ETV Bharat / bharat

মিজোৰামত চাৰ্ছিপ বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ

author img

By

Published : Apr 17, 2021, 7:53 AM IST

17 এপ্ৰিল অৰ্থাৎ শনিবাৰে মিজোৰামত অনুষ্ঠিত হৈছে চাৰ্ছিপ বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচন ৷ চাৰ্ছিপ বিধান সভাৰ নিৰ্বাচনত পাঁচটা ৰাজনৈতিক দলৰ পাঁচজন প্ৰাৰ্থী আৰু এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ শনিবাৰে "চাবাথ" হিচাপে পালন কৰা সপ্তম দিনৰ এডভেণ্টিষ্ট গীৰ্জাৰ পৰিপ্ৰেক্ষিতত আৰু ক’ভিড মহামাৰীৰ বাবে নিৰ্বাচনী পেনেলৰ ভোটদান সন্ধিয়া 7 বজালৈ বৃদ্ধি কৰা হয় ৷

17 এপ্ৰিলত অনুষ্ঠিত হ’ব চাৰ্ছিপ বিধান সভাৰ নিৰ্বাচন

মিজোৰাম, 17 এপ্ৰিল: শনিবাৰে মিজোৰামত অনুষ্ঠিত হৈছে চাৰ্ছিপ বিধান সভা আসনৰ বাবে উপ-নিৰ্বাচন ৷ নিৰ্বাচন আয়োগে ক’ভিড মহামাৰী আৰু খ্ৰীষ্টানসকলৰ এটা অংশৰ বন্ধৰ বাবে ভোটদানৰ সময় দুঘণ্টা বৃদ্ধি কৰিছে । চাৰ্ছিপ বিধান সভাৰ নিৰ্বাচনত পাঁচটা ৰাজনৈতিক দলৰ পাঁচজন প্ৰাৰ্থী আৰু এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ এই নিৰ্বাচনী যুঁজখনত তিনিজন প্ৰাৰ্থীৰ প্ৰথমজন মিজো নেচনেল ফ্ৰণ্টৰ (এমএনএফ) প্ৰাৰ্থী ভানলালজৱামা, দ্বিতীয়জন প্ৰাৰ্থী মুখ্য বিৰোধী জোৰাম পিপলছ মুভমেণ্ট (জেডপিএম)ৰ লালদুহোমা আৰু তৃতীয়তে কংগ্ৰেছৰ পি.চি. লাল্টলানচাংগাৰ মাজত হোৱাৰ সম্ভাৱনা আছে । লালহৰিয়াট্ৰেংগা চাংটে ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়ায় ৷

উল্লেখ্য যে, শনিবাৰে গীৰ্জাৰ "চাবাথ" হিচাপে পালন কৰা সপ্তম দিনৰ এডভেণ্টিষ্টৰ পৰিপ্ৰেক্ষিতত আৰু ক’ভিড মহামাৰীৰ বাবে নিৰ্বাচন আয়োগে ভোটদানৰ সময় সন্ধিয়া 7 বজালৈ বৃদ্ধি কৰিছে ৷ আনহাতে নিৰ্বাচন আয়োগে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰে । চাৰ্ছিপ বিধান সভা নিৰ্বাচনত 10,278 গৰাকী মহিলা ভোটাৰকে ধৰি 19,433 জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷

লগতে পঢ়ক: বিমান বন্দৰত উপস্থিত এআইইউডিএফৰ 20 গৰাকীকৈ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.