ETV Bharat / bharat

DGCA has ordered a probe: বিমান বন্দৰত 35 গৰাকী যাত্ৰীক এৰি থৈ উৰা মাৰিলে বিমানে - DGCA orders probe

অমৃতসৰ বিমান বন্দৰত অঘটন ৷ বিমানৰ সময় সলনি হোৱাৰ কথা যাত্ৰীক অৱগত নকৰাৰ বাবেই বিমানবন্দৰত হুলস্থুলৰ সৃষ্টি হয় ৷ 35 গৰাকী যাত্ৰীক বিমান বন্দৰতে এৰি উৰা মাৰে স্কুট এয়াৰলাইনৰ এখন বিমানে (Leaving behind 35 passengers at Amritsar airport)৷

Singapore bound flight takes off from Amritsar airport without 35 passengers, DGCA orders probe
বিমান বন্দৰত 35 গৰাকী যাত্ৰীক এৰি থৈ উৰা মাৰিলে বিমানে
author img

By

Published : Jan 19, 2023, 4:30 PM IST

নেশ্যনেল ডেস্ক, 19 জানুৱাৰী: বিমানসেৱাত কালিকা লাগিছে ৷ দেশজুৰি প্ৰতিদিনেই ইখনৰ পিছত সিখন বিমানৰ অদ্ভুত কাণ্ড কাৰখানাই প্ৰিতিদিনেই বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ এইবাৰ যাত্ৰীক বিমান বন্দৰতে এৰি থৈ সময়তকৈ আগতে উৰা মাৰিলে বিমানে (Leaving behind 35 passengers at Amritsar airport)৷ এই ঘটনা সংঘটিত হৈছে অমৃতসৰ বিমানবন্দৰত ৷

ঘটনাৰ বিৱৰণী অনুসৰি অমৃতসৰ বিমানবন্দৰৰ পৰা বুধবাৰে সন্ধিয়া 7.55 বজাত প্ৰস্থান কৰিব লগা স্কুট এয়াৰলাইনৰ এখন বিমান প্ৰস্থানৰ সময়ৰ কেইঘণ্টামান আগতে আবেলি ৩ বজাত উৰা মাৰে ৷ ফলত বিমানবন্দৰত প্ৰায় 35 গৰাকী যাত্ৰী ৰৈ যাব লগা হয় (Flight took off leaving behind 35 passengers)৷ লগে লগে বিমান বন্দৰত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ খঙাল যাত্ৰীসকলে বিমানবন্দৰত উত্তেজিত পৰিৱেশ সৃষ্টি কৰাৰ লগতে বিমান বন্দৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

অৱশেষত যাত্ৰীসকলে বিমানবন্দৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰে ৷ বিমানবন্দৰ কৰ্তৃপক্ষই এয়াৰলাইনৰ বিষয়াসকলৰ সৈতে যোগাযোগ কৰাৰ পিছত যাত্ৰীসকলক ই-মেইলযোগে বিমানৰ সময় সলনি হোৱাৰ বিষয়ে অৱগত কৰে ৷

অমৃতসৰ বিমানবন্দৰৰ সঞ্চালকে এই ঘটনা সন্দৰ্ভত কয়, "বিমানখন প্ৰায় 280 জন যাত্ৰীৰ সৈতে ছিংগাপুৰলৈ যাত্ৰা কৰিব লাগিছিল ৷ কিন্তু 253 জন যাত্ৰীক পুনৰ নিৰ্ধাৰণ কৰা হৈছিল, যাৰ ফলত প্ৰায় 35 জনৰো অধিক যাত্ৰীক বিমানখনে এৰি থৈ গৈছিল । অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) (Directorate General of Civil Aviation )স্কুট এয়াৰলাইনক এই ঘটনাৰ আঁৰৰ কাৰণ বিচাৰি তদন্ত আৰম্ভ কৰে (DGCA has ordered a probe) ৷

ইয়াৰ প্ৰত্যুত্তৰত এয়াৰলাইনে জনোৱা অনুসৰি সকলো যাত্ৰীক ই-মেইলযোগে সময় পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰা হৈছিল যদিও 35 জন লোকৰ টিকট বুক কৰা ট্ৰেভেল এজেণ্টজনে তেওঁলোকক বিমানৰ সময়ৰ পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰা নাছিল ৷ ফলত এয়াৰলাইনে সময়মতে উপস্থিত হোৱা যাত্ৰীসকলক লৈ নতুনকৈ নিৰ্ধাৰিত সময় অনুসৰিয়েই উৰা মাৰিছিল ৷

ইফালে শেহতীয়াকৈ বাংগালুৰু বিমানবন্দৰৰ পৰাও একে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা হৈছে ৷ শেহতীয়াকৈ গ’ ফাৰ্ষ্ট দিল্লী অভিমুখী এখন বিমানে ইয়াৰ ৫৫ জন যাত্ৰীক এৰি উৰা মাৰিছিল ৷ তাৰ পিছতেই বিমানবন্দৰত যাত্ৰীসকলে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে ৷ তাৰ পিছতে এৰি থৈ যোৱা যাত্ৰীসকলক চাৰি ঘণ্টাৰ পিছত আন এখন বিমানেৰে গন্তব্যস্থানলৈ পঠিওৱা হৈছিল ৷

লগতে পঢ়ক: Mukaram Jah passed away : ৰাজ্যিক মৰ্যদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ল মুকাৰৰাম জাহৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.