ETV Bharat / bharat

Accident on Ambala-Delhi highway : আম্বালা-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়াৱহ দুৰ্ঘটনাত ৫ জন নিহত - আম্বালাত বাছ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হ'ল ১২ জন যাত্ৰী

হাৰিয়ানাৰ আম্বালাৰ ৰাজপথত মৃত্যুৰ কিৰিলি । আম্বালা-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়াৱহ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ৫ জন যাত্ৰীৰ(5 killed in bus accident in Ambala) । গুৰুতৰভাৱে আহত হ'ল ১২ জন যাত্ৰী ।

Accident in Haryana's Ambala Delhi highway
আম্বালা-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়াৱহ দুৰ্ঘটনাত ৫ জন নিহত
author img

By

Published : Dec 27, 2021, 4:14 PM IST

নেশ্যনেল ডেস্ক, ২৭ ডিচেম্বৰ: সোমবাৰে পুৱা শোকাৱহ দুৰ্ঘটনা সংঘটিত হ'ল আম্বালা-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথত(Bus collision on Ambala-Delhi highway) । পুৱা এখন ব্যক্তিগত বিলাসী বাছে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে আন দুখন পৰ্যটকৰ বাছত । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই ভয়াৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫ জন যাত্ৰীয়ে(5 killed in road accident in Ambala) । আনহাতে, গুৰুতৰভাৱে আহত হয় আন ১২ জন যাত্ৰী ।

আহতসকলক ততাতৈয়াকৈ আম্বালা চহৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পুৱা দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনৰ বেছি সংখ্যক যাত্ৰীয়ে শুই আছিল । আৰক্ষীয়ে জনোৱা অনুসৰি, মৃত লোককেইজন হৈছে ঝাৰখণ্ডৰ বাসিন্দা ৰাহুল, উত্তৰ প্ৰদেশৰ প্ৰদীপ কুমাৰ, ছট্টিশগড়ৰ মেনা বাই আৰু ৰোহিত কুমাৰ । নিহত আন এজন যাত্ৰীৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই ।

দুৰ্ঘটনাৰ ফলত দুখন বাছ অধিক ক্ষতিগ্ৰস্ত হয় । লগতে ক্ৰেনৰ সহায়ত দুৰ্ঘটনাগ্ৰস্ত বাছ দুখন ৰাজপথৰ পৰা আঁতৰাবলগীয়া হয় । আৰক্ষীয়ে জনাইছে যে, দুৰ্ঘটনাৰে জড়িত তিনিওখন বাছ ব্যক্তিগত বাহন ।

জম্মুৰ দিশৰ পৰা দিল্লী অভিমুখে যোৱা বাছখনে একে পথেৰে যোৱা আন বাহনক অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰখাই থোৱা বাছ দুখনত খুন্দিয়ায় । আনহাতে, দুৰ্ঘটনাৰ পাচতে যাত্ৰীবাহী বাছখনৰ চালকজনে পলায়ন কৰে । চালকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

লগতে পঢ়ক:Bangladeshi fishermen rescued : পাৰাদ্বীপৰ পৰা ২০ জন বাংলাদেশী মাছমৰীয়াক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.