ETV Bharat / bharat

ভাৰতক মিগ-২৯ যুঁজাৰু বিমান হস্তান্তৰৰ যো-জা চলাইছে ৰাছিয়াই

author img

By

Published : Jul 21, 2021, 12:35 PM IST

ৰাছিয়াই ২১ খন মিগ-২৯ যুঁজাৰু বিমান প্ৰদান কৰাৰ বাবে ভাৰতক এক বাণিজ্যিক প্ৰস্তাৱ (Commercial offer) প্ৰদান কৰিছে ।

Russia hands over commercial offer
ভাৰতক মিগ ২৯ যুঁজাৰু বিমান হস্তান্তৰৰ যো জা চলাইছে ৰাছিয়াই

নেশ্যনেল ডেস্ক, ২১ জুলাই : এখনৰ পিছত আনখন নতুন যুঁজাৰু বিমান সংযোজন হৈছে ভাৰতীয় বায়ু সেনাত (Indian Air Force) । অতি শীঘ্ৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ২১ খন মিগ-২৯ (Mig 29) যুঁজাৰু বিমান । দীৰ্ঘদিন ধৰি জল্পনা কল্পনা চলি থকাৰ মাজতে ৰাছিয়া চৰকাৰৰ এক বিশেষ ঘোষণা ।

ৰাছিয়াৰ ফেডাৰেল চাৰ্ভিচ ফৰ মিলিটাৰী-টেকনিকেল কো-অপাৰেচনৰ এগৰাকী মুখপাত্ৰই মঙলবাৰে কোৱা মতে ৰাছিয়াই ২১ খন মিগ-২৯ যুঁজাৰু প্ৰদান কৰাৰ বাবে ভাৰতক এক বাণিজ্যিক প্ৰস্তাৱ (Commercial offer) প্ৰদান কৰিছে । উল্লেখ্য যে ভাৰতীয় বায়ু সেনাৰ কৰ্মচাৰীসকলে ২০২১ চনত ২১ খন বিমান যোগানৰ বাবে নিবিদা লাভ কৰিছিল । ৰাছিয়াৰ পক্ষই ভাৰতীয় অংশীদাৰসকলক বাণিজ্যিক প্ৰস্তাৱটো স্থানান্তৰ কৰিছে যিটো এতিয়া গ্ৰাহকে বিবেচনা কৰিব ।

মুখপাত্ৰ ভেলেৰিয়া ৰেশ্বেটনিকোভাৰে এমএকেএছ-২০২১ আন্তঃৰাষ্ট্ৰীয় এৰোস্পেচ শ্ব'ৰ সময়ত এই কথা উল্লেখ কৰে । উল্লেখ্য যে, এই আন্তঃৰাষ্ট্ৰীয় এৰোস্পেচ শ্ব' ২০ ৰ পৰা ২৫ জুলাইলৈ মস্কোত অনুষ্ঠিত হৈছে । ইফালে ভাৰতীয় বায়ু সেনাই মিগ-২৯ ৰ এয়াৰফ্ৰেম পৰীক্ষা কৰিবলৈ এক অধ্যয়ন চলাইছে ।

ইতিমধ্যে যুদ্ধৰ পৰিসৰত শত্ৰু পক্ষৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈ আহিছে মিগ-২৯ যুঁজাৰু বিমান । বিশ্বজুৰি প্ৰশংসিত এই যুঁজাৰু বিমান । যুদ্ধ ক্ষেত্ৰত তীব্ৰ গতিবেগ আৰু তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ বাবে জানাজাত এই মিগ-২৯ যুঁজাৰু বিমান । ৰাফেলৰ পাছত ৰাছিয়াৰ এই ২১ খন মিগ-২৯ৰ অন্তৰ্ভুক্তিয়ে ভাৰতীয় বায়ু সেনাক আৰু অধিক শক্তিশালী কৰাৰ লগতে শত্ৰু পক্ষৰ বাবে তীব্ৰ উদ্বেগৰ কাৰণ হ'ব বুলিও বিশ্বাস কৰা হৈছে ।

লগতে পঢ়ক : নৱজ্যোৎ সিং সিদ্ধুক ক'লা পতাকা প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.