নিউজ ডেস্ক, ২৩ নৱেম্বৰ: পঞ্জাৱৰ কাপুৰথালাৰ চুলতানপুৰ লোধিৰ ঐতিহাসিক গুৰদ্বাৰা শ্ৰী বেৰ চাহাবৰ সমীপত অৱস্থিত গুৰদ্বাৰা আকল বুংগাৰ (স্মৰণীয় বাবা নবাব কাপুৰ সিং জি কেণ্টনমেণ্ট নিহাং সিং তখত বুদ্ধ দল) বৃহস্পতিবাৰে আৰক্ষী আৰু নিহাং দলৰ মাজত সংঘৰ্ষ হয় । জানিব পৰা মতে দুয়োপক্ষৰ মাজত হোৱা গুলীচালনাৰ ফলত এজন আৰক্ষী কনিষ্টবলৰ মৃত্যু হোৱাৰ বিপৰীতে আন ২ জন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয় । আহতসকলক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় ।

আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ফোনযোগে জানিবলৈ দিয়া মতে, গুৰদ্বাৰৰ মালিকীস্বত্বক লৈ এই সংঘৰ্ষ সংঘটিত হয় ৷ চুলতানপুৰ লোধিৰ একাংশ নিহাঙৰ (পৰম্পৰাগত অস্ত্ৰৰে সজ্জিত শিখ) বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল ৷
কাপুৰথালাৰ আৰক্ষী অধীক্ষক তেজবীৰ সিং হুণ্ডালে জানিবলৈ দিয়া মতে, আৰক্ষীৰ দলটো পথৰ কাষত থিয় হৈ থকা সময়তে নিহাঙে তেওঁলোকলৈ লক্ষ্য কৰি গুলীচালনা কৰে । নিহাঙৰ গুলীচালনাত এজন কনিষ্টবল নিহত হোৱাৰ বিপৰীতে আন দুজন জোৱান গুৰুতৰভাৱে আহত হয় বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।
এই ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচতেই আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকল ততাতৈয়াকৈ উক্ত স্থানত উপস্থিত হোৱাৰ লগতে অঞ্চলটোত বৃহৎ সংখ্যক আৰক্ষী জোৱান মোতায়েন কৰা হয় বুলি তেওঁলোকে জানিবলৈ দিয়ে । ইফালে গুৰদ্বাৰ বেদখল কৰাৰ অভিযোগত আৰক্ষীয়ে নিহাং পন্থাৰ ১০ জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ ইয়াৰ লগতে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে । গুৰদ্বাৰাৰ চৌহদ মুকলি কৰিবলৈ যোৱাৰ সময়ত নিহাঙৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল ।
আৰক্ষীৰ এজন বিষয়াই জানিবলৈ দিয়া মতে, এতিয়াও প্ৰায় ৩০টা নিহাং গুৰদ্বাৰাৰ ভিতৰত আছে ।
লগতে পঢ়ক: পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগত মুম্বাইত গ্ৰেপ্তাৰ হোজাইৰ আমান চেলিম শ্বেইখ