ETV Bharat / bharat

'বিজেপিয়ে ক্ৰীড়াক ৰাজনীতিকৰণ কৰিছে'-সঞ্জয় ৰাউত

আহমেদাবাদত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ফাইনেল চলি আছে । সমান্তৰালকৈ ৰাজনৈতিক ক্ষেত্ৰত ব্যাপক সমালোচনা চলিছে । বিজেপিয়ে ক্ৰীড়াক ৰাজনীতিকৰণ কৰাৰ অভিযোগ বিৰোধীৰ ।

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 5:40 PM IST

Sanjay Raut accuses BJP of playing politics over sports
বিজেপিয়ে ক্ৰীড়াক ৰাজনীতিকৰণ কৰিছে

নেশ্যনেল ডেস্ক,১৯ নৱেম্বৰ : আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ফাইনেল খেলখনৰ ওপৰত আজি বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে । অৱশ্যে এই খেলখনৰ সমান্তৰালকৈ এখন ৰাজনৈতিক খেলো অব্যাহত আছে । শিৱসেনাৰ উদ্ধৱ বালাচাহেব ঠাকৰে গোটৰ নেতা তথা সাংসদ সঞ্জয় ৰাউতে বিশ্বকাপৰ চূড়ান্ত খেলখনক লৈ বিজেপিক তীব্ৰ সমালোচনা কৰিছে ।

সাংসদ সঞ্জয় ৰাউতে অভিযোগ কৰা মতে এতিয়া ভাৰতত সকলোবোৰক ৰাজনৈতিক অনুষ্ঠানলৈ পৰিণত কৰা কৰা হৈছে । যেতিয়াৰ পৰা নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহিছে, কোনো লোকৰ মৃত্যু হ'লেও, তেওঁলোকে ইয়াক এক ৰাজনৈতিক অনুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰে । ক্ৰিকেট খেলখনকো বিজেপিয়ে ৰাজনৈতিক অনুষ্ঠানলৈ পৰিণত কৰাৰ অভিযোগ কৰে ৰাউতে । যদি ভাৰতীয় দলটোৱে ফাইনেলত জয়ী হয়, মোদীৰ বাবেই তেওঁলোকে মেচখন জয়ী হোৱা বুলি ক'ব । বিজেপিয়ে প্ৰচাৰ আৰম্ভ কৰিব যে অমিত শ্বাহে উইকেটৰ পিছফালে থিয় হৈ নিৰ্দেশনা দিছিল । সঞ্জয় ৰাউতে সংবাদমেলত তীব্ৰ সমালোচনা কৰি কয় যে কালিলৈ ই ক্ৰীড়া আছিল কিন্তু এতিয়া ইয়াক ৰাজনৈতিক অনুষ্ঠানলৈ ৰূপান্তৰিত কৰা হৈছে ।

সঞ্জয় ৰাউতৰ মতে পূৰ্বে ক্ৰিকেটৰ বাবে মুম্বাই চহৰক বিশেষভাৱে জনা গৈছিল । মুম্বাই, দিল্লী বা পশ্চিমবংগৰ ইডেন গাৰ্ডেন খেলপথাৰত এনে ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । কিন্তু এতিয়া গোটেই ক্ৰিকেট মুম্বাইৰ পৰা আহমেদাবাদলৈ স্থানান্তৰিত কৰা হৈছে বুলি ৰাউতে অভিযোগ কৰে । কিয়নো বিজেপিয়ে ক্ৰিকেটকো ৰাজনীতিলৈ নিব বিচাৰে । ৰাউতৰ মতে বিজেপিয়ে ক্ৰীড়াক ৰাজনীতিকৰণ কৰা হৈছে ।

একেদৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও বিজেপিক সমালোচনা কৰি কয় যে বিজেপিয়ে ক্ৰীড়াত ৰাজনীতি আনিছে । তেওঁ কয় যে এতিয়া সকলো গেৰুৱা হৈ পৰিছে । মুখ্যমন্ত্ৰীগৰাকী ভাৰতীয় খেলুৱৈসকলক লৈ গৌৰৱান্বিত । তেওঁ বিশ্বাস কৰিছে যে খেলুৱৈসকলে বিশ্বকাপত জয়ী হ'ব । মমতা বেনাৰ্জীৰ মতে যেতিয়া ভাৰতীয় দলৰ খেলুৱৈসকলে অনুশীলন কৰে, তেওঁলোকে গেৰুৱা পোছাক পৰিধান কৰে । পূৰ্বে তেওঁলোকে নীলা পোছাক পৰিধান কৰিছিল । মমতা বেনাৰ্জীৰ মতে বিজেপিয়ে মেট্ৰ' ষ্টেচনসমূহতো গেৰুৱা ৰং দিছে ।

লগতে পঢ়ক :টছত জয়ী অষ্ট্ৰেলিয়া, দুয়োটা দলৰে প্লেয়িং একাদশত নাই কোনো পৰিৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.