ETV Bharat / bharat

Uttarakhand snow fall : পিথোৰাগড়ৰ মনোমোহা দৃশ্যই হাত বাউলি মাতিছে পৰ্যটকক - Pithoragarh Tourist Destination

পিথোৰাগড়ত বহুতো পৰ্যটনস্থলী (Pithoragarh Tourist Destination) আছে য'ত গোটেই বছৰটো পৰ্যটকৰ ভিৰ হয় । তাত জীৱনৰ ব্যস্ততাৰ পৰা আঁতৰত আপুনি প্ৰকৃতিৰ কোমল কোলাত এক আৰামদায়ক সময় অতিবাহিত কৰিব পাৰে । একে সময়তে জিলাখনৰ ধাৰচুলা তহচিলৰ দাৰ্মা উপত্যকাত (Pithoragarh Darma Valley Snowfall) চীন সীমান্তৰ ওচৰৰ অন্তিমটো আউট পোষ্ট অঞ্চলত ২ অক্টোবৰত চলিত ঋতুৰ তৃতীয়টো তুষাৰপাত হয় । যাৰ বাবে অঞ্চলটোৰ দৃশ্য চাবলীয়া হৈ পৰিছে ।

Uttarakhand
Uttarakhand
author img

By

Published : Oct 4, 2022, 12:02 PM IST

Updated : Oct 4, 2022, 12:44 PM IST

নিউজ ডেস্ক, ৪ অক্টোবৰ : প্ৰকৃতিপ্ৰেমী আৰু সৌন্দৰ্যপিয়াসী লোকে পাহাৰ, নদী, নিজৰা, তুষাৰপাত আদিৰ প্ৰতি অতি আগ্ৰহ দেখুৱায় । লগতে উক্ত অঞ্চলবোৰ ভ্ৰমণ কৰি অনাবিল আনন্দ উপভোগ কৰে । যদি আপুনিও তেনে মনৰ এগৰাকী ব্যক্তি, তেন্তে আমাৰ এই প্ৰতিবেদন আপোনাৰ বাবে হ'ব পাৰে নতুনত্ব সন্ধানৰ এক বিকল্প ।

উত্তৰাখণ্ডত এনে বহুতো ঠাই আছে য'ত পাতলীয়া বৰষুণতে তুষাৰপাত আৰম্ভ হয় । যাৰ বাবে তাত সৰগীয় দৃশ্য দেখিবলৈ পোৱা যায় । সাধাৰণতে বৰষুণ শেষ হোৱাৰ পিছত ৰাজ্যখনৰ উচ্চ হিমালয় অঞ্চলত তুষাৰপাত আৰম্ভ হয় (Snowfall in Uttarakhand) । এনে পৰিস্থিতিত সীমান্তৱৰ্তী জিলা পিথোৰাগড়ৰ পৰা একেধৰণৰ তুষাৰপাতৰ ভিডিঅ' পোহৰলৈ আহিছে । ভিডিঅ'টো প্ৰত্যক্ষ কৰাৰ পিছত হয়তো আপোনাৰ মনতো তালৈ যাবৰ বাবে আগ্ৰহ জন্মিব পাৰে ।

পিথোৰাগড় জিলা প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে জনাজাত । ইয়াত থকা প্ৰাকৃতিক জলপ্ৰপাতবোৰে প্ৰকৃতিৰ সৌন্দৰ্য বৃদ্ধি কৰে । জিলাখনৰ ধাৰচুলা তহচিলৰ দাৰ্মা উপত্যকাত চীন সীমান্তৰ ওচৰৰ অন্তিম আউট পোষ্ট এলেকাত ২ অক্টোবৰত চলিত ঋতুৰ তৃতীয়টো তুষাৰপাত ঘটে (Pithoragarh Darma Valley Snowfall) ।

পিথোৰাগড়ৰ মনোমোহা দৃশ্যই হাত বাউলি মাতিছে পৰ্যটকক

যাৰ বাবে তাত থকা পাহাৰবোৰ তুষাৰপাতৰ সৈতে ৰূপোৱালী হৈ উজলি আছে । ছবিবোৰৰ পৰা এনে লাগে যেন প্ৰকৃতিয়ে চাৰিওফালে এখন বগা চাদৰহে মেলি দিছে । পাহাৰৰ পৰা গছ-গছনিলৈকে সকলোবোৰ সম্পূৰ্ণৰূপে বৰফেৰে আবৃত । মিনি কাশ্মীৰ হিচাবে জনাজাত পিথোৰাগড়ৰ প্ৰাকৃতিক সৌন্দৰ্যৰ দৃশ্যই মন মুহি পেলায় (Uttarakhand Mini Kashmir) ।

পিথোড়গড়ত বহুতো পৰ্যটনস্থলী (Pithoragarh Tourist Destination) আছে য'ত গোটেই বছৰটোতে পৰ্যটকৰ ভিৰ হয় । তাত জীৱনৰ ব্যস্ততাৰ পৰা আঁতৰত, আপুনি প্ৰকৃতিৰ কোমল কোলাত এক আৰামদায়ক সময় অতিবাহিত কৰিব পাৰে । সীমান্ত জিলাৰ পিথোৰাগড়ৰ সৌন্দৰ্য কোনো ক্ষেত্ৰতে কম নহয় । তাত কাশ্মীৰৰ দৰে সেউজীয়া উপত্যকাবোৰৰ মনোমোহা পৰিৱেশ, হ্ৰদ আৰু ঠাণ্ডা বতাহে পৰ্যটকসকলক আকৰ্ষিত কৰে । মন কৰিবলগীয়া যে মিনি কাশ্মীৰ নামেৰে জনাজাত পিথোৰাগড় জিলাৰ বহুতো পাহাৰীয়া কেন্দ্ৰত তুষাৰপাতৰ আকৰ্ষণীয় দৃশ্য উপলব্ধ । উচ্চ হিমালয় অঞ্চলৰ বাবে তাত বহুতো পাহাৰীয়া ষ্টেচন বৰফেৰে আবৃত হৈ থাকে ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান(কাৰাগাৰ)ক হত্যা, সন্ত্ৰাসবাদী সংগঠন TRF ৰ হত্যাৰ দায়িত্ব স্বীকাৰ

Last Updated : Oct 4, 2022, 12:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.