদ্ধৃতি দি কয় যে চেটালৱাড়ে সংঘৰ্ষপীড়িতসকলৰ বাবে ব্যক্তিগত ব্যৱহাৰৰ বাবে নিৰ্ধাৰিত পুঁজি অপব্যৱহাৰ কৰিছিল, যাৰ ভিতৰত আছে ৱাইন আৰু হলিডে ৰিজৰ্ট । সমগ্ৰ ঘটনাটোৰ সত্যতাই নিজকে প্ৰকাশ কৰিছে বুলি পাত্ৰই কয়, বিজেপিয়ে প্ৰতিশোধৰ সৈতে কাম নকৰে । কিন্তু ধৈৰ্যৰে কাম কৰে আৰু সাংবিধানিক প্ৰক্ৰিয়াত বিশ্বাস কৰে ।
লগতে পঢ়ক :Ahmed Patel Controversy: আহমেদ পেটেলক বলিৰ পঠা সজাই মোডীয়ে নিজকে দোষমুক্ত কৰিব বিচাৰে, কংগ্ৰেছ