ETV Bharat / bharat

নতুন শিক্ষা নীতি : আলোচনাত মিলিত RSS, বিজেপি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী - ভাৰতীয় শিক্ষা সংস্কৃতি উত্থান ন্যাস

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি(New National Education Policy) সন্দৰ্ভত আলোচনা কৰিলে আৰ এছ এছ(RSS)ৰ নেতা, বিজেপি(BJP) নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে । যোৱা ১৯ আৰু ২০ অক্টোবৰত অনুষ্ঠিত আৰ এছ এছ আৰু বিজেপিৰ সমন্বয় বৈঠকত নতুন শিক্ষা নীতিৰ বিষয়ে আলোচনা কৰে ।

Discussions on new education policy
নতুন শিক্ষা নীতি সন্দৰ্ভত আলোচনা আৰ এছ এছৰ নেতা, বিজেপি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ
author img

By

Published : Oct 21, 2021, 12:44 PM IST

নেশ্যনেল ডেস্ক, ২১ অক্টোবৰ : বুধবাৰে অন্ত পৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে(Akhil Bharatiya Vidyarthi Parishad) আয়োজন কৰা আৰ এছ এছ(RSS) আৰু বিজেপি(BJP)ৰ সমন্বয় বৈঠক । এই দুদিনীয়া বৈঠকত আৰ এছ এছ, বিজেপি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত আলোচনা কৰে ।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যুটীয়া সাধাৰণ সম্পাদক কৃষ্ণ গোপাল(Krishna Gopal) আৰু অৰুণ কুমাৰে(Arun Kumar) এই বৈঠকত অংশ লয় । লগতে আৰ এছ এছৰ প্ৰচাৰ শাখাৰ মুৰব্বী সুনীল আম্বেদকাৰ আৰু আন কেইবাজনো নেতাই অংশ লয় ।

ইয়াৰ উপৰিও আৰ এছ এছৰ সহযোগী অনুষ্ঠান যেনে, বিদ্যা ভাৰতী, ভাৰতীয় শিক্ষা সংস্কৃতি উত্থান ন্যাস, ভাৰতীয় শিক্ষা মণ্ডল আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আদিৰ নেতাসকলেও বৈঠকত উপস্থিত থাকে । ইফালে, দলৰ সমন্বয়ক ভি সতীশ, সাধাৰণ সম্পাদক চিটি ৰবি আৰু যুটীয়া সাধাৰণ সম্পাদক (সংগঠন) শিৱপ্ৰকাশে গেৰুৱা দলটোক প্ৰতিনিধিত্ব কৰে ।

এই বৈঠকতে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত বিশেষকৈ শিক্ষাৰ্থীৰ দিশৰ পৰা এই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় । এই বৈঠকখনত কেইবাগৰাকীও শিক্ষাবিদো উপস্থিত আছিল বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে ।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, কেবিনেটত তেওঁৰ সহকৰ্মী ৰাজীৱ চন্দ্ৰশেখৰ আৰু জীতেন্দ্ৰ সিঙেও বৈঠকত অংশ লয় । দক্ষতা বিকাশ আৰু ইউ পি এছ চি পৰীক্ষা সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় ।

লগতে পঢ়ক: দাৰ্জিলিং-ছিকিমত ভূমিস্খলন : গৃহৰক্ষীৰ জোৱান সন্ধানহীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.