ETV Bharat / bharat

ৰাম মন্দিৰ কেলেংকাৰী: দুৰ্নীতিৰ অভিযোগ উত্থাপনকাৰীক বৰঙণি ঘূৰাই লোৱাৰ আহ্বান - sakshi maharaj on ram mandir

ৰাম মন্দিৰ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপনকাৰীসকললৈ ৰচিদ প্ৰদৰ্শন কৰি দান ঘূৰাই লোৱাৰ আহ্বান সাক্ষী মহাৰাজৰ ৷ ভাৰতীয় জনতা পাৰ্টী(BJP)ৰ সাংসদগৰাকীৰ অভিযোগ, মন্দিৰ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাসকলে অতীতত ৰাম ভক্তসকলৰ ওপৰত গুলীচালনা কৰিছিল ৷

sakshi maharaj on ram mandir
ৰাম মন্দিৰ কেলেংকাৰী
author img

By

Published : Jun 17, 2021, 1:45 PM IST

Updated : Jun 17, 2021, 2:28 PM IST

নেচনেল ডেস্ক, 17 জুন : ৰাম মন্দিৰ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাসকলৰ ৰচিদ প্ৰদৰ্শন কৰি অনুদান ঘূৰাই লোৱাৰ আহ্বান ভাৰতীয় জনতা পাৰ্টী(BJP) ৰ সাংসদ সাক্ষী মহাৰাজৰ ৷ বিজেপিৰ সাংসদগৰাকীয়ে সাংবাদিকৰ সন্মুখত কয় যে, ৰাম মন্দিৰ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাসকলৰ ভিতৰত কোনোৱে যদি মন্দিৰ নিৰ্মাণৰ বাবে কিবা অনুদান দিছিল, সেইসকলে নিজৰ ৰচিদ প্ৰদৰ্শন কৰি তেওঁলোকৰ অনুদান ঘূৰাই ল'ব পাৰে ৷ বুধবাৰে সাংবাদিকসকলক এইবুলিও কয় যে, যিসকল নেতাই বৰ্তমান অভিযোগ উত্থাপন কৰি আহিছে, অতীতত সেইসকলে ৰাম ভক্তসকলৰ ওপৰত গুলীচালনা কৰিছিল ৷

সাক্ষীয়ে কয় যে, "তেওঁলোকে কৈছিল যে, বাবৰি মছজিদৰ আশে-পাশে এটা চৰাইকো অনুমতি নিদিয়ে ৷ তেওঁলোকক উপযুক্ত উত্তৰ দিয়া হৈছে আৰু ৰামৰ জন্মভূমিত অতি শীঘ্ৰে এটা সুন্দৰ মন্দিৰ দেখিবলৈ পোৱা যাব ৷ ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ বাহিৰে এনে লোকসকলৰ অন্য কোনো কৰিবলগীয়া নাই"- চম্পত ৰায়ৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি সাক্ষী মহাৰাজে কয় যে, তেওঁ গোটেই জীৱন ভগৱান ৰামৰ নামত উচৰ্গা কৰিছে ৷

চম্পত ৰায়ৰ দৰে ব্যক্তিক দোষাৰোপ কৰাটো অৰ্থহীন বুলি মন্তব্য কৰি বিজেপিৰ সাংসদগৰাকীয়ে লগতে এইবুলিও কয় যে, সঞ্জয় সিঙে যদি ৰাম মন্দিৰৰ বাবে কিবা দান কৰিছে, তেন্তে তেওঁ ৰচিদ প্ৰদৰ্শন কৰি তেওঁৰ দান ঘূৰাই ল'ব পাৰে ৷ অখিলেশ যাদৱে যদি কিবা দান কৰিছে, তেওঁ আমাক ৰচিদ দেখুৱাই তেওঁৰ দান ঘূৰাই ল'ব পাৰে ৷ এইসকল লোকেই ৰাম মন্দিৰৰ তীব্ৰ বিৰোধিতা কৰিছিল বুলিও সাংসদগৰাকীয়ে অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক: শিৱসেনাৰ সাত সদস্যৰ বিৰুদ্ধে এজাহাৰ

Last Updated : Jun 17, 2021, 2:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.