নিউজ ডেস্ক, ১৩ নৱেম্বৰ : দীপাৱলীৰ আনন্দ-উৎসৱৰ মাজতে ৰাজস্থানত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা । ৰাজস্থানৰ বাৰমেৰ জিলাত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো । ঘটনাৰ বিৱৰণী মতে, মহাৰাষ্ট্ৰৰ এটা পৰিয়ালে দীপাৱলী উপলক্ষে ৰাজস্থানৰ জয়ছেলমেৰলৈ ফুৰিবলৈ গৈ আছিল । তেনে সময়তে বাৰমেৰ জিলাত এখন ট্ৰেইলাৰৰ সৈতে তেওঁলোকৰ গাড়ীখনৰ মাজত তীব্ৰ সংঘৰ্ষ হয় ।
এই ঘটনাৰ ফলত গাড়ীখনত থকা স্বামী-স্ত্ৰী আৰু তিনিটা সন্তানৰ অতি কৰুণভাৱে মৃত্যু হয় । দুৰ্ঘটনাটো ইমানেই গুৰুতৰ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে চেপেটা হৈ পৰে । ইফালে এই দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় । ধোৰিমান্না আৰক্ষী থানাৰ বিষয়া সুখৰাম বিষ্ণইৰ মতে, সোমবাৰে বিয়লি প্ৰায় ৪ বজাত ৬৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চুৰাট কি বেৰীৰ ওচৰত ট্ৰেইলাৰ আৰু গাড়ীখনৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয় । এই ঘটনাত একেটা পৰিয়ালৰে পাঁচজন সদস্য নিহত হয় । আনহাতে, আন এজন গুৰুতৰভাৱে আহত হয় । তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
আৰক্ষীয়ে জনোৱা অনুসৰি, মহাৰাষ্ট্ৰৰ বাসিন্দা পৰিয়ালটোৱে এখন গাড়ীত জয়ছেলমেৰলৈ ফুৰিবলৈ গৈ আছিল । তেনে সময়তে সংঘটিত দুৰ্ঘটনাত গাড়ীখনত থকা তিনিটা সন্তানসহ স্বামী আৰু পত্নী নিহত হয় । মৃতসকলক মহাৰাষ্ট্ৰৰ ভলগাঁও নিবাসী নাগৰাজৰ পুত্ৰ ধনৰাজ (৪৫), ধনৰাজৰ কন্যা স্বৰাঞ্জলি (৫), যোগেশৰ পুত্ৰ প্ৰশান্ত (৫), যোগেশৰ কন্যা ভাগ্যলক্ষ্মী (১) যোগেশৰ কন্যা গায়ত্ৰী (২৬) বুলি চিনাক্ত কৰা হৈছে ।
আনহাতে, গুৰুতৰভাৱে আহত ধনৰাজৰ পুত্ৰ সোনভাৰোক (৪০) চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰিছে আৰু পৰৱৰ্তী পদক্ষেপ আৰম্ভ কৰিছে ।
লগতে পঢ়ক :5 Children Died in Bihar : বিহাৰত পুখুৰীত পৰি ৫ শিশুৰ কৰুণ মৃত্যু