ETV Bharat / bharat

SFJ letter to ULFA-I : স্বাধীন অসমৰ যুঁজত আলফাক সহায় কৰাৰ প্ৰতিশ্ৰুতি শিখছ ফৰ জাষ্টিচৰ ! - SFJ undertakes to support ULFA

অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰথমে খালিস্তানী সমৰ্থকৰ ভাবুকি (SFJ threatening Assam CM)। তাৰ পাচতে ভাবুকি প্ৰদান কৰা শিখছ ফৰ জাষ্টিচক উভতি ধৰিলে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই । পৰেশ বৰুৱাৰ সকীয়নিৰ পাচতে শিখছ ফৰ জাষ্টিচৰ বিবৃতি । এইবাৰ আলফাক আইনী আৰু লজিষ্টিক সহায়ৰ প্ৰতিশ্ৰুতিও দিলে শিখছ ফৰ জাষ্টিচে ।

SFJ letter to ULFA I
আলফাক সহায় কৰাৰ প্ৰতিশ্ৰুতি শিখছ ফৰ জাষ্টিচৰ
author img

By

Published : Apr 4, 2023, 9:09 PM IST

নেশ্যনেল ডেস্ক, ৪ মাৰ্চ : খালিস্তানী সমৰ্থক অসমলৈ অনাৰ পাছত বিভিন্ন মহলত প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে আলফা(স্বাঃ) আৰু শিখছ ফৰ জাষ্টিচৰ মাজত বিবৃতিৰ যুদ্ধ অব্যাহত আছে । পৰেশ বৰুৱাৰ সকীয়নিৰ উত্তৰ দি এইবাৰ আলফাক সকলো ধৰণে সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিলে শিখছ ফৰ জাষ্টিচ সংগঠনে ।

ধৃত খালিস্তানী সমৰ্থকক অসমৰ ডিব্ৰুগড় কাৰাগাৰলৈ স্থানান্তৰ কৰাৰ পাছৰে পৰা বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে (Khalistani in Assam Jail)। ইফালে এই সন্দৰ্ভত শিখছ ফৰ জাষ্টিচ নামৰ সংগঠনটোৱে অসমৰ মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰাৰ লগে লগে বিষয়টোৱে অধিক চৰ্চা লাভ কৰিছে । শেহতীয়াকৈ শিখছ ফৰ জাষ্টিচ নামৰ সংগঠনটোৱে অসমৰ মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰি কৈছিল যে, অসমত শিখসকলক বিভিন্ন ধৰণে অত্যাচাৰ চলোৱা হয় (SFJ threatening Assam CM)।

ডিব্ৰুগড় কাৰাগাৰত থকা খালিস্তানী সমৰ্থকসকলকো বিভিন্ন ধৰণে অত্যাচাৰ চলোৱা হৈছে বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰিছিল । লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আলফা(স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই এক বিবৃতি প্ৰকাশ কৰিছিল । বিবৃতিৰ জৰিয়তে আলফা(স্বাঃ)ৰ সেনাধ্যক্ষ অসম আৰু অসমীয়া সম্পৰ্কে ভুল ধাৰণা থকা বুলি শিখছ ফৰ জাষ্টিচক সকীয়াই দিছিল ।

মুখ্যমন্ত্ৰীলৈ খালিস্তানী নেতাৰ ভাবুকি দুৰ্ভাগ্যজনক বুলিও কৈছিল পৰেশ বৰুৱাই (ULFA reacts over SFJ threatening)। আনহাতে শিখসকলৰ বাবে অসমে কৰা বিভিন্ন পদক্ষেপৰো উদাহৰণ দাঙি ধৰিছিল পৰেশ বৰুৱাই । পৰেশ বৰুৱাৰ এই বিবৃতিৰ পাছতে শিখছ ফৰ জাষ্টিচ নামৰ সংগঠনটোৱে পুনৰ এবাৰ বিবৃতি প্ৰকাশ কৰিছে । এইবাৰ সংগঠনটোৱে আলফা(স্বাঃ)ক সকলো ফালৰ পৰা সহায় কৰাৰহে আশ্বাস প্ৰদান কৰিছে ।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত শিখসকলৰ সৈতে সদায় থিয় দিয়াৰ বাবে আৰু ১৯৮৪ চনৰ জুন মাহৰ পৰা ভাৰতত চলি থকা শিখসকলৰ ওপৰত ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত কৰা অত্যাচাৰৰ অংশ নোহোৱাৰ বাবে অসমবাসীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে সংগঠনটোৱে । ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰ আৰু আন্তৰ্জাতিক আইন অনুসৰি সকলো লোকৰ বাবে আত্ম-নিৰ্ণয়ৰ অধিকাৰত বিশ্বাস কৰে সংগঠনটোৱে । সংগঠনটোৰ মতে নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ চুক্তি (আইচিচিপিআৰ) আৰু অসমৰ মানুহেও এই অধিকাৰৰ বাবে সমানে যোগ্য ।

আন্তৰ্জাতিক আইনৰ অধীনত অসমবাসীৰ আত্মনিৰ্ধাৰণৰ অধিকাৰ আছে বুলি বিবেচনা কৰি, স্বাধীনতাৰ কাৰণে তেওঁলোকৰ প্ৰতিশ্ৰুতি আৰু ত্যাগক মূল্য দি আৰু আলফা(স্বাঃ)ৰ নিষ্ঠা, শক্তি, অনুশাসন, জনপ্ৰিয়তা আৰু সাংগঠনিক গঠনৰ হিচাপ ৰাখি সংগঠনটোৱে পৰামৰ্শ দিব বিচাৰে । খলিস্তান গণভোটৰ আৰ্হিত পৰেশ বৰুৱাই ভাৰতীয় অধিকৃত অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ হোৱাটো নিবিচাৰে নেকি বুলিও প্ৰশ্ন কৰে সংগঠনটোৱে ।

যদি আলফাই অসমৰ বাবে স্বাধীনতাৰ গণভোট আয়োজন কৰাৰ ঘোষণা কৰে তেনেহ'লে এছএফজেয়ে গণভোটক সমৰ্থন কৰিব বুলিও বিশেষ পত্ৰখনত উল্লেখ কৰা হৈছে (SFJ undertakes to support ULFA)। অসমৰ স্বাধীনতা গণভোট অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আলফাক সকলো আইনী আৰু লজিষ্টিক সহায় কৰিব বুলিও শিখছ ফৰ জাষ্টিচে অৱগত কৰে ।

লগতে পঢ়ক :ULFA I letter to Sikhs For Justice: মুখ্যমন্ত্ৰীলৈ খালিস্তানী সংগঠনৰ ভাবুকি; ‘শিখ ফ’ৰ জাষ্টিছ’লৈ পৰেশ বৰুৱাৰ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.