ETV Bharat / bharat

Sikkim flash floods: ছিকিমত বানত নিহতৰ সংখ্যা 54 লৈ বৃদ্ধি; সন্ধানহীন 142 জন - অব্যাহত প্ৰকৃতিৰ তাণ্ডৱলীলা

ছিকিমৰ বানত নিৰুদ্দেশ হোৱা বাকী 14 জন জোৱান আৰু অন্যান্য সাধাৰণ নাগৰিকৰ উদ্ধাৰৰ বাবে অনুসন্ধান আৰু উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে বুলি সেনাই এক বিবৃতিযোগে জনায় । প্ৰাকৃতিক দুৰ্যোগৰ ফলত ভাৰতীয় সেনাৰ 8 জন জোৱানৰ আকস্মিক মৃত্যুত সেনাই শোক প্ৰকাশ কৰিছে ।

Sikkim flash floods
ছিকিমত অব্যাহত সেনাৰ অনুসন্ধান অভিযান
author img

By ANI

Published : Oct 8, 2023, 1:45 PM IST

Updated : Oct 8, 2023, 2:17 PM IST

নেশ্যনেল ডেস্ক, 8 অক্টেবৰ: ছিকিমত অব্যাহত প্ৰকৃতিৰ তাণ্ডৱলীলা ৷ শনিবাৰে ভাৰতীয় সেনাই জনোৱা মতে, শেহতীয়াকৈ ছিকিমৰ বানত নিৰুদ্দেশ হোৱা বাকী 14 জন জোৱান আৰু অন্যান্য সাধাৰণ নাগৰিকৰ উদ্ধাৰৰ বাবে অনুসন্ধান আৰু উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে ।

সেনাই এক বিবৃতিযোগে কয় যে ছিকিমত হিমবাহৰ বিস্ফোৰণৰ পৰা উদ্ভৱ হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ফলত ভাৰতীয় সেনাৰ 8 জন জোৱানৰ আকস্মিক মৃত্যুত সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে আৰু ভাৰতীয় সেনাই শোক প্ৰকাশ কৰিছে ।

বিবৃতিটোত সেনাই কয়, "আমি এই শোকৰ সময়ত শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে দৃঢ়তাৰে থিয় দিছো । এই মৰ্মান্তিক ঘটনাত প্ৰাণ হেৰুৱাইছে 8 জনকৈ সৰ্বসাধাৰণ লোকে ৷ আটাইৰে মৃত্যুত চি অ' এ এছ আৰু সকলো পদবীৰ ভাৰতীয় সেনাই শোক প্ৰকাশ কৰিছে ।"

বিবৃতিটোত আৰু কোৱা হৈছে যে আন 14 জন নিৰুদ্দিষ্ট সৈনিক আৰু অন্যান্য সাধাৰণ নাগৰিকক উদ্ধাৰৰ বাবে অনুসন্ধান আৰু উদ্ধাৰ প্ৰচেষ্টা অব্যাহত আছে । লগতে বিবৃতিটোত কোৱা হৈছে যে এই দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত স্থানীয় জনসাধাৰণক সুৰক্ষা, সকাহ আৰু সহায় প্ৰদানৰ দিশত ভাৰতীয় সেনাৰ প্ৰচেষ্টা অব্যাহত থাকিব । জীৱন আৰু সামগ্ৰীৰ অপূৰণীয় ক্ষতিৰ পিছতো ভাৰতীয় সেনাই সকলো আকস্মিক পৰিস্থিতিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু সাজু হৈ আছে ।"

ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ প্ৰতিবেদন অনুসৰি বানত 8 জন সেনা জোৱানকে ধৰি মৃত্যু হোৱা লোকৰ সংখ্যা 54 জনলৈ বৃদ্ধি পাইছে ৷ আনহাতে এতিয়াও 142 জন লোক নিৰুদ্দেশ হৈ আছে । লগতে, 2413 জন লোকক উদ্ধাৰ কৰা হৈছে আৰু 1203 টা ঘৰৰ ক্ষতিসাধন হৈছে ।

ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে শনিবাৰে কয় যে ৰাজ্যখনৰ মংগন জিলাৰ চুংথাঙত 1200 মেগাৱাট শক্তিৰ মথাউৰি ভাঙি যোৱাৰ পিছতে ৰাজ্যখনত সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ । মুখ্যমন্ত্ৰীয়ে মংগনৰ নগা গাঁৱৰ বানাক্ৰান্ত অঞ্চল আৰু সাহায্য শিবিৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় আৰু তাত থকা লোকসকলৰ সৈতে মত বিনিময় কৰে ।

ছিকিম চৰকাৰে ছিংটাম, ৰংপো, ডিকচু আৰু আদৰ্শ গাওঁত 18 টা সাহায্য শিবিৰ স্থাপন কৰিছে । চুংথাঙৰ সৈতে সংযোগৰ অভাৱত ভাৰতীয় সেনা আৰু অন্যান্য অৰ্ধসামৰিক বাহিনীয়ে তাত সাহায্য শিবিৰ স্থাপন কৰিছে ।

লগতে পঢ়ক: Earthquake in Afghanistan: আফগানিস্তানত ভূমিকম্পত ৩২০ জন লোকৰ মৃত্যু, বহু সহস্ৰাধিক

Last Updated : Oct 8, 2023, 2:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.