ETV Bharat / bharat

Most punctual airport in World : শামশাবাদ বিশ্বৰ ভিতৰতে আটাইতকৈ সময়নিষ্ঠ বিমানবন্দৰ

author img

By

Published : May 12, 2023, 11:50 AM IST

বিশ্বৰ আটাইতকৈ সময়নিষ্ঠ বিমানবন্দৰৰ স্বীকৃতি লাভ শামশাবাদ বিমানবন্দৰৰ (Most punctual airport in World)। এভিয়েচন এনালিটিকেল ইনষ্টিটিউট 'চিৰিয়াম'ৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে ।

Most punctual airport in World
শামশাবাদ বিশ্বৰ ভিতৰতে আটাইতকৈ সময়নিষ্ঠ বিমানবন্দৰ

নেশ্যনেল ডেস্ক,১২ মে' : হায়দৰাবাদৰ শামশাবাদস্থিত ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লৈ বিশেষ স্বীকৃতি । বিশ্বৰ ভিতৰতে আটাইতকৈ সময়নিষ্ঠ বিমানবন্দৰ হিচাপে স্বীকৃতি দিয়া হৈছে শামশাবাদৰ বিমানবন্দৰক (Most punctual airport in World)। এভিয়েচন এনালিটিকেল ইনষ্টিটিউট 'চিৰিয়াম' (Aviation Analytical Institute Sirium report)ৰ দ্বাৰা প্ৰকাশিত শেহতীয়া প্ৰতিবেদন অনুসৰি শামশাবাদ বিমানবন্দৰে মাৰ্চত ৯০.৪৩ শতাংশ অন-টাইম প্ৰদৰ্শন (সময়নিষ্ঠতা) দেখুৱাইছে । সময়নিষ্ঠতা ৯০ শতাংশৰ সীমা অতিক্ৰম কৰা ই একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ।

বিমানবন্দৰৰ বিষয়াসকলে বুধবাৰে জনোৱা মতে বিমানবন্দৰটো যোৱা বছৰ নৱেম্বৰত সময়নিষ্ঠতা সূচকত ৮৮.৪৪ শতাংশৰ সৈতে চতুৰ্থ স্থানত আছিল (Shamshabad Airport received Most punctual award)। কিন্তু মাত্ৰ চাৰি মাহৰ ভিতৰতে ই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

চিৰিয়ামে মাৰ্চ মাহত বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৫০ লাখ বিমানৰ যাতায়তৰ ওপৰত বিশ্লেষণ কৰিছিল । এই বিশ্লেষণত সময়নিষ্ঠতাৰ সৈতে শামশাবাদ 'গ্লোবেল এয়াৰপৰ্ট' আৰু 'বৃহৎ বিমানবন্দৰ' শ্ৰেণীৰ শীৰ্ষস্থানত আছে (Shamshabad Airport recognition)। কোম্পানীটোৱে প্ৰকৃত প্ৰস্থান সময় (৮০ শতাংশ), যাত্ৰী বৰ্ডিঙৰ সময় আৰু বিমানবন্দৰ সেৱাৰ দৰে কাৰকবোৰৰ ওপৰত বিবেচনা কৰিছিল ।

বিমানবন্দৰৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰদীপ ফনিকাৰে কয় যে এই ৩ টা দিশত শামশাবাদ বিমানবন্দৰ সৰ্বশ্ৰেষ্ঠ (Rajiv Gandhi International Airport)। কোনো বাধা নোহোৱা ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ আৰু যাত্ৰীসকলে সময়মতে তেওঁলোকৰ গন্তব্য স্থানত উপনীত হোৱাটো নিশ্চিত কৰিবলৈ বিমানবন্দৰ কৰ্তৃপক্ষই চেষ্টা অব্যাহত ৰাখিছে । তেওঁ কয় যে সময়ে সময়ে নতুন প্ৰযুক্তিগত উদ্ভাৱন কাৰ্যকৰী কৰি কাৰ্য ক্ষমতা উন্নত কৰাও হৈছে ।

ইণ্টিগ্ৰেটেড চিষ্টেম, এক কেন্দ্ৰীভূত বিমানবন্দৰ সঞ্চালন নিয়ন্ত্ৰণ কেন্দ্ৰ, যাত্ৰীসকলৰ বাবে বিশেষ তথ্য প্ৰণালী, অতিৰিক্ত সামগ্ৰী নোহোৱা লোকসকলৰ বাবে সুৰক্ষা চেক-ইন প্ৰকাশ কৰা, চেল্ফ চেক-ইন, কিয়স্ক, ভিডিঅ' বিশ্লেষণ ইত্যাদিও বিশ্লেষণত অন্তৰ্ভুক্ত কৰা হৈছে । বিমানবন্দৰৰ বিষয়াসকলৰ মতে এই সকলোবোৰে তেওঁলোকে বঁটা পোৱাত অৰিহণা যোগাইছে ।

লগতে পঢ়ক :Nokia C22 Launched: AI কেমেৰা তথা তিনিদিনৰ বেটাৰী পাৱাৰৰ সৈতে আহিল Nokia C22

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.